1জ্ঞানৱান সন্তানে নিজৰ পিতৃৰ কথা শুনে;
2মানুহে নিজৰ মুখৰ ফলৰ দ্বাৰাই মঙ্গল ভোগ কৰে;
3যিজনে নিজৰ মুখ চম্ভালে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে;
4এলেহুৱাই ইচ্ছা কৰিলেও একো নাপায়;
5সত্যতাত চলাজনে মিছা কথা ঘিণ কৰে;
6যেতিয়া এজন লোকে সত্যতাত চলে, তেওঁ ন্যায়ৰ পথ সুৰক্ষিত কৰে।
7এনে লোক আছে, যিয়ে নিজকে ধনী দেখুৱাই, কিন্তু তেওঁৰ একো নাথাকে;
8এজন ধনী লোকে নিজৰ সম্পত্তিৰ দ্বাৰাই নিজৰ জীৱনৰ প্রায়শ্চিত কৰিব পাৰে,
9যিজনে সত্যতাত চলে, তেওঁৰ প্ৰদীপ প্রজ্বলিত হৈ থাকে;
10অহঙ্কাৰে কেৱল বিবাদ জন্মায়;
11অধিক অহঙ্কাৰে সম্পত্তি হ্রাস কৰে;
12যেতিয়া আশা সিদ্ধ হ’বলৈ পলম হয়, তেতিয়া হৃদয় ভাগি পৰে;
13যি জনে নিৰ্দেশ অবজ্ঞা কৰে, তেওঁ তাৰ আলোচনাৰ বিষয় হ’ব;
14জ্ঞানী লোকৰ শিক্ষা জীৱনৰ ভুমুকস্বৰূপ হয়।
15ভাল অন্তদৃষ্টিয়ে অনুগ্ৰহ জয় কৰে;
16জ্ঞানে প্ৰতিটো সিদ্ধান্ত লওঁতে সুবিবেচনা কৰে;
17দুষ্ট বৰ্ত্তাবাহক সমস্যাত পৰে;
18যি জনে নিয়মানুৱৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ দৰিদ্ৰ হয় আৰু লাজত পৰে;
19বাঞ্ছা সিদ্ধিয়ে আত্মা সন্তুষ্টি দিয়ে;
20জ্ঞানীলোকৰ সঙ্গত থাকা, তাতে তুমিও জ্ঞানী হবা;
21দুৰ্যোগে পাপীৰ পাছত দৌৰ মাৰে;
22ভাল ব্যক্তিয়ে নিজৰ নাতি-নাতিনীয়েকৰ বাবে উত্তৰাধিকাৰ এৰি যায়;
23দুখীয়াসকলে নতুন মাটিত চহালে বহুতো শস্য উৎপন্ন হয়;
24যি জনে নিজৰ সন্তানক নিয়মানুৱৰ্তিতাত নচলায়, তেওঁ তাক ঘিণ কৰে,
25যিসকলে সত্যতাত চলে, তেওঁলোকে হেঁপাহ পলোৱাকৈ আহাৰ খায়;