1ভুল তুলাচনী যিহোৱাৰ ঘিণলগীয়া;
2যেতিয়া অহংকাৰ হয়, তেতিয়া অপমানো হয়;
3সাধুলোকৰ সততা তেওঁলোকৰ পথদৰ্শক;
4ক্ৰোধৰ দিনত ধন-সম্পত্তি মূল্যহীন;
5সিদ্ধলোকৰ ধাৰ্মিকতাই তেওঁৰ পথ সমান কৰে;
6যিজনে সিদ্ধ কাৰ্যৰ দ্বাৰাই ঈশ্বৰক আনন্দিত কৰে, তেওঁ ৰক্ষা পায়;
7দুষ্টলোকৰ যেতিয়া মৃত্যু হয়, তেতিয়া তেওঁৰ আশাবোৰ বিলুপ্ত হৈ যায়;
8সৎ কাৰ্য কৰা জনে সঙ্কটৰ পৰা ৰক্ষা পায়;
9তেওঁ নিজৰ অবিশ্বাসী মুখেৰে চুবুৰীয়াক ধ্বংস কৰে;
10যেতিয়া সৎ কাৰ্য কৰা লোকৰ উন্নতি হয়, তেতিয়া নগৰখনে উল্লাস কৰে;
11ঈশ্বৰক সন্তুষ্ট কৰা লোকসকলৰ আশীৰ্ব্বাদৰ দ্বাৰাই নগৰৰ উন্নতি হয়;
12বন্ধুক অবজ্ঞা কৰা লোক জ্ঞানশূন্য;
13পৰচৰ্চ্চা কৰা লোকে গুপুত কথা প্ৰকাশ কৰে;
14যি খন দেশ জ্ঞানেৰে পৰিচালিত নহয়, সেই দেশৰ পতন হয়;
15যিজনে অচিনাকী লোকৰ জামিন হয়, তেওঁৰ নিশ্চয় অনিষ্ট হ’ব;
16দয়ালু মহিলাই সন্মান পায়;
17দয়ালু লোকে নিজৰ উপকাৰ কৰে;
18দুষ্টলোকে উপাৰ্জনৰ বাবে মিছা কথা কয়;
19যি সাধুলোকে সৎ কাৰ্য কৰে, তেওঁ জীৱন লাভ কৰে;
20কুটিল মনৰ লোক যিহোৱাৰ ঘিণ লগা;
21নিশ্চিত হোৱা যে, দুষ্ট লোকে শাস্তি নোপোৱাকৈ নাথাকিব;
22গাহৰিৰ নাকত সোণৰ নথ যেনে,
23সত্যতাত চলা লোকৰ আকাংক্ষাৰ ফল উত্তম;
24যি লোকে গুটি সিঁচে, তেওঁ অধিক সংগ্রহ কৰে;
25দয়ালু লোকৰ উন্নতি হয়,
26যি লোকে শস্য বিক্রী কৰিবলৈ অমান্তি হয়, তেওঁক লোকসকলে শাও দিয়ে;
27যিলোকে আগ্রহেৰে ভাল কৰিবলৈ বিচাৰে, তেওঁ অনুগ্ৰহো বিচাৰে;
28যিজনে নিজৰ ধন-সম্পত্তিত নির্ভৰ কৰে, তেওঁ পতিত হয়;
29যিজনে নিজৰ পৰিয়ালক দুখ দিয়ে, তেওঁৰ বায়ুৰূপ আধিপত্য হ’ব;
30সত্যতাত চলা জন জীৱনদায়ক গছৰ দৰে,
31সত্যতাত চলা জনে যদি তেওঁ পাবলগীয়া প্ৰতিফল পায়,