1হে আকাশ-মণ্ডল, মোৰ কথালৈ কাণ পাতা;
2মোৰ উপদেশ বৰষুণৰ দৰে টোপা-টোপে পৰক,
3কিয়নো মই যিহোৱাৰ নাম ঘোষণা কৰিম;
4তেওঁ আশ্রয় শিলা, তেওঁৰ কার্য নিখুঁত,
5তেওঁৰ লোকে তেওঁৰ বিৰুদ্ধে অশিষ্টাচৰণ ব্যৱহাৰ কৰিছে;
6হে অবুজ, বুদ্ধিহীন জাতি,
7সেই পুৰণি দিনবোৰৰ কথা সোঁৱৰা,
8সৰ্ব্বোপৰি ঈশ্বৰে যেতিয়া জাতিবোৰক নিজৰ আধিপত্য ভাগ কৰি দিলে,
9কিয়নো যিহোৱাৰ অংশই
10তেওঁ তেওঁক এক মৰুভূমিত পালে,
11যেনেকৈ ঈগল চৰায়ে নিজৰ বাঁহক পহৰা দিয়ে;
12তেনেকৈ যিহোৱাই অকলেই যাকোবক চলাই লৈ ফুৰিলে;
13পৃথিবীৰ পার্বত্য ঠাইৰ ওপৰত তেওঁ যাকোবক ৰাখিলে,
14গৰু গাখীৰৰ পৰা উৎপন্ন হোৱা মাখন আৰু মেৰ-ছাগপালৰ পৰা গাখীৰ দিলে।
15যাকোবে হৃষ্ট-পুষ্ট হৈ খালে;
16তেওঁলোকে অন্য দেৱতালৈ কৰা সেৱা-পূজাই যিহোৱাক ঈর্ষান্বিত কৰিলে;
17ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে বলি উৎসর্গ কৰিলে, ঈশ্বৰলৈ নহয়;
18যি ঈশ্বৰে তোমালোকক জন্ম দিলে তোমালোকৰ পিতৃ হ’ল, তোমালোকে সেই শিলাক অগ্রাহ্য কৰিলা,
19যিহোৱাই এই সকলো দেখি ঈর্ষান্বিত হ’ল; তেওঁ নিজৰ পুত্র-কন্যাক অগ্রাহ্য কৰিলে।
20তেওঁ ক’লে, “মই তেওঁলোকৰ পৰা মোৰ মুখ লুকুৱাম। তেওঁলোকৰ শেষ দশা কি হ’ব, মই তাক চাম;
21যি ঈশ্বৰ নহয়, তাৰ সেৱা-পূজাৰ দ্বাৰাই তেওঁলোকে মোক ঈর্ষান্বিত কৰিলে,
22কিয়নো মোৰ ক্ৰোধত এক অগ্নি প্ৰজ্বলিত হৈছে,
23মই তেওঁলোকৰ ওপৰত দুর্যোগৰ স্তূপ গঢ়িম;
24দেহ শুকাই যোৱা দুর্ভিক্ষ,
25বাটত তৰোৱালে মাৰিব,
26মই ক’লো যে মই তেওঁলোকক সিচঁৰতি কৰিম,
27কিন্তু মই তেওঁলোকৰ শত্ৰুবোৰৰ ক্রোধাগ্নিলৈ ভয় কৰিলোঁ,
28তেওঁলোক এক বিবেকহীন জাতি;
29তেওঁলোক জ্ঞানী হোৱা হ’লে, এই কথা বুজিলেহেঁতেন;
30এজনে কেনেকৈ এহেজাৰজনক ছত্রভঙ্গ কৰিব পাৰে,
31শত্রুৰ শিলা আমাৰ শিলাৰ নিচিনা নহয়;
32সিহঁতৰ দ্ৰাক্ষালতা চদোমৰ দ্রাক্ষাকুণ্ডৰ পৰা, আৰু
33সিহঁতৰ দ্ৰাক্ষাৰস সাপৰ বিষ,
34এই কথা মই জানো সাঁচি ৰখা নাই?
