We Believe JesusFé, Esperança e Nova Vida

বিলা 1

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

বিলা বিলা 2 →

1যি যিৰূচালেম নগৰ এসময়ত প্ৰজাৰে পৰিপূৰ্ণ আছিল, সেই নগৰ এতিয়া কেনে অকলশৰীয়া হৈ ৰৈ আছে!

2তাই ৰাতি উচুপি বিলাপ কৰে আৰু তাইৰ চকুৰ পানী গালেৰে বৈ যায়।

3দৰিদ্রতা আৰু ক্লেশ-ভোগ কৰাৰ পাছত যিহূদা বন্দীত্বত গ’ল।

4নিৰ্ধাৰিত পৰ্ব্বলৈ কোনো নোযোৱাত, চিয়োনৰ পথবোৰে শোক কৰিছে।

5তাইৰ শত্ৰুবোৰ, তাইৰ প্রভু হ’ল; আৰু তেওঁলোকৰ উন্নতি হ’ল।

6আৰু চিয়োন-জীয়াৰীৰ সৌন্দৰ্য্যই তাইক ত্যাগ কৰিলে।

7যিৰূচালেমে নিজৰ দুখ আৰু কষ্টৰ দিনত,

8যিৰূচালেমে অতিশয় পাপ কৰিলে; এই কাৰণে তাই অশুচি বস্তু যেন হ’ল।

9তাইৰ চুৱা, তাইৰ কাপোৰৰ আঁচলত লাগি আছে। তাই নিজৰ শেষ গতিলৈ মন নকৰিলে।

10শত্ৰুৱে তাইৰ আটাই মনোহৰ বস্তুবোৰৰ ওপৰত হাত দিলে।

11তাইৰ সকলো প্ৰজাই অন্ন বিচাৰি দুখত কেঁকাই আছে।

12হে বাটৰুৱাসকল, এয়ে তোমালোকৰ দৃষ্টিত একোকে নহয় নে?

13তেওঁ ওপৰৰ পৰা মোৰ হাড়বোৰৰ মাজলৈ অগ্নি পঠিয়ালে আৰু সেয়ে হাড়বোৰক জ্ৱলাই পেলালে।

14মোৰ অপৰাধৰূপ যুৱলি, তেওঁৰ হাতেৰে বন্ধা হ’ল।

15মোক ৰক্ষা কৰা মোৰ আটাই বীৰকে প্ৰভুৱে তুচ্ছ কৰিলে।

16এইবোৰ কথাৰ কাৰণে মই কান্দিছোঁ। মোৰ চকুৰ পৰা পানী বৈ গৈছে;

17চিয়োনে সহায়ৰ বাবে বহলকৈ হাত মেলিছে; তাইক শান্তনা দিবলৈ কোনো নাই।

18যিহোৱা ধাৰ্মিক, কিয়নো মই তেওঁৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলোঁ।

19মই মোৰ প্ৰেমকাৰীসকলক মাতিলোঁ, কিন্তু তেওঁলোক মোৰ প্রতি বিশ্বাসঘাতক হ’ল।

20হে যিহোৱা, চাওঁক, মই সঙ্কটত পৰিলোঁ; মোৰ হৃদয় অত্যন্ত দুখিত হৈছে।

21মোৰ কেঁকনি শুনক। মোক শান্ত্বনা দিবলৈ কোনো নাই।

22তেওঁলোকৰ সকলো দুষ্টতা আপোনাৰ আগত উপস্থিত হওঁক,

বিলা বিলা 2 →