We Believe JesusFé, Esperança e Nova Vida

গননা 36

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← গননা 35 গননা

1পাছত যোচেফৰ সন্তান সকলৰ গোষ্ঠীবোৰৰ মাজৰ মনচিৰ নাতিয়েক মাখীৰৰ পুত্ৰ গিলিয়দৰ গোষ্ঠীৰ পিতৃ-বংশৰ মূল ব্যক্তিসকলে মোচিৰ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ মূল ব্যক্তি যি অধ্যক্ষসকল,

2তেওঁলোকৰ ওচৰলৈ আহি এই কথা ক’লে, “ইস্ৰায়েলৰ সন্তান সকলক আধিপত্যৰ অৰ্থে এই দেশ চিঠি খেলাই দিবলৈ, যিহোৱাই মোৰ প্ৰভুক আজ্ঞা কৰিলে আৰু আমাৰ ভাই চলফাদৰ আধিপত্য তেওঁৰ জীয়েকসকলক দিবলৈ মোৰ প্ৰভুৱে যিহোৱাৰ পৰা আজ্ঞা পালে।

3কিন্তু ইস্ৰায়েলৰ সন্তান সকলৰ আন ফৈদৰ কোনো লোকেৰে সৈতে যদি তেওঁলোক বিয়া হয় তেন্তে আমাৰ পিতৃৰ আধিপত্যৰ পৰা তেওঁলোকৰ অধিকাৰ কটা যাব আৰু তেওঁলোক যি ফৈদৰ হ’ব, সেই ফৈদৰ উত্তৰাধিকাৰৰ লগত তাক যোগ কৰা হ’ব; এইদৰে তেওঁক আমাৰ উত্তৰাধিকাৰৰ ভাগৰ পৰা কটা যাব।

4আৰু যেতিয়া ইস্ৰায়েলৰ সন্তান সকলৰ যোৱেল বছৰ হ’ব, তেতিয়া তেওঁলোক যি ফৈদৰ হ’ব, সেই ফৈদৰ উত্তৰাধিকাৰৰ লগত তেওঁলোকৰ উত্তৰাধীকাৰ যোগ কৰা হ’ব; এইদৰে আমাৰ পিতৃৰ ফৈদৰ ভাগৰ পