1হে মোৰ পুত্র, মোৰ বাক্য পালন কৰা,
2মোৰ আজ্ঞা পালন কৰি জীৱন ধাৰণ কৰা;
3সেইবোৰ তোমাৰ আঙুলিত বান্ধা,
4প্রজ্ঞাক কোৱা, “তুমি মোৰ ভনী,”
5প্রলোভনকাৰী, আৰু মুখৰ বাক্যেৰে ব্যভিচাৰ কৰা মহিলাৰ পৰা নিজকে ৰক্ষা কৰা।
6মোৰ ঘৰৰ খিড়িকিৰ ওচৰত থিয় হৈ,
7আৰু মই বহুতো শিক্ষা নোপোৱা যুৱকসকলক দেখিছিলোঁ,
8সেই যুৱকজনে তাইৰ ঘৰৰ ওচৰৰ বাটেৰে গৈ আছিল,
9সেই দিনা সন্ধিয়া চকামকা সময় আছিল,
10আৰু সেই ঠাইত এগৰাকী মহিলাই তেওঁক ল’গ পালে,
11তাই কোলাহলপূৰ্ণ আৰু উচ্ছৃঙ্খল,
12তাই কেতিয়াবা বাটত, কেতিয়াবা বজাৰত উপস্থিত হয়,
13সেয়ে তাই তেওঁক সাৱটি ধৰি চুমা খালে;
14“মই আজি মোৰ মঙ্গলাৰ্থক বলিদান কৰিলোঁ,
15সেয়ে মই আপোনাক লগ পাবলৈ বাহিৰলৈ আহিলোঁ,
16মই মোৰ বিচনা মিচৰৰ পৰা অনা
17মই গন্ধৰস, অগৰু, আৰু ডালচেনিৰে
18আহাঁ, আমি ৰাতিপুৱালৈকে প্ৰেমত লীন হৈ থাকোঁ।
19মোৰ স্বামী ঘৰত নাই,
20তেওঁ তেওঁৰ লগত ধনৰ মোনা লৈ গৈছে,
21তাই তাইৰ প্রলোভনযুক্ত কথাৰে তেওঁক মান্তি কৰালে;
22তেওঁ কাটিবলৈ নিয়া গৰুৰ দৰে
23যেতিয়ালৈকে কলিজাৰ মাজেৰে কাঁড়ে নিবিন্ধে
24আৰু এতিয়া হে মোৰ পুত্র, মোৰ কথা শুনা,
25তোমাৰ হৃদয় তাইৰ ফাললৈ ঢাল খাব নিদিবা,
26তাই অনেকক আনি নষ্ট কৰিছে,
27তাইৰ ঘৰেই চিয়োললৈ যোৱা বাট,