We Believe JesusFé, Esperança e Nova Vida

যিৰি 48

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← যিৰি 47 যিৰি যিৰি 49 →

1মোৱাবলৈ, ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে:

2মোৱাবৰ গৌৰৱ আৰু নাই। শত্ৰুৱে তাৰ বিৰুদ্ধে হিচবোনত অমঙ্গলৰ মন্ত্ৰণা কৰিছে।

3শুনা হোৰোণয়িমত চিঞৰ-বাখৰ শুনা গৈছে, লুট আৰু মহাসংহাৰ হৈছে।

4মোৱাব নষ্ট হ’ল। তাৰ সন্তান সকলে চিঞৰৰ শব্দ শুনাইছে।

5কিয়নো লুহীতলৈ উঠি যোৱা বাটেদি তেওঁলোকে ক্ৰন্দনেৰে উঠি যাব,

6তোমালোকে পলোৱা! নিজ নিজ প্ৰাণ ৰক্ষা কৰা, অৰণ্যত থকা ঝাও গছৰ নিচিনা হোৱা।

7কিয়নো তুমি তোমাৰ কাৰ্যত আৰু তোমাৰ বহুমূল্য বস্তুত নির্ভৰ কৰাৰ কাৰণে তুমিও ধৰা পৰিবা।

8প্ৰত্যেক নগৰলৈ বিনাশক আহিব আৰু কোনো নগৰ ৰক্ষা নাপাব;

9তোমালোকে মোৱাবক আপোন বাটে উড়ি যাবৰ বাবে ডেউকা দিয়া।

10যি জনে যিহোৱাৰ কাৰ্য এলাহেৰে কৰে, তেওঁ শাপগ্ৰস্ত হওঁক আৰু যি জনে ৰক্তপাতৰ পৰা নিজ তৰোৱাল কোঁচাই ৰাখে তেওঁ শাপগ্ৰস্থ হওঁক।

11মোৱাব সৰু কালৰে পৰা নিশ্চিন্তভাৱে আছে, আৰু সি নিজৰ গেদৰ ওপৰত সুস্থিৰে আছে,

12এই হেতুকে, যিহোৱাই কৈছে, “গতিকে চোৱা, এই দিনবোৰ আহি আছে, যি দিনা মই ঢালিবলৈ মানুহ পঠিয়াম সেই দিন আহিছে সেই দিনা তেওঁলোকে তাক ঢালিব, তাৰ পাত্ৰবোৰ শুদা কৰিব আৰু তাৰ ঘটবোৰ ডোখৰ ডোখৰ কৰিব।

13ইস্ৰায়েল বংশই নিজ বিশ্বাসৰ ভূমি বৈৎএলৰ বিষয়ে লাজ পোৱাৰ দৰে মোৱাবেও কমোচৰ বিষয়ে লাজ পাব।

14‘আমি বীৰ আৰু যুদ্ধৰ বাবে পৰাক্ৰমী মানুহ, বুলি তোমালোকে কেনেকৈ ক’ব পাৰা?

15মোৱাব উচ্ছন্ন হ’ল, আৰু তাৰ নগৰবোৰ ধুঁৱা হৈ উড়ি গ’ল আৰু তাৰ মনোনীত ডেকা লোকসকল

16মোৱাবৰ আপদ ওচৰ পালেহি আৰু তাৰ অমঙ্গল অতিশয় বেগেৰে আহিছে।

17মোৱাবৰ চাৰিওফালে থকা তাৰ নাম জনা তোমালোক সকলোৱে তাৰ নিমিত্তে বিলাপ কৰি কোৱা,

18হে দীবোন-নিবাসিনী জীয়াৰী, তুমি তোমাৰ প্ৰতাপৰ পৰা নামি তৃষ্ণাতুৰা হৈ মাটিত বহা;

19হে অৰোয়েৰ-নিবাসিনী, তুমি বাটৰ কাষত থিয় হৈ চোৱা।

20মোৱাবে লাজ পালে, কিয়নো সেই নগৰ ভগ্ন হ’ল; তোমালোকে হাহাকাৰ কৰা আৰু চিঞৰি কান্দা;

21আৰু শাস্তি আহিল সমথলৰ দেশলৈ,

22দীবোন, নবো, বৈৎ-দিব্লাথয়িম,

23কিৰিয়াথয়িম, বৈৎ-গামূল, বৈৎ-মিয়োন,

24কৰিয়োৎ আৰু বস্ৰা

25যিহোৱাই কৈছে, মোৱাবৰ শিংটি কটা হ’ল আৰু বাহু ভঙা হ’ল।

26তোমালোকে তাক মতোৱাল কৰা, কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে গৰ্ব্ব কৰিলে আৰু মোৱাবে নিজ বঁতিওৱা ঠাইত বাগৰিব আৰু বিদ্ৰূপৰ বিষয়ো হ’ব।

