1প্ৰত্যেক ব্যক্তিয়ে শাসনকৰ্তা সকলৰ13:1 মথি 22:21; তীত 3:1৷ বশীভূত হওক; কিয়নো ঈশ্বৰৰ পৰা নাহিলে, কোনোৱে কতৃত্ব নাপায়; আৰু যি যি আছে, সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত।
2এতেকে যি জনে সেই ক্ষমতাৰ প্ৰতিৰোধ কৰে, তেওঁ ঈশ্বৰৰ আজ্ঞাৰ প্ৰতিৰোধ কৰে; আৰু যি সকলে প্ৰতিৰোধ কৰে, তেওঁলোকে নিজেই নিজলৈ দণ্ডাজ্ঞা মাতি আনে।
3কিয়নো শাসনকৰ্তা সকল ভাল কৰ্মলৈ নহয় কিন্তু কুকৰ্মলৈহে ভয়ৰ কাৰণ হয়। আপুনি ক্ষমতালৈ নিৰ্ভয়ে থাকিব খোজা নে? তেনেহলে ভাল কৰ্ম কৰক, তেতিয়াহে প্ৰশংসা পাব;
4কিয়নো আপোনাৰ ভালৰ কাৰণে, তেওঁ ঈশ্বৰৰ পৰিচাৰক হৈছে। কিন্তু আপুনি যদি কুকৰ্ম কৰে, তেনেহলে ভয় কৰিব; কিয়নো তেওঁ তৰোৱাল বৃথা ধৰিছে, এনে নহয়; কাৰণ তেওঁ ঈশ্বৰৰ পৰিচাৰক, দুৰাচাৰী লোকলৈ ক্ৰোধৰ অৰ্থে তেওঁ প্ৰতিফল দিওঁতা।
5এই কাৰণে বশীভূত হওক, অকল ক্ৰোধৰ ভয়ত নহয়; বিবেকৰ কাৰণেও ঈশ্বৰৰ বশীভূত হ’ব লাগে।
6আৰু এই কাৰণে আপোনালোকে দিবলগীয়া কৰ আদায় দিয়ক; কিয়নো তেওঁলোক ঈশ্বৰৰ সেৱক হৈ, সেই কৰ্মতেই লাগি থাকে।
7যাৰ যি পাবলগীয়া, তেওঁ তাক দিয়ক; কৰ দিবলগীয়াক কৰ দিয়ক; মাচুল দিবলগীয়াক মাচুল দিয়ক; ভয় কৰিব লগা জনক ভয় কৰক; সন্মান কৰিবলগীয়া জনক সন্মান কৰক।
8পৰস্পৰে প্ৰেম কৰাৰ বাহিৰে, আন কোনো কথাত আপোনালোক কাৰো ধৰুৱা নহ’ব; কিয়নো যি জনে আন লোকক প্ৰেম কৰে, তেওঁ বিধানকো সিদ্ধ কৰিলে।13:8 গাল 5:14; যাক 2:8৷
9কিয়নো “ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, লোভ নকৰিবা” আদি কৰি আন কোনো আজ্ঞাও যদি আছে, তেনেহলে এই কথাতে এইবোৰো পোৱা যায়- “তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷”
10প্ৰেমে চুবুৰীয়াৰ অনিষ্ট সাধন নকৰে; এই কাৰণে প্ৰেমেৰে বিধান পালন কৰা হয়।
11এই কাৰণে আপোনালোকে এই কাল জানে যে, এতিয়াই টোপনিৰ পৰা সাৰ পাবৰ সময় হ’ল;13:11 1 থি 5:4-8; 1 পি 4:7, 8৷ কিয়নো প্ৰথমে যেতিয়া আমি বিশ্বাস কৰিলোঁ, তেতিয়াতকৈ এতিয়া পৰিত্রাণ আমাৰ ওচৰ হ’ল।
12ৰাতিৰ অধিক ভাগ গ’ল, দিন ওচৰ চাপিল; এই কাৰণে আহক, আন্ধাৰৰ কৰ্ম এৰি থৈ পোহৰৰ সাজ পিন্ধোহঁক।13:12 ইফি 5:11; 6:13-18৷
13ৰঙ্গৰস, মত্ততা, লম্পট আচৰণ, কামাভিলাষ, বিবাদ আৰু ঈৰ্ষা, এইবোৰ ত্যাগ কৰি, দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁহক।13:13 গাল 6:8; 1 পি 2:11৷
14কিন্তু আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ সেই নৈতিক চৰিত্ৰ স্বীকাৰ কৰক আৰু অভিলাষ পূৰ্ণ কৰিবৰ বাবে নিজ নিজ মাংসৰ অৰ্থে একো আয়োজন নকৰিব।