35সিহঁতৰ ভৰি পিছল খোৱা সময়ত
36যিহোৱাই যেতিয়া দেখিব যে,
37তেওঁ তেতিয়া ক’ব,
38তেওঁলোকৰ বলিবোৰৰ মেদযুক্ত আহাৰ কোনে ভোজন কৰিছিল,
39এতিয়া তোমালোকে ভাবি চোৱা,
40কিয়নো মই আকাশলৈ হাত দাঙি শপত খাই ক’লো,
41যেতিয়া মোৰ জিলিকি থকা তৰোৱালত ধাৰ দিওঁ,
42হত হোৱা লোক আৰু বন্দীসকলৰ তেজেৰে সৈতে
43হে আকাশ মণ্ডল, আনন্দিত হোৱা,
44এইদৰে মোচি আৰু নুনৰ পুত্ৰ যিহোচূৱাই গৈ এই গীতৰ সকলো কথা লোকসকলক শুনালে।
45ইস্ৰায়েলীয়া লোকসকলৰ আগত মোচিয়ে যেতিয়া এই গীতবোৰ গাই শেষ কৰিলে,
46তেতিয়া তেওঁ তেওঁলোকক ক’লে, “যি সকলো কথা আপোনালোকৰ বিৰুদ্ধে সাক্ষ্যস্বৰূপে আজি মই আপোনালোকক ক’লো, তাক আপোনালোকে মনত গাঠি ৰাখক যাতে এই নিয়মৰ সকলো কথা যত্নেৰে সৈতে পালন কৰিবৰ কাৰণে আপোনালোকৰ সন্তান সকলক আজ্ঞা দিব পাৰে।
47কিয়নো আপোনালোকৰ কাৰণে ই সাধাৰণ কথা নহয়; বৰঞ্চ জীৱনৰহে কথা; কাৰণ ইয়াতেই আপোনালোকৰ জীৱন আছে, আৰু আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দ্দন পাৰ হৈ যাব, সেই দেশত ইয়াৰ দ্বাৰাই আপোনালোক দীর্ঘায়ু হ’ব পাৰে।”
48সেইদিনাখনেই যিহোৱাই মোচিক ক’লে,
49“তুমি যিৰীহোৰ বিপৰীতে মোৱাব দেশত থকা সেই অবাৰীম পৰ্ব্বতমালাৰ নবো পাহাৰৰ ওপৰলৈ উঠি যোৱা আৰু ইস্ৰায়েলীয়াসকলক অধিকাৰৰ অৰ্থে মই যি দেশ দিবলৈ গৈ আছোঁ, সেই কনান দেশ চোৱাগৈ।
50যেনেকৈ তোমাৰ ককায়েৰা হাৰোণৰ মৃত্যু হোৰ পাহাৰত হৈছিল আৰু তেওঁ নিজৰ পূর্বপুৰুষসকলৰ ওচৰলৈ গৈছিল, তেনেকৈ তোমাৰ মৃত্যু সেই পাহাৰৰ ওপৰতে হ’ব আৰু তুমিও পূর্বপুৰুষসকলৰ ওচৰলৈ গুচি যাবা।
51কিয়নো ছিন মৰুভূমিত কাদেচৰ মিৰীবা পানীৰ ওচৰত ইস্ৰায়েলীয়া সন্তান সকলৰ মাজত মোৰ পবিত্রতা মানি নচলি তোমালোকে ইস্ৰায়েলীয়া সন্তান সকলৰ আগত মোৰ প্রতি অবিশ্বাসৰ কার্য কৰিছিলা।
52তথাপিও, মই ইস্ৰায়েলীয়া সন্তান সকলক যি দেশ দিবলৈ গৈ আছোঁ, তুমি সেই দেশত নোসোমাবা, কিন্তু কেৱল দূৰৰ পৰা তাক চাবলৈ পাবা।”