We Believe JesusFé, Esperança e Nova Vida

প্ৰকাশিত বাক্য 4

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← প্ৰকাশিত বাক্য 3 প্ৰকাশিত বাক্য প্ৰকাশিত বাক্য 5 →

1সেই সকলোৰ পাছত মই চাই দেখিলোঁ, স্বৰ্গত এখন দুৱাৰ মেলা আছে আৰু মোৰে সৈতে কথা হোৱা, তূৰীৰ মাতৰ দৰে, যি মাত মই প্ৰথমে শুনিছিলোঁ, তেনে মাতেৰে কোনোবাই ক’লে, “ইয়ালৈ উঠি আহা; ইয়াৰ পাছত যি যি ঘটিব লাগে, সেইবোৰ মই তোমাক দেখুৱাম”।

2তেতিয়াই মই আত্মাত আছিলোঁ আৰু মই দেখা পালোঁ, স্বৰ্গত এখন সিংহাসন স্থাপন কৰা আছিল, তাতে কোনো এজন লোক বহি আছিল৷

3সেই বহি থকা জন দেখিবলৈ সুৰ্য্যকান্ত আৰু চাৰ্দ্দীয়া মণিৰ নিচিনা৷ সেই সিংহাসনৰ চাৰিওফালে এখন ৰামধনু 4:3 ৰামধনু মেঘধনুআছিল, 4:3 যিহি 1:26-28 সেই ৰামধনু খন দেখিবলৈ মৰকত মণিৰ নিচিনা আছিল৷

4সেই সিংহাসন খনৰ চাৰিওফালে চৌবিশ খন সিংহাসন আছিল; সেই সিংহাসনবোৰৰ ওপৰত বগা বস্ত্ৰ আৰু মুৰত সোণৰ কিৰীটি পিন্ধা চৌবিশ জন পৰিচাৰক বহি আছিল।

5সেই সিংহাসনৰ পৰা বিজুলীৰ দৰে মাত আৰু মেঘ-গৰ্জ্জন ওলাইছিল; সেই সিংহাসনৰ আগত জ্বলি থকা অগ্নিৰ সাতোটা প্ৰদীপ আছিল, আৰু সেইবোৰেই আছিল ঈশ্বৰৰ সাত আত্মা৷

6সেই সিংহাসনৰ সন্মুখত এখন স্ফটিকৰ দৰে স্ৱচ্ছ সমুদ্ৰ আছিল। সেই সিংহাসনৰ চাৰিওফালে চাৰি প্ৰাণী আছিল, তেওঁলোকৰ আগফাল আৰু পাছফাল চকুৰেই পৰিপূৰ্ণ আছিল।

7প্ৰথম প্ৰাণী সিংহৰ নিচিনা, দ্বিতীয় প্ৰাণী দামুৰিৰ নিচিনা, তৃতীয় প্ৰাণী মানুহৰ নিচিনা মুখ থকা আৰু চতুৰ্থ প্ৰাণী উড়ি ফুৰা ঈগল পক্ষীৰ নিচিনা আছিল।

8সেই চাৰি প্ৰাণীৰ প্ৰত্যেকৰ ছয় খনকৈ ডেউকা আৰু সেই প্ৰাণীবোৰৰ বাহিৰে ভিতৰে চকুৰেই পৰিপূৰ্ণ আছিল৷ তেওঁলোকে অবিৰাম দিনে-ৰাতিয়ে এই বুলি কৈ থাকে,

9যেতিয়া সেই প্ৰাণীবোৰে চিৰকাল সিংহাসনত বহা সেই জীৱিত জনৰ মহিমা, সমাদৰ আৰু ধন্যবাদ কৰিব,

10তেতিয়া সেই চৌবিশ জন পৰিচাৰকে সিংহাসনত বহা জনৰ আগত দণ্ডৱৎ হৈ চিৰকাল জীৱিত জনৰ আগত প্ৰণিপাত কৰি, সেই সিংহাসনৰ আগত তেওঁলোকৰ কিৰীটিবোৰ পেলাই ক’ব,

11“হে আমাৰ প্ৰভু, আমাৰ ঈশ্বৰ,

← প্ৰকাশিত বাক্য 3 প্ৰকাশিত বাক্য প্ৰকাশিত বাক্য 5 →