1হে বাবিলৰ কুমাৰী জীয়াৰী, তুমি নামি আহা, আৰু ধুলিত বহা;
2জাঁত লোৱা আৰু আটা পিহি গুৰি কৰা, তোমাৰ ওৰণি গুচুউৱা,
3তোমাৰ বিৱস্ত্ৰতা প্ৰকাশ পাব, হ’য়, তোমাৰ লাজ দেখা যাব:
4আমাৰ মুক্তিদাতাৰ নাম, বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা।
5হে কলদীয়া জীয়াৰী, নিজম দি বহা, আৰু আন্ধাৰৰ মাজলৈ যোৱা;
6মই মোৰ প্ৰজাসকলৰ ওপৰত ক্ৰোধ কৰিলোঁ, মই মোৰ আধিপত্য অপবিত্ৰ কৰিলোঁ;
7তুমি ক’লা, “মই চিৰকাললৈকে একচ্ছত্ৰী ৰাণী হৈ থাকিম;”
8নিশ্চিন্ত মনে বহি থকা হে ইন্দ্রিয়াসক্ত, সেইয়ে তুমি এতিয়া এই কথা শুনা,
9কিন্তু এই দুয়োটা বিষয়েই তোমালৈ এদিনতে ঘটিব:
10তুমি তোমাৰ দুষ্টতাত নির্ভৰ কৰিছা; তুমি কোৱা “মোক কোনেও নেদেখে;”
11বিপর্যয়ে তোমাক পৰাজিত কৰিব; তুমি তন্ত্র-মন্ত্ৰেৰে তাক দূৰ কৰিব নোৱাৰিবা।
12যি তন্ত্ৰ মন্ত্ৰ আৰু মায়াকর্মবোৰত তুমি লাগি আছিলা
13তুমি অনেক পৰামৰ্শৰ সৈতে ভাগৰি পৰিছা; সেই লোকসকলক ঠিয় হ’ব দিয়া
14চোৱা, তেওঁলোক খেৰৰ দৰে হ’ব; তেওঁলোকক জুইয়ে পুৰি পেলাব,
15সেইবোৰ তোমাৰ কাৰণে একো নহয় কিন্তু কঠোৰ পৰিশ্ৰম মাথো, যিসকলৰ সৈতে সৰু কালৰে পৰা তুমি বেপাৰ বাণিজ্য কৰিলে,