We Believe JesusFé, Esperança e Nova Vida

বিলা 5

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← বিলা 4 বিলা

1হে যিহোৱা, আমালৈ যি ঘটিল, তাক সোঁৱৰণ কৰা।

2আমাৰ আধিপত্য5:2 ঘৰ আৰু সম্পত্তিৰ অধিকাৰ বিদেশীসকলৰ হাতলৈ গ’ল;

3আমি অনাথ আৰু পিতৃহীন হলোঁ,

4আমাৰ পানী আমি ধন দি পান কৰোঁ

5আমাৰ তাড়নাকাৰীবোৰে আমাৰ ডিঙিত যুৱলি লগাইছে।

6আমি মিচৰীয়াহঁতৰ ফালে হাত মেলিলো,

7আমাৰ পূৰ্বপুৰুষসকলে পাপ কৰিলে, আৰু তেওঁলোক এতিয়া নাই,

8আমাৰ ওপৰত বন্দীবোৰে শাসন কৰে, তেওঁলোকৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰোঁতা কোনোৱেই নাই।

9আমাৰ প্ৰাণৰ সংশয়েৰেহে আমি আমাৰ আহাৰ আনো,

10দুৰ্ভিক্ষৰ জ্বলন্ত তাপৰ কাৰণে;

11শত্ৰুবোৰে চিয়োনত মহিলাসকলক বলাৎকাৰ কৰিলে,

12প্ৰধান লোকসকলক হাতত ডোল লগাই ওলোমাই দিয়া হ’ল,

13ডেকাসকলে জাঁত-শিল বলে,

14বৃদ্ধসকলে ঘৰ-দুৱাৰ ত্যাগ কৰিলে,

15আমাৰ মনৰ উল্লাস গ’ল;

16আমাৰ মুৰৰ পৰা মুকুটটি খহি পৰিল!

17এই কাৰণে আমাৰ অন্তৰ পীড়িত হ’ল,

18কিয়নো চিয়োন পৰ্ব্বতক ধংস কৰা হ’ল, তাৰ ওপৰত শিয়ালবোৰ ফুৰে।

19হে যিহোৱা, তুমি চিৰকাললৈকে আছা,

20তুমি চিৰকাললৈকে আমাক কিয় পাহৰিলা?

21হে যিহোৱা, তোমালৈ আমাক উভতাই আনা, তেতিয়াহে আমি অনুতপ্ত হ’ম;

22যদিহে তুমি আমাক সম্পূৰ্ণকৈ ত্যাগ কৰা নাই,

← বিলা 4 বিলা