1পাছত ৰজা দাৰিয়াবচৰ ৰাজত্বৰ চতুৰ্থ বছৰৰ কিশ্লেব নামেৰে নৱম মাহৰ চতুৰ্থ দিনা, জখৰিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল।
2সেই সময়ত, যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ বৈৎএলৰ লোকসকলে চৰেচৰ, ৰেগক-মেলক আৰু তেওঁলোকৰ লোকসকলক পঠিয়াই দিলে।
3তেওঁলোকে যিহোৱাৰ গৃহত উপস্থিত থকা বাহিনীসকল আৰু ভাববাদীসকলক ক’লে “মই ইমান বছৰ যি দৰে শোক কৰি আহিছোঁ, সেইদৰে নিজকে পৃথক ৰাখি পঞ্চম মাহত ব্রত ৰাখিম নে”?
4তেতিয়া বাহিনীসকলৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
5“তুমি দেশৰ সকলো লোকসকলক আৰু পুৰোহিতসকলক এই কথা কোৱা,
6আৰু যেতিয়া তোমালোকে ভোজন-পান কৰিছিলা, তেতিয়া তোমালোকে নিজৰ নিজৰ কাৰণে ভোজন-পান কৰা নাছিলা নে?
7এই কথাই পূৰ্বকালৰ ভাববাদীসকলৰ দ্বাৰাই যিহোৱাই ঘোষণা কৰি কোৱা সেই বাক্য নহয়নে,
8পুনৰায় জখৰিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল,
9বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে সত্যৰে, বিশ্ৱাসেৰে আৰু দয়াৰে বিচাৰ কৰা,
10আৰু যি সকল বিধৱা, পিতৃহীন, বিদেশী আৰু দৰিদ্ৰ সেই লোকসকলক অত্যাচাৰ নকৰিবা;
11কিন্তু তেওঁলোকে শুনিবলৈ অসন্মত হ’ল; আৰু কান্ধ আঁতৰাবলৈ থিৰ কৰিলে; আৰু শুনাত সন্মত নহ’বলৈ নিজ নিজ কাণত সোপা দিলে।
12এনে কি তেওঁলোকে বাহিনীসকলৰ যিহোৱাই নিজ আত্মাৰ দ্বাৰাই আগৰ কালৰ ভাববাদীসকলৰ যোগেদি পঠোৱা বাক্য নুশুনিবৰ কাৰণে তেওঁলোকে নিজ নিজ হৃদয় হীৰাৰদৰে টান কৰিলে; এই কাৰণে বাহিনীসকলৰ যিহোৱাৰ মহাক্ৰোধ হ’ল।
13যেতিয়া বাহিনীসকলৰ যিহোৱাই লোকসকলক মাতিছিল, তেতিয়া লোকসকলে নুশুনিলে। ‘সেই একেধৰণে’ বাহিনীসকলৰ যিহোৱাই ক’লে, “তেওঁলোকে চিঞৰি মাতিব, কিন্তু মই নুশুনিম।
14কিন্তু মই তেওঁলোকে নজনাকৈ আটাই জাতিৰ মাজলৈ বা’মাৰলি বতাহেৰে তেওঁলোকক ছিন্ন-ভিন্ন কৰিম। এইদৰে তেওঁলোকৰ পাছত দেশখন এনেদৰে উচ্ছন্ন হ’ল, যে তাৰ মাজেদি কোনেও অহা-যোৱা নকৰিলে; কিয়নো তেওঁলোকৰ দ্বাৰাই মনোহৰ দেশখন উচ্ছন্ন হ’ল।’”