1সুবৰ্ণ কেনে মলিন হল! অতি শুদ্ধ সোণ কেনে পৰিৱৰ্তন হ’ল।
2উত্তম সোণৰ তুল্য চিয়োনৰ বহুমূল্য পুত্ৰসকল কুমাৰৰ হাতৰ কৰ্ম মাটিৰ কলহ যেন কেনে গণ্য হ’ল!
3শিয়ালবোৰেও নিজ নিজ পোৱালিবোৰক পিয়াহ দি প্ৰতিপালনকাৰিণী হয়,
4পিয়াহ খোৱা কেঁচুৱাৰ জিভা পিয়াহত তালুত লাগিল;
5সুখাদ্য খোৱাসকলে আলিত অনাথ হৈ পৰি আছে;
6মোৰ জাতিস্বৰূপা জীয়ৰী সকলৰ অপৰাধ, সেই চদোমৰ পাপতকৈয়ো অধিক,
7তেওঁৰ প্ৰধান লোকসকল হিমতকৈয়ো নিৰ্ম্মল, এঁৱা গাখীৰতকৈয়ো বগা আছিল।
8এতিয়া তেওঁলোকৰ মুখ এঙাৰতকৈ ক’লা হ’ল, আৰু তেওঁলোকক আলিবাটত চিনি পোৱা নাযায়।
9ভোকত মৰা লোকতকৈ তৰোৱালৰ দ্বাৰাই হত হোৱা লোক ধন্য,
10স্নেহৱতী মহিলাসকলে নিজ হাতেৰে নিজ নিজ সন্তান সিজালে;
11যিহোৱাই নিজৰ ক্ৰোধ সিদ্ধ কৰিলে, নিজৰ প্ৰচণ্ড ক্ৰোধ বৰষালে; তেওঁ চিয়োনত
12ইয়াক পৃথিৱীৰ ৰজাসকলে নাইবা আটাই জগত নিবাসীয়ে বিশ্বাস নকৰিব
13সেই ভাববাদীসকলৰ পাপৰ আৰু সেই পুৰোহিতসকলৰ অপৰাধৰ বাবে এয়ে ঘটিল
14সিহঁতে অন্ধ লোকসকলৰ দৰে আলিত ভ্ৰমণ কৰিছিল। সিহঁত তেজেৰে এনেকৈ অশুচি হৈছিল,
15লোকসকলে সিহঁতক ৰিঙিয়াই কৈছিল, “গুচ, হে অশুচি, গুচ, গুচ, নুচুবি!”
16যিহোৱাৰ ক্ৰোধে সিহঁতক ছিন্ন-ভিন্ন কৰিলে; তেওঁ সিহঁতলৈ পুনৰ দৃষ্টি নকৰিব।
17আমি সহায়ৰ বাবে বৃথা আশা কৰোঁতে, আমাৰ চকু দুর্বল হৈ গ’ল,
18শত্ৰুবোৰে আমাৰ খোজলৈ এনেকৈ খাপ দি আছিল যে,
19আমাৰ পাছে পাছে খেদি অহাবোৰ আকাশৰ কুৰ4:19 কুৰ ঈগল পক্ষীতকৈও বেগী আছিল।
20আমাৰ নাকৰ নিশ্বাসস্বৰূপ যিহোৱাৰ সেই অভিষিক্ত জনক সিহঁতৰ গাতত ধৰা হ’ল,
21হে উচ দেশীয় ইদোম নিবাসিনী জীয়ৰী সকল উল্লাস কৰা আৰু আনন্দিত হোৱা,
22হে চিয়োন-জীয়াৰী, তোমাৰ অপৰাধৰ দণ্ড সম্পূৰ্ণ হ’ল; তেওঁ পুনৰ তোমাক বন্দী অৱস্থালৈ নিনিব।