1এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা।
2আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷
3কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক।
4কাৰণ আমাৰ এই শৰীৰত যেনেকৈ অনেক অঙ্গ-প্ৰত্যঙ্গ আছে, অথচ সেই সকলো অঙ্গ-প্ৰত্যঙ্গৰ একে ৰূপৰ কাৰ্য নহয়,
5তেনেকৈ আমিও অনেক হৈ খ্ৰীষ্টত এক দেহ হওঁ আৰু প্ৰতিজনে পৰস্পৰ অঙ্গ-প্ৰত্যঙ্গ হৈ আছোঁ।12:5 1 কৰি 12:12-18;
6কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে, আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হৈছোঁ৷12:6 1 পি 4:10-12 সেই বৰ যদি ভাববাণী হয়, তেনেহলে বিশ্বাসৰ পৰিমাণেৰে সেয়া কওঁহক৷
7যদি পৰিচৰ্যাৰ বৰ হয়, তেনেহলে পৰিচৰ্যাতে থাকোহক; বা শিক্ষা দিওঁতাই শিক্ষা দিয়া কাৰ্যত থাকোহক৷
8উদগাওঁতাই উদগোৱা কাৰ্যত থাকক; দান দিওঁতাই দানশীলতাৰে দান কৰক; শাসন কৰা জনে যত্নেৰে শাসন কৰক; দয়া কৰা জনে হৰ্ষিত মনেৰে দয়া কৰক।12:8 2 কৰি 9:7
9প্ৰেম অকল্পিত হওক। যি মন্দ, তাক ঘিণ কৰক; যি উত্তম, তাত আসক্ত হওক৷
10ভাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হওক; আৰু সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হওক৷12:10 ফিলি 2:3
11যত্নত এলেহুৱা নহ’ব; আত্মাত উৎসাহী হওক; প্ৰভুৰ সেৱাকৰ্ম কৰক৷
12আশাত আনন্দ কৰক; ক্লেশত সহনীয় হওক;12:12 ৰো 5:3-5; ইব্ৰী 12:1, 2; যাক 1:2-4; 1ম পি 2:19, 20 প্ৰাৰ্থনাত লাগি থাকক;12:12 লূক 18:1; কল 4:2
13পবিত্ৰ লোক সকলৰ অভাৱ দূৰ কৰা কথাত, তেওঁলোকৰ সহভাগী হওক; অতিথি-সেৱাত আসক্ত হওক।
14যি সকলে আপোনালোকক তাড়না কৰে, তেওঁলোকক আশীৰ্বাদ কৰক; শাও নিদি আশীৰ্বাদ কৰক।12:14 লূক 6:28; 1 কৰি 4:12; 1 পি 2:23; 3:9
15যি সকলে আনন্দ কৰে, তেওঁলোকে সৈতে আনন্দ কৰক; যি সকলে ক্ৰন্দন কৰে, তেওঁলোকে সৈতে ক্ৰন্দন কৰক।
16আপোনালোকৰ পৰস্পৰৰ ভাব একে হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি, সামান্য লোকৰ দৰে চলক12:16 ফিলি 2:3-7৷ নিজৰ নিজৰ মনত জ্ঞানী নহব।
17অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিব৷ সকলো মানুহে দেখাত যি উত্তম, সেই উত্তমলৈ চিন্তা কৰক৷
18যদি হ’ব পাৰে, তেনেহলে আপোনালোকৰ সাধ্য অনুসাৰে সকলো মানুহৰ সৈতে শান্তিৰে থাকক।
19হে প্ৰিয় সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থ’ব; কিয়নো এনেদৰে লিখা আছে, 12:19 দ্বি বি 32:45 প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।”
20“কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে, তেনেহলে তেওঁক ভোজন কৰোঁৱা;
21কুকৰ্মৰ দ্বাৰাই পৰাজিত নহৈ, ভাল কৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰক।12:21 হিতো 16:32; লূক 6:35, 36