1ইয়োবে নিজৰ দৃষ্টিত নিজকে ধাৰ্মিক বুলি মনাত, সেই তিনিজনে তেওঁক উত্তৰ দিবলৈ এৰিলে।
2এতিয়া ৰামৰ গোষ্ঠীৰ বূজীয়া বৰখেলৰ পুত্ৰ ইলীহুৰ ক্ৰোধ জ্বলি উঠিল; ইয়োবে ঈশ্বৰক ধাৰ্মিক নাপাতি নিজকে পতাত্হে তেওঁৰ ওপৰত ইলীহুৰ ক্ৰোধ জ্বলি উঠিল।
3আৰু বন্ধু তিনি জনে ইয়োবক উত্তৰ দিব নোৱাৰিও তেওঁক দোষী কৰাত, তেওঁলাকলৈকো ইলীহুৰ ক্ৰোধ জ্বলি উঠিল।
4তেওঁবিলাক ইলীহুত্কৈ বয়সত ডাঙৰ দেখি, ইলীহুৱে ইয়োবক কথা কবলৈ বাট চাইছিল।
5পাছে সেই তিনিজন লোকৰ মুখত উত্তৰ নোহোৱা দেখি, ইলীহুৰ ক্ৰোধ জ্বলি উঠিল।
6তাতে বূজীয়া বৰখেলৰ পুত্ৰ ইলীহুৱে উত্তৰ কৰি কলে,
7মই মনতে কৈছিলোঁ, বহুদিনিয়া লোকেই কওক,
8কিন্তু মনুষ্যৰ অন্তৰত আত্মা আছে,
9বৰ বৰ লোক যে জ্ঞানী, এনে নহয়;
10এই হেতুকে মই কওঁ, মোলৈ কাণ পাতা;
11চোৱা, যেতিয়ালৈকে তোমালোকে কথা বিচাৰিছিলা,
12মই তোমালোকলৈ মন দি আছিলোঁ,
13সাৱধান, তোমালোকে নকবা যে,
14কিয়নো তেওঁ মোৰ অহিতে কথা কোৱা নাই;
15তোমালোকে তধা লাগিল, উত্তৰ নিদিয়ে আৰু;
16মই আৰু কিয় বাট চাম? তেওঁবিলাকে কথা নকয়;
17মইও নিজৰ পক্ষে উত্তৰ দিম;
18কিয়নো মই কথাৰে পৰিপূৰ্ণ,
19চোৱা, মোৰ পেট বন্ধ কৰি থোৱা দ্ৰাক্ষা ৰসৰ নিচিনা।
20মই উপশম পাবৰ নিমিত্তে কথা কম;
21মই কাৰো মুখলৈ নাচাম,
22কিয়নো মই খুচামোদ কৰিব নাজানো;