1হে মোৰ পুত্রসকল, পিতৃৰ উপদেশ শুনা,
2মই তোমালোকক উত্তম কৰ্মবিধি দিওঁ।
3মই যেতিয়া মোৰ পিতৃৰ পুত্ৰ আছিলোঁ,
4তেওঁ মোক শিকাইছিল আৰু মোক কৈছিল,
5প্রজ্ঞা আৰু বিবেচনা শক্তি অৰ্জন কৰা;
6প্ৰজ্ঞাক ত্যাগ নকৰিবা, তেতিয়া তেওঁ তোমাৰ ওপৰত দৃষ্টি ৰাখিব;
7প্ৰজ্ঞা হৈছে অতি গুৰুত্বপূৰ্ণ বিষয়, সেয়ে প্ৰজ্ঞা অৰ্জন কৰা;
8প্রজ্ঞাক সস্নেহে প্রতিপালন কৰা,
9তেওঁ তোমাৰ মুৰত সন্মানীয় মালা দিব,
10হে মোৰ পুত্র শুনা, আৰু মোৰ কথালৈ মনোযোগ দিয়া;
11মই তোমাক প্রজ্ঞাৰ পথত পৰিচালনা কৰিছোঁ,
12তুমি যেতিয়া খোজ দিবা, তেতিয়া কোনো এজনেও তোমাৰ পথত থিয় নহ’ব;
13নিয়ম প্রণালী মানি চলিবা, ইয়াক যাবলৈ নিদিবা;
14পাপীবোৰৰ পথ অনুসৰণ নকৰিবা,
15তেওঁলোকৰ পৰা দূৰত থাকিবা, সেই পথত নাযাবা,
16কাৰণ তেওঁলোকে কুকৰ্ম নকৰালৈকে তেওঁলোকৰ টোপনি নাহে,
17কাৰণ তেওঁলোকে দুষ্টতাৰূপ পিঠা ভোজন কৰে,
18ধাৰ্মিকলোকৰ পথ সূৰ্যদয়ৰ দীপ্তিৰ দৰে,
19দুষ্টবোৰৰ পথ অন্ধকাৰৰ নিচিনা; সিহঁতে কিহত উজুতি খায় তাক নাজানে।
20হে মোৰ পুত্র, মোৰ বাক্যলৈ মনোযোগ দিয়া,
21সেইবোৰ তোমাৰ দৃষ্টিৰ পৰা দূৰ হব নিদিবা;
22কাৰণ যিসকলে সেইবোৰ বিচাৰি পায়, তেওঁলোকৰ বাবে মোৰ বাক্য জীৱনস্বৰূপ,
23সকলো অধ্যৱসায়ৰ দ্বাৰাই তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা,
24তোমাৰ মুখৰ পৰা কটুকথা দূৰ কৰা,
25তোমাৰ চকুৱে সন্মুখলৈ চাওক,
26তোমাৰ ভৰিৰ কাৰণে পথ সমান কৰা,
27সোঁ হাতে কি বাওঁ হাতে নুঘুৰিবা,