We Believe JesusFé, Esperança e Nova Vida

প্ৰকাশিত বাক্য 5

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← প্ৰকাশিত বাক্য 4 প্ৰকাশিত বাক্য প্ৰকাশিত বাক্য 6 →

1তেতিয়া মই দেখিলোঁ, সেই জনৰ সোঁ হাতে সিংহাসনত এজন বহি আছে, এটা পুথিৰ নুৰা আগফালে আৰু পাছফালে লিখা আৰু সাতোটা ছাবেৰে ছাব মৰা আছিল৷

2মই এজন প্ৰভাৱশালী দূত দেখিলোঁ; তেওঁ বৰ মাতেৰে এই কথা ঘোষণা কৰিলে, “এনে কোন ব্যক্তি আছে যি জনে এই নুৰাটো খুলিব আৰু তাৰ ছাববোৰ মেলিবৰ বাবে উপযুক্ত”?

3স্বৰ্গত বা পৃথিৱীত বা পৃথিৱীৰ তলত থকা কোনেও সেই নুৰা মেলিব বা সেই পুথি খন পঢ়িব নোৱাৰিলে।

4তেতিয়া মই অনেক ক্ৰন্দন কৰিলোঁ, কাৰণ সেই নুৰাটো মেলি পঢ়িবলৈ কোনো এজন যোগ্য ব্যক্তি পোৱা নগ’ল।

5কিন্তু সেই পৰিচাৰক সকলৰ এজনে মোক ক’লে, “তুমি ক্ৰন্দন নকৰিবা; চোৱা! যি জন যিহূদা ফৈদৰ সিংহ আৰু দায়ুদৰ মূলস্বৰূপ, 5:5 আ 49:9, 10; যিচ 11:1, 10৷ তেওঁ জয়যুক্ত হৈ সেই নুৰা আৰু তাৰ সাতোটা ছাব মেলিবলৈ সমৰ্থ হ’ল”।

6তেতিয়া মই সেই সিংহাসনৰ আৰু চাৰি জীৱিত প্ৰাণীৰ মাজত আৰু সেই পৰিচাৰক সকলৰ মাজত, হত হোৱাৰ নিচিনা মেৰ-পোৱালি এটা থিয় হৈ থকা দেখিলোঁ; তেওঁৰ সাতোটা শিং আৰু সাতোটা চকু আছিল - এইবোৰ পৃথিৱীৰ সকলো ঠাইতে পঠোৱা সাতোটা ঈশ্বৰৰ আত্মা।

7তেওঁ আহি সিংহাসনত বহি থকা জনৰ সোঁ হাতৰ পৰা সেই নুৰাটো ল’লে৷

8যেতিয়া তেওঁ সেই নুৰাটো ল’লে তেতিয়া জীৱিত প্ৰাণী চাৰিটা আৰু সেই চৌবিশ জন পৰিচাৰকে নিজে মেৰ-পোৱালি জনৰ সন্মুখলৈ আহি উবুৰি হৈ পৰিল৷ তেখেত সকলৰ হাতত গাইপতি বীণা আৰু পবিত্ৰ লোক সকলৰ প্ৰাৰ্থনা স্বৰূপ5:8 গীত 141:2৷ সুগন্ধি ধূপেৰে পৰিপূৰ্ণ সোণৰ বাটি আছিল।

9আৰু তেখেত সকলে এটি নতুন গীত গালে:

10আৰু আমাৰ ঈশ্বৰৰ সেৱাৰ উদ্দেশ্যে তেওঁলোকক ৰাজ্য স্বৰূপ আৰু পুৰোহিত পাতিলে,

11তেতিয়া মই চাওতে সেই সিংহাসনৰ চাৰিওফালে অনেক স্বৰ্গৰ দূতৰ মাত শুনিলোঁ; তেওঁলোকৰ সংখ্যা 20,00,00,000 আছিল; তেওঁলোকৰ সৈতে সেই জীৱিত প্ৰাণী চাৰিটা আৰু পৰিচাৰক সকলো আছিল৷

12তেওঁলোক সকলোৱে বৰ মাতেৰে ক’লে,

13আৰু স্বৰ্গত, পৃথিৱীত, পৃথিৱীৰ তলত আৰু সাগৰত যি সকলো সৃষ্ট বস্তু আছে সেই সকলোৱে কোৱা শুনিলোঁ,

14আৰু সেই জীৱিত প্ৰাণী চাৰিটাই ক’লে, “আমেন”! আৰু সেই পৰিচাৰক সকলে সমৰ্পিত হৈ মাটিত পৰি আৰাধনা কৰিলে’।

← প্ৰকাশিত বাক্য 4 প্ৰকাশিত বাক্য প্ৰকাশিত বাক্য 6 →