1হে যিহোৱা, মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ!
2হে মোৰ ঈশ্বৰ, মই তোমাতেই ভাৰসা কৰিছোঁ;
3তোমালৈ অপেক্ষা কৰাসকলক তুমি লাজত পৰিবলৈ নিদিবা;
4হে যিহোৱা, তোমাৰ পথবোৰ মোক জনোৱা;
5তোমাৰ সত্যতাত মোক পৰিচালিত কৰা আৰু মোক শিক্ষা দিয়া;
6হে যিহোৱা, তোমাৰ দয়া আৰু অসীম প্রেমৰ কথা তুমি পাহৰি নাযাবা,
7মোৰ যৌৱন কালৰ পাপ আৰু অপৰাধবোৰ তুমি সোঁৱৰণ নকৰিবা;
8যিহোৱা মঙ্গলময় আৰু সৎ;
9তেওঁ নম্ৰ লোকক ন্যায় পথত চলায়,
10যিসকলে যিহোৱাৰ ব্যৱস্থা আৰু বিধিবোৰ পালন কৰে,
11হে যিহোৱা, মোৰ অপৰাধ অতি গুৰুতৰ;
12কোন সেই লোক, যি জনে যিহোৱালৈ ভয় ৰাখে?
13তেওঁলোকে উন্নতিৰ মাজেদি নিজৰ জীৱন কটাব;
14যি সকলে যিহোৱালৈ ভয় ৰাখে,
15মোৰ চকু চিৰকাল যিহোৱাৰ ফাললৈ;
16মোৰ ফালে ঘূৰি চোৱা, মোক কৃপা কৰা;
17মোৰ হৃদয়ৰ যাতনাৰ পৰা মোক মুক্ত কৰা;
18মোৰ দুখ আৰু সঙ্কটলৈ দৃষ্টি কৰা,
19মোৰ শত্রুবোৰলৈ চোৱা, তেওঁলোক সংখ্যাত অনেক;
20মোৰ প্রাণৰ সুৰক্ষা দিয়া, মোক উদ্ধাৰ কৰা;
21মোৰ সততা আৰু ন্যায় কার্যই মোক ৰক্ষা কৰক;
22হে ঈশ্বৰ, ইস্ৰায়েলক তেওঁলোকৰ সকলো দুখ-কষ্টৰ পৰা মুক্ত কৰা।