1জাতি সমূহৰ বিষয়ে যিৰিমিয়া ভাববাদীৰ ওচৰলৈ অহা যিহোৱাৰ বাক্য।
2মিচৰৰ বিষয়। যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্ব কালৰ চতুৰ্থ বছৰত বাবিলৰ ৰজা নবূখদনেচৰে পৰাজয় কৰা ফৰাৎ নদীৰ পাৰৰ কৰ্কমীচত থকা মিচৰীয়া ৰজা ফৰৌণ নখোৰ সৈন্য-সামন্তৰ বিষয়:
3তোমালোকে ঢাল আৰু ফৰ যুগুত কৰা আৰু যুদ্ধ কৰিবৰ বাবে ওচৰ চাপা।
4হে অশ্বাৰোহীসকল, ঘোঁৰাবোৰ সজোঁৱা, ঘোঁৰাত উঠা আৰু শিৰোৰক্ষক টুপী পিন্ধি, আগলৈ গৈ থিয় হোৱা,
5মই কিয় এনেকুৱা দেখিছোঁ? তেওঁলোক ব্যাকুল হৈছে, পাছ হুঁহকি গৈছে;
6বেগী লোক পলাই যাব নোৱাৰে, বীৰ সাৰিব নোৱাৰে;
7যাৰ জল সমূহে নৈবোৰৰ দৰে আস্ফালন কৰিছে, নীল নদীৰ দৰে বাঢ়ি অহা সৌ জন কোন?
8মিচৰৰ নীল নদীৰ দৰে বাঢ়ি আহিছে, আৰু তাৰ জল সমূহে নদীবোৰৰ দৰে আস্ফালন কৰিছে।
9হে ঘোঁৰাবিলাক, উঠি যোৱা, হে ৰথবিলাক, বাতুলৰ নিচিনাকৈ লৰি যোৱা:
10কিয়নো এই দিন বাহিনীসকলৰ প্ৰভু যিহোৱাৰ দিন, তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিবলৈ শত্ৰুৰ প্ৰতিকাৰ সধা দিন;
11হে কুমাৰী মিচৰ জীয়াৰী, তুমি গিলিয়দলৈ উঠি গৈ সুস্থজনক গছৰ ৰস লোৱা।
12জাতিবোৰে তোমাৰ অপমানৰ কথা শুনিছে, আৰু তোমাৰ চিঞৰৰ শব্দেৰে পৃথিৱী পৰিপূৰ্ণ হৈছে,
13বাবিলৰ ৰজা নবূখদনেচৰে আহি মিচৰ দেশ পৰাজয় কৰিবৰ বিষয়ে যিৰিমিয়া ভাববাদীক কোৱা যিহোৱাৰ বাক্য:
14“তোমালোকে মিচৰত প্ৰচাৰ কৰা, মিগদোলত ঘোষণা কৰা, নোফ আৰু
15তোমাৰ বলৱান জনক কেলেই পেলোৱা হ’ল? তেওঁ থিয় হৈ নাথাকিল; কিয়নো যিহোৱাই তেওঁক পেলালে।
16তেওঁ অনেকক উজুটি খুৱালে, এনেকি তেওঁলোকে পৰস্পৰে পৰা-পৰি হ’ল;
17তেওঁলোকে তাত চিঞৰি ক’লে, “মিচৰৰ ৰজা ফৰৌণৰ সৰ্ব্বনাশ হ’ল; তেওঁ উপযুক্ত সময় বৃথা নষ্ট কৰিলে।”
18বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই কৈছে, “মোৰ জীৱনৰ শপত,”
19হে মিচৰ নিবাসিনী জীয়াৰী, বন্দী অৱস্থালৈ যাবৰ বাবে নিজৰ প্ৰয়োজনীয় বস্তু লোৱা;
20মিচৰ অতি সুন্দৰী চেঁউৰী গৰু; কিন্তু উত্তৰ দিশৰ পৰা এটা ডাঁহ আহিল, পালেহি।
21তাইৰ মাজত থকা তাইৰ বেচ খোৱাবোৰ হৃষ্টপুষ্ট দামুৰিৰ সদৃশ; কিয়নো তেওঁলোকো বিমুখ হৈ গৈছে।
22পলাই যাওঁতে, তাই যোৱা শব্দ সাপ যোৱা শব্দৰ দৰে হ’ব;
23যিহোৱাই কৈছে, যদিও তাইৰ কাঠনি অগম্য, তথাপি তেওঁলোকে তাক কাটি পেলাব;
24মিচৰ জীয়াৰী লজ্জিত হ’ব; তাইক উত্তৰ-দেশীয়সকলৰ হাতত সমৰ্পণ কৰা হ’ব।”
25ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই নোত থকা আমোনক, ফৰৌণক, মিচৰক আৰু তাৰ দেৱতাবোৰক আৰু তাৰ ৰজাসকলক, এনে কি ফৰৌণ আৰু তেওঁক ভাৰসা কৰা সকলোকে দণ্ড দিম।
26আৰু তেওঁলোকৰ প্ৰাণ বিচাৰি ফুৰাসকলৰ হাতত, বাবিলৰ ৰজা নবূখদনেচৰৰ আৰু তেওঁৰ প্ৰধান মন্ত্ৰীসকলৰ হাতত মই তেওঁলোকক সমপৰ্ণ কৰিম; তথাপি যিহোৱাই কৈছে, পাছত সেই দেশ আগৰ কালৰ দৰে বসতিস্থান হ’ব।
27“কিন্তু হে মোৰ দাস যাকোব, ভয় নকৰিবা, হে ইস্ৰায়েল ব্যাকুল নহ’বা; কিয়নো চোৱা, মই দূৰৰ পৰা তোমাক, আৰু বন্দী অৱস্থাত থকা দেশৰ পৰা তোমাৰ বংশক নিস্তাৰ কৰিম; তাতে যাকোব ঘূৰি আহি নিৰ্ভয় আৰু নিশ্চিত হৈ থাকিব, কোনেও তেওঁক ভয় নেদেখুৱাব।
28যিহোৱাই কৈছে, হে মোৰ দাস যাকোব, ভয় নকৰিবা; কিয়নো মই তোমাৰ লগত আছোঁ; কাৰণ, মই যি জাতিৰ মাজলৈ তোমাক খেদিলোঁ, সেই সকলো জাতিক মই নিঃশেষে সংহাৰ কৰিলেও, তোমাক নিঃশেষে সংহাৰ নকৰিম; কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম, তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ”’।”