1মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে;
2জ্ঞানীলোকৰ জিভাই জ্ঞানৰ প্ৰশংসা কৰে;
3যিহোৱাৰ দৃষ্টি সকলো ঠাইতে থাকে,
4সুস্থ জিভা জীৱন বৃক্ষস্বৰূপ;
5অজ্ঞানী লোকে নিজৰ পিতৃৰ নিয়মানুৱৰ্তিতা অৱজ্ঞা কৰে;
6যি সকলে সত্যতাত চলে, তেওঁলোকৰ ভঁৰাল বৃহৎ হয়;
7জ্ঞানী লোকৰ ওঁঠে জ্ঞানৰ বিষয়ে কয়,
8দুষ্ট সকলৰ বলিদান যিহোৱাই ঘিণ কৰে;
9দুষ্ট লোকৰ পথ যিহোৱাই ঘিণ কৰে;
10যিজনে সৎ পথ ত্যাগ কৰে, তেওঁলৈ কঠিন শাস্তি থাকে;
11চিয়োল আৰু বিনাশ যিহোৱাৰ দৃষ্টিত লুকাই থকা নাই;
12নিন্দক লোকে অনুযোগত বিৰক্তি পায়;
13আনন্দিত হৃদয়ে মুখমণ্ডলক প্ৰফুল্লিত কৰে;
14সুবিবেচকৰ হৃদয়ে জ্ঞান বিচাৰ কৰে;
15নিৰ্যাতিত লোকৰ সকলো দিন কষ্টদায়ক;
16বিভ্রান্তিৰ সৈতে বৃহৎ ভঁৰালতকৈ
17হিংসাৰ সৈতে স্বাস্থ্যৱান গৰুতকৈ
18ক্রোধি লোকে বিতৰ্কৰ সৃষ্টি কৰে;
19এলেহুৱাৰ পথ কাঁইটৰ বেৰা স্বৰূপ;
20জ্ঞানৱান পুত্ৰই পিতৃক আনন্দিত কৰে;
21জ্ঞানশূন্যজনক অজ্ঞান জনে আনন্দ দিয়ে;
22পৰামৰ্শৰ অবিহনে কৰা পৰিকল্পনা ব্যৰ্থ হয়;
23মানুহে নিজৰ উপযুক্ত উত্তৰত আনন্দ পায়,
24দূৰদৰ্শী লোকৰ বাবে জীৱনৰ পথ উৰ্দ্ধগামী হয়;
25যিহোৱাই অহঙ্কাৰীলোকৰ উত্তৰাধিকাৰী উচ্ছন্ন কৰে,
26যিহোৱাই দুষ্ট লোকৰ কল্পনা ঘিণ কৰে;
27ডকাইতে নিজৰ পৰিয়াললৈ সমস্যা আনে;
28সত্যতাত চলা জনৰ হৃদয়ে উত্তৰ দিয়াৰ পূৰ্বেই চিন্তা কৰে;
29যিহোৱা দুষ্টলোকৰ পৰা দূৰত থাকে;
30চকুৰ প্ৰসন্নতাই হৃদয়ক আনন্দিত কৰে;
31যেতিয়া কোনো এজনে তোমাৰ আচৰণ শুধৰাই দিয়ে আৰু যদি তুমি মনোযোগ দিয়া,
32যিজনে নিয়মানুবৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ নিজকে হেয়জ্ঞান কৰে;
33যিহোৱালৈ ৰখা ভয়ে প্ৰজ্ঞাৰ শিক্ষা দিয়ে,