1চলোমনৰ নীতি বাক্য।
2দুষ্টতাৰে অৰ্জন কৰা ধন-সম্পত্তিৰ কোনো মূল্য নাই;
3যিসকলে সত্যতাৰে কাৰ্য কৰে, যিহোৱাই তেওঁলোকক ভোকত থাকিব নিদিয়ে;
4এলেহুৱা হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হয়,
5গ্রীষ্ম কালত বুদ্ধিমান পুত্ৰই শস্য চপায়;
6সত্যতাৰে কাৰ্য কৰা জনৰ ওপৰত ঈশ্বৰৰ আশীৰ্ব্বাদ আহে;
7সত্যতাৰ কার্য কৰা কোনো লোকৰ কথা ভাবিলে আমি আনন্দিত হওঁ;
8যিসকল লোক সচেতন, তেওঁলোকে আজ্ঞা পালন কৰে;
9যি জনে সিদ্ধতাৰূপ পথত খোজ দিয়ে, তেওঁ সুৰক্ষিত হৈ চলে,
10চকুৰে ইঙ্গিত কৰা জনে দুখ দিয়ে;
11সত্যতাৰে চলা জনৰ মুখ জীৱনৰ ভুমুক স্বৰূপ;
12ঘৃণাই বিবাদ জন্মায়;
13সুবিবেচক লোকৰ ওঁঠত প্ৰজ্ঞা পোৱা যায়;
14জ্ঞানীলোকে জ্ঞান সংৰক্ষিত কৰে;
15ধনী লোকৰ ধন সম্পত্তিয়েই তাৰ দৃঢ় নগৰ;
16সত্যতাৰে কাৰ্য কৰা লোকৰ পাৰিশ্ৰমিকে জীৱন দিয়ে;
17যিজনে নিয়মানুবৰ্তিতাত চলে, তেওঁ জীৱনৰ পথত চলে;
18যিজনে ঘৃণা গোপনে ৰাখে, তেওঁ মিছলীয়া ওঁঠৰ লোক,
19অধিক কথাত অপৰাধৰ অভাৱ নাই;
20যিজনে সত্যতাৰ কথা কয়, তেওঁৰ জিভা শুদ্ধ ৰূপৰ দৰে;
21সত্যতাৰে কাৰ্য কৰা লোকৰ ওঁঠে অনেকক প্ৰতিপালন কৰে;
22যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে,
23দুষ্টতা মূৰ্খই খেলা খেল স্বৰূপ,
24দুষ্ট লোকে যিহলৈ ভয় কৰে, সেয়ে তালৈ ঘটে;
25দুষ্ট লোক ধুমুহাৰ দৰে, সেয়ে অতিক্রম কৰি বিলুপ্ত হৈ যায়,
26দাঁতৰ বাবে সিৰ্কা, আৰু চকুৰ বাবে ধোঁৱা যেনেকুৱা,
27যিহোৱালৈ থকা ভয়ে আয়ুস বৃদ্ধি কৰে;
28সৎ কাৰ্য কৰা জনৰ আশা আনন্দ জনক;
29যিসকল লোকে পথত চলে, তেওঁলোকক যিহোৱাই ৰক্ষা কৰে।
30যিসকলে সৎ কাৰ্য কৰে, তেওঁলোক কেতিয়াও লৰচৰ নহব;
31যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকৰ মুখৰ পৰা প্রজ্ঞা ওলায়;
32যিসকল লোক সকলৰ ওঁঠে সৎ কাৰ্য কৰে, তেওঁলোকৰ ওঁঠে গ্ৰহণীয় কি, সেই বিষয়ে জানে;