1ফৰৌণে গাজাক প্ৰহাৰ কৰা আগতে, পলেষ্টীয়াসকলৰ বিষয়ে যিৰিমিয়া ভাববাদীলৈ অহা যিহোৱাৰ বাক্য।
2“যিহোৱাই এই কথা কৈছে: চোৱা, উত্তৰ দিশৰ পৰা জল সমূহ বাঢ়ি আহিছে, সেয়ে প্লাৱন কৰোঁতা ধল পানী হৈ, দেশ আৰু তাত থকা সকলোকে, নগৰ আৰু নিবাসীসকলক তল নিয়াব!
3শত্ৰুৰ বলী ঘোঁৰাৰ খুৰাৰ খটখটনিত,
4কাৰণ সকলো পলেষ্টীয়াসকলে বিনষ্ট কৰিবৰ দিন, তূৰ আৰু চীদোনৰ পৰা,
5গাজাৰ মূৰ টকলা কৰা হ’ল, তেওঁলোকৰ উপত্যকাৰ অৱশিষ্ট ভাগ অস্কিলোন নষ্ট হ’ল; তুমি কিমান কাল তোমাৰ গা কাটকূট কৰিবা?
6হে যিহোৱাৰ তৰোৱাল! তুমি কিমান কাল ক্ষান্ত নোহোৱাকৈ থাকিবা?
7যিহোৱাই তোমাক আজ্ঞা দিয়াত তুমি কেনেকৈ ক্ষান্ত হ’ব পাৰা?