1হে ইস্ৰায়েল নামেৰে প্ৰখ্যাত, আৰু যিহূদাৰ জল সমূহৰ পৰা উৎপন্ন হোৱা যাকোবৰ বংশ, এই কথা শুনা,
2কাৰণ তেওঁলোকে নিজকে পবিত্ৰ নগৰ লোক বুলি কয়,
3মই বহু দিনৰ আগৰে পৰা কথাবোৰ ঘোষনা কৰিলোঁ; এনে কি, সেইবোৰ মোৰ মূখৰ পৰা ওলাল, আৰু মই সেইবোৰ জানিবলৈ দিলোঁ;
4কাৰণ মই জানো, যে, তুমি অবাধ্য,
5এই হেতুকে মই ইতিপূৰ্বে তাক তোমাৰ আগত প্ৰকাশ কৰিলোঁ; সেইবোৰ ঘটাৰ পূর্বেই মই তোমাক জনালোঁঁ,
6তুমি এই কথাৰ বিষয়ে শুনিলা; তুমি এই সকলো সাক্ষ্য চোৱা; আৰু মই যি কৈছিলোঁ তাক জানো সত্য বুলি স্বীকাৰ নকৰিবা? এতিয়াৰে পৰা মই তোমাক নতুন বিষয়বোৰ, তুমি আগেয়ে নজনা গুপ্ত বিষয়বোৰ তোমাক দেখুৱাও।
7সেইবোৰ এতিয়া স্ৰজন কৰা হ’ল, আগৰ পৰা নাছিল, আজিৰ আগতে তুমি সেইবোৰৰ বিষয়ে শুনা নাছিল,
8তুমি কেতিয়াও শুনা নাই, জনাও নাই, তোমালোকে শুনিবৰ বাবে এইবোৰ কথা আগেয়ে মুকলি হোৱা নাছিল।
9মই তোমাক উচ্ছন্ন নকৰিবৰ বাবে মই মোৰ নামৰ কাৰণে ক্ৰোধ স্হগিত ৰাখিম, আৰু মোৰ সন্মানৰ কাৰণে কুন্ঠাবোধ কৰিম।
10চোৱা, মই তোমাক সংশোধিত কৰিম, কিন্তু ৰূপৰ দৰে নহয়; অত্যন্ত যন্ত্রণাত অগ্নিশালত মই তোমাক শুদ্ধ কৰিম।
11মই নিজৰ কাৰণে, কেৱল নিজৰ কাৰণে কাৰ্য কৰিম; কাৰণ মোৰ নাম কেনেকৈ অসন্মানিত হ’বলৈ দিব পাৰোঁ?
12হে মোৰ আমন্ত্ৰিত যাকোব আৰু ইস্ৰায়েল, মোৰ কথা শুনা;
13হ’য়, মোৰ হাতে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰিলে, আৰু মোৰ সোঁহাতে আকাশ মণ্ডল বিস্তাৰ কৰিলে;
14তোমালোক সকলোৱে নিজকে সমবেত কৰা, আৰু শুনা; তোমালোকৰ মাজৰ কোনে এইবোৰ কথা প্ৰকাশ কৰিলে?
15মই, মইয়েই কথা ক’লোঁ, হ’য়, ময়েই সেই জনক মাতিলোঁ, ময়েই সেই জনক আনিলোঁ; আৰু তেওঁ কৃতকাৰ্য্য হ’ব।
16তোমালোকে মোৰ ওচৰলৈ আহি এই কথা শুনা;
17তোমাৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে:
18যদি তোমালোকে কেৱল মোৰ আজ্ঞাবোৰ মানি চলিলা হয়!
19তোমালোকৰ বংশ বালিৰ দৰে অসংখ্য, আৰু তোমালোকৰ ঔৰসত জন্মা সন্তান বালিৰ কণিকা সমূহৰ দৰে অসংখ্য হ’লহেঁতেন;
20বাবিলৰ পৰা ওলাই আহা! কলদীয়াসকলৰ মাজৰ পৰা পলাই যোৱা!
21যেতিয়া তেওঁ তেওঁলোকক শুকান ভুমিয়েদি লৈ গৈছিল, তেতিয়া তেওঁলোকৰ পিয়াহ লগা নাছিল;
22যিহোৱাই কৈছে, “দুষ্ট লোকসকলৰ কাৰণে কোনো শান্তি নাই।”