1যিহোৱাৰ প্রশংসা হওঁক; তেওঁ মোৰ আশ্রয়-শিলা;
2তেওঁ মোৰ চিৰস্থায়ী প্রেম আৰু মোৰ কোঁঠ,
3হে যিহোৱা, মানুহ নো কি যে তুমি মানুহক গণ্য কৰা?
4মনুষ্য নিঃশ্বাস মাথোন; তেওঁৰ আয়ুস গুচি যোৱা ছাঁৰ নিচিনা।
5হে যিহোৱা, তোমাৰ আকাশ-মণ্ডলক দোঁৱাই নত কৰি তুমি নামি আহাঁ;
6তুমি বজ্ৰপাত পেলাই শত্রুবোৰক বিছিন্ন কৰা;
7তুমি ওপৰৰ পৰা তোমাৰ হাত মেলি দিয়া;
8তেওঁলোকৰ মুখে মিছা কথা কয়,
9হে ঈশ্বৰ, মই তোমাৰ উদ্দেশ্যে নতুন গীত গাম;
10তুমিয়েই ৰজাসকলক জয়দান কৰা;
11নিষ্ঠুৰ তৰোৱালবোৰৰ পৰা মোক ৰক্ষা কৰা
12আমাৰ পুত্ৰবোৰ যেন গছ পুলিৰ নিচিনাকৈ যৌৱনত বৃদ্ধি পায়,
13আমাৰ ভঁড়ালবোৰ যেন সকলো ধৰণৰ উৎপাদনৰ খাদ্যবস্তুৰে পৰিপূৰ্ণ থাকে;
14আমাৰ বলধবোৰে যেন গধুৰ বোজা বহন কৰিব পাৰে;
15ধন্য সেই জাতি, যাৰ এনে আশীর্বাদপূর্ণ অৱস্থা হয়;