1প্ৰভুৱে নিজ ক্ৰোধত কেনে এটা ডাঙৰ মেঘেৰে চিয়োন-জীয়াৰীক সম্পূৰ্ণৰূপে ঢাকিলে!
2প্ৰভুৱে দয়া নকৰি যাকোবৰ সকলো নগৰবোৰ গ্ৰাস কৰিলে।
3তেওঁ প্ৰচণ্ড ক্ৰোধত ইস্ৰায়েলৰ সকলো শক্তি ছেদন কৰিলে।
4শত্ৰুৰ নিচিনাকৈ তেওঁৰ নিজৰ ধনু আমাৰ দিশে ভাঁজ কৰিলে। তেওঁ যুদ্ধত থকা শত্রুৰ দৰে, আমালৈ মাৰি পঠিয়াবৰ বাবে নিজ হাতক সাজু কৰালে। তেওঁৰ দৃষ্টিত তৃপ্তিজনক সকলোকে বধ কৰিলে।
5প্ৰভুৱে শত্ৰু যেন হ’ল। তেওঁ ইস্ৰায়েলক গ্ৰাস কৰিলে।
6তেওঁ নিজ তম্বু বাৰীৰ টঙি ধংস কৰাৰ দৰে ধংস কৰিলে আৰু নিজৰ সমাজ পতা ঠাই বিনষ্ট কৰিলে।
7প্ৰভুৱে তেওঁৰ যজ্ঞবেদী অগ্রাহ্য কৰিলে; আৰু তেওঁৰ পবিত্ৰ স্থান ঘিণ কৰিলে।
8যিহোৱাই উদ্দেশ্যমূলকভাৱে চিয়োন-জীয়াৰীৰ গড় নষ্ট কৰিবলৈ মনস্থ কৰিলে।
9চিয়োন-জীয়াৰীৰ দুৱাৰবোৰ মাটিত পোত গ’ল; চিয়োনৰ দুৱাৰৰ ডাংবোৰ যিহোৱাই নষ্ট কৰিলে আৰু ভাঙিলে।
10চিয়োন-জীয়াৰীৰ বৃদ্ধসকলে মাটিত বহি নীৰৱে শোক কৰি আছে।
11মোৰ চকু-লো বন্ধ হৈ ৰঙা হ’ল; মোৰ হৃদয় অত্যন্ত দুখিত হৈছে।
12“আহাৰ আৰু দ্ৰাক্ষাৰস ক’ত?” এই বুলি তেওঁলোকে নিজ নিজ মাতৃসকলক প্রশ্ন কৰে।
13হে যিৰূচালেম-জীয়াৰী, তোমাৰ বিষয়ে মই কি সাক্ষ্য দিম? তোমাক শান্ত্বনা দিবৰ বাবে তোমাৰে সৈতে কিহৰ তুলনা দিম? হে কুমাৰী চিয়োন-জীয়াৰী,
14তোমাৰ ভাববাদীসকলে তোমাৰ পক্ষে মিছা আৰু মুৰ্খতাৰ দৰ্শন পালে।
15আটাই বাটৰুৱাই তোমাক দেখি হাত-তালি দিছে।
16তোমাৰ আটাই শত্ৰুৱে তোমাৰ অহিতে মুখ বহলকৈ মেলিলে আৰু তোমাৰ বিপক্ষে ঠাট্টা কৰিলে।
17যিহোৱাই নিজেই কৰা সংকল্প সিদ্ধ কৰিলে, পূৰ্বকালত আজ্ঞা কৰা তেওঁৰ বাক্য পূৰ্ণ কৰিলে।
18তেওঁলোকে মনতে প্ৰভুৰ আগত কাতৰোক্তি কৰি ক’লে,
19উঠা আৰু প্ৰত্যেক প্ৰহৰৰ আৰম্ভণতে ৰাতি চিঞৰি কান্দা
20হে যিহোৱা, বিবেচনা কৰি চোৱা, তুমি যি জনলৈ এনে ব্যৱহাৰ কৰিছা।
21ডেকা আৰু বুঢ়া লোক, আলিবাটৰ মাটিত পৰি আছে।
22তুমি পৰ্ব্বদিনৰ নিচিনাকৈ চাৰিওফালৰ পৰা মোলৈ নানা ত্ৰাস2:22 শত্ৰুক মাতিলা;