1অৱশ্যেই ঈশ্বৰ ইস্ৰায়েললৈ মঙ্গলজনক;
2কিন্তু মোৰ ভৰি হ’লে প্ৰায় পিছল খাইছিল;
3তেতিয়া অহংকাৰী লোকলৈ মোৰ অসূয়া জন্মিছিল;
4কাৰণ তেওঁলোকে মৃত্যুৰ যন্ত্ৰণা নাপায়;
5তেওঁলোকে আন মানুহে দুখ পোৱাৰ দৰে দুখ নাপায়;
6এই কাৰণে অহংকাৰ তেওঁলোকৰ দিঙিৰ হাৰ স্বৰূপ;
7তেওঁলোকৰ মনৰ অন্ধকাৰ পাপ হৈ বাহিৰ হয়;
8তেওঁলোকে মহা বিদ্ৰূপেৰে দুষ্টতাৰ কথা কয়;
9তেওঁলোকে স্বর্গৰ বিৰুদ্ধে কথা কয়;
10এই কাৰণে ঈশ্বৰৰ সন্তান সকল তেওঁলোকৰ ফালে ঘূৰি যায়;
11তেওঁলোকে কয়, “ঈশ্বৰে কেনেকৈ জানিব?
12চোৱা, তেওঁলোক দুষ্ট;
13“মই যে পাপ নকৰাকৈ নিজকে শুচি কৰি ৰাখিলোঁ;
14মই ওৰে দিনটো আঘাতিত হলোঁ;
15যদি মই এনেকুৱা কথাবোৰ কলোহেঁতেন,
16এই সমস্যাৰ বিষয়ে বুজিবলৈ মই বৰ চেষ্টা কৰিছিলোঁ;
17যেতিয়া মই ঈশ্বৰৰ মন্দিৰলৈ গলো,
18সঁচাকৈ তুমি তেওঁলোকক পিছল খোৱা ঠাইত থৈছা;
19তেওঁলোক কেনেকৈ নিমিষতে মৰুভুমিত উচ্ছন্ন হয়,
20তেওঁলোক এটা সপোন দেখি সাৰ পায় সপোনটো তুচ্ছ জ্ঞান কৰাৰ নিচিনাকৈ;
21যেতিয়া মই মনত গভীৰ দুখ পাইছিলোঁ;
22তেতিয়া মই অজ্ঞান আৰু মনৰ কল্পনা অভাব বোধ কৰিছিলোঁ;
23তথাপি মই সদায় তোমাৰ লগতে আছোঁ;
24তুমি তোমাৰ উপদেশেৰে মোক পথ দেখুৱাবা,
25তোমাৰ বাহিৰে স্বৰ্গত মোৰ কোন আছে?
26মোৰ শৰীৰ আৰু হৃদয় দুয়োটা পৰাজিত হ’ল;
27কিয়নো চোৱা, তোমাৰ পৰা দূৰৈত থকা লোকসকলৰ সর্বনাশ হ’ব;
28কিন্তু মোৰ পক্ষে হলে, ঈশ্বৰৰ ওচৰ চপাই মঙ্গল;