1হে মোৰ পুত্র, মোৰ প্রজ্ঞালৈ মনোযোগ দিয়া;
2সেয়ে তুমি সুবিবেচনা শিকিব পাৰিবা;
3কিয়নো ব্যভিচাৰিণীৰ ওঁঠৰ পৰা টোপে টোপে মৌ বৰষে,
4কিন্তু শেষত তেওঁ চোকা তৰোৱালে কটাৰ দৰে কাটে।
5তেওঁৰ ভৰি মৃত্যুলৈ নামি যায়,
6তেওঁ জীৱন পথত কোনো চিন্তা নকৰে;
7আৰু এতিয়া, হে মোৰ পুত্রসকল, মোৰ কথা শুনা,
8তেওঁৰ পৰা তোমাৰ পথ দূৰত ৰাখা;
9নহ’লে তোমাৰ সন্মান অন্যলোকক এৰি দিব লাগিব,
10তোমাৰ সম্পত্তি অচিনাকী লোকে ভোগ কৰিব;
11আৰু তোমাৰ জীৱনৰ শেষত তুমি আৰ্তনাদ কৰিবা;
12তুমি ক’বা, “মই কেনেকৈ শাসন প্রণালীক ঘিণ কৰিছিলোঁ।
13মই মোৰ শিক্ষকসকলক মানিচলা নাছিলো,
14সমাজ আৰু সমবেত লোকসকলৰ মাজত
15তুমি তোমাৰ নিজৰ পুখুৰীৰ পানী খোৱা,
16তোমাৰ ভুমুকবোৰ চাৰিওফালে প্লাৱিত হ’ব লাগে নে?
17সেইবোৰ কেৱল তোমাৰ নিজৰ বাবেই হওক,
18তোমাৰ ভুমুক আশীৰ্ব্বাদযুক্ত হওক;
19কাৰণ তেওঁ মৰমীয়াল হৰিণী আৰু লাবন্যময়ী মৃগ,
20কিয়নো হে মোৰ পুত্র, তুমি ব্যভিচাৰিণীত কিয় মত্ত হবা?
21কিয়নো মানুহে কৰা সকলো কাম যিহোৱাই চাই,
22এজন দুষ্ট লোক নিজৰ অপৰাধতে ধৰা পৰে;
23নিয়মানুবৰ্ত্তিতাৰ অভাৱত তেওঁৰ মৃত্যু হয়;