1তোমালোকে চিয়োনত শিঙা বজোৱা,
2সেয়ে আন্ধাৰ আৰু ঘোৰ অন্ধকাৰৰ দিন,
3তাৰ আগত অগ্নিয়ে গ্ৰাস কৰিছে,
4সিহঁতৰ আকৃতি ঘোঁৰাৰ আকৃতিৰ নিচিনা,
5সিহঁতে জপিওৱা শব্দ পৰ্ব্বতবোৰৰ টিঙত চলা ৰথসমূহৰ শব্দৰ নিচিনা,
6সিহঁতৰ আগত জাতিবোৰে যাতনা পায়,
7সিহঁতে বীৰসকলৰ দৰে লৰ মাৰে;
8সিহঁতে ইটোৱে সিটোৱে ঠেলাঠেলি নকৰে;
9সিহঁতে নগৰত ভ্ৰমি ফুৰে,
10সিহঁতৰ আগত পৃথিৱী কঁপে,
11যিহোৱাই নিজ সৈন্যসামন্তৰ আগত নিজ কন্ঠধ্বনি শুনাইছে,
12যিহোৱাই কৈছে, “তথাপি এতিয়াও”,
13আৰু তোমালোকে তোমালোকৰ বস্ত্ৰ নিছিৰি, হৃদয় ছিৰা,
14কোনে জানে? তেওঁ ঘূৰি মন পালটাব পাৰে,
15তোমালোকে চিয়োনত শিঙা বজোৱা,
16লোকসকলক গোটোৱা,
17যিহোৱাৰ পুৰোহিত, পৰিচাৰকসকল,
18তেতিয়া যিহোৱা নিজ দেশৰ বাবে উদ্যোগী
19যিহোৱাই উত্তৰ দি তেওঁৰ লোকসকলক ক’লে:
20মই তোমালোকৰ পৰা উত্তৰদেশীয় সৈন্য-সামন্তক দূৰ কৰিম,
21হে দেশ ভয় নকৰিবা, উল্লাসিত হৈ আনন্দ কৰা,
22হে পথাৰৰ পশুবিলাক, ভয় নকৰিবা,
23হে চিয়োনৰ সন্তানসকল, তোমালোক আনন্দিত হোৱা,
24মৰণা মৰা খলাবোৰ শস্যৰে পূৰ হ’ব,
25“আৰু তোমালোকৰ মাজলৈ মই পঠোৱা সৈন্যসামন্তই, কাকতী ফৰিং,
26তাতে তোমালোকে প্ৰচুৰ পৰিমাণে খাই তৃপ্ত হবা,
27তেতিয়া মই যে ইস্ৰায়েলৰ মাজত আছোঁ,
28তাৰ পাছতে
29আৰু দাস-দাসীসকলৰ ওপৰতো
30মই তেজ, অগ্নি, ধূঁৱাস্তম্ভৰে
31যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে
32যিকোনোৱে যিহোৱাৰ নাম ল’ব, তেওঁ উদ্ধাৰ পাব।