27কিয়নো ইস্ৰায়েল জানো তোমাৰ আগত বিদ্ৰূপৰ বিষয় নাছিল? তাক জানো চোৰৰ মাজত পোৱা নগৈছিল? কাৰণ তুমি যিমানবাৰ তাৰ বিষয়ে কোৱা, সিমানবাৰ তুমি তোমাৰ মূৰ জোকাৰা।

28হে মোৱাব-নিবাসীসকল, তোমালোকে নগৰবোৰ এৰি শিলত বাস কৰা

29আমি মোৱাবৰ অহঙ্কাৰৰ বিষয়ে শুনিলোঁ, যে সি বৰ গৰ্ব্বী;

30যিহোৱাই কৈছে, “মই জানো; তাৰ ক্ৰোধ মিছা, তাৰ বৰ বৰ কথা নিস্ফল।

31এই কাৰণে মই মোৱাবৰ বিষয়ে হাহাকাৰ কৰিম, এনেকি, গোটেই মোৱাবৰ বাবে চিঞৰি কান্দিম;

32হে চিবমাৰ দ্ৰাক্ষালতা, মই যাজেৰৰ ক্ৰন্দনতকৈয়ো তোমাৰ বিষয়ে অধিক কৈ ক্ৰন্দন কৰিম তোমাৰ ডালবোৰ সমুদ্ৰৰ সিপাৰলৈকে গৈছিল

33মোৱাব দেশৰ ফলৱতী বাৰীৰ পৰা আনন্দ আৰু হৰ্ষ দূৰ কৰা হ’ল,

34হিচবোনত এনে চিঞঁৰ বাগৰ হৈছে, যে, তাৰ শব্দ ইলিয়ালিলৈকে আৰু যহচলৈকে গৈছে আৰু চোৱৰৰ পৰা চিঞৰ-বাখৰৰ শব্দ হোৰোণয়িমলৈকে আৰু ইগ্লৎ-চলিচিয়ালৈকে গৈছে; কিয়নো নিম্ৰীমৰ জল সমূহো মৰুভূমি হ’ব।

35ইয়াত বাজে, উচ্ছস্থানত উৎসৰ্গ কৰোঁতা, আৰু নিজ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাওঁতা লোক মোৱাবত নাইকিয়া কৰিম।” ইয়াকে যিহোৱাই কৈছে।”

36এই কাৰণে মোৰ অন্তৰ মোৱাবৰ বাবে বাঁহীৰ নিচিনাকৈ বাজিছে আৰু মোৰ হৃদয় কীৰ-হেৰচৰ লোকসকলৰ বাবে বাঁহীৰ দৰে বাজিছে; কাৰণ সি অৰ্জ্জা অধিক বস্তু নষ্ট হ’ল।

37কিয়নো প্ৰত্যেকৰ মূৰ টকলা কৰা হ’ল আৰু প্ৰত্যেকৰ ডাঢ়ি কটা হ’ল, সকলোৰে হাতত কাটকূট আৰু কঁকালত চট আছে।

38মোৱাবৰ সকলো ঘৰৰ চালত, আৰু তাৰ চকবোৰৰ সকলোফালে বিলাপ শুনা গৈছে; কিয়নো যিহোৱাই কৈছে ভাল নোপোৱা কোনো পাত্ৰৰ নিচিনাকৈ মই মোৱাবক ভাঙি পেলালোঁ।

39“সি কেনে ভগ্ন হ’ল! তেওঁলোকে কেনে হাহাকাৰ কৰিছে! মোৱাবে লাজতে কেনেৰূপে মুখ ঘূৰালে! এইদৰে মোৱাব নিজৰ চাৰিওফালে থকা সকলোৰে আগত বিদ্ৰূপৰ আৰু ত্ৰাসৰ বিষয় হ’ব।”

40কিয়নো যিহোৱাই এইদৰে কৈছে, “চোৱা, তেওঁ কুৰৰ পখীৰ দৰে উড়ি আহি, মোৱাবৰ বিৰুদ্ধে নিজ ডেউকা মেলিব।

41কৰিয়োতক হাত কৰি লোৱা হ’ল, দুৰ্গবোৰ হঠাৎ আক্ৰমণ কৰা হ’ল;

42মোৱাবে যিহোৱাৰ বিৰুদ্ধে অভিমান কৰাৰ বাবে, সি এটি জাতি হোৱাৰ পৰা উচ্ছন্ন হ’ব।

43যিহোৱাই কৈছে, হে মোৱাব নিবাসী লোক, তোমাৰ বাবে আপদ, গাত আৰু ফান্দ নিৰূপিত আছে।”

44“যি কোনোৱে সেই আপদৰ পৰা পলাব, তেওঁ সেই গাতত পৰিব

45পলৰীয়াসকল হিচবোনৰ ছাঁত শক্তিবিহীন হৈ থিয় দি আছে; কাৰণ হিচবোনৰ পৰা অগ্নি

46হায় হায় মোৱাব! কমোচৰ প্ৰজাসকলৰ সৰ্ব্বনাশ হ’ল,

47তথাপি, যিহোৱাই কৈছে, “মই শেষকালত মোৱাবৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম।”

← যিৰি 47 যিৰি যিৰি 49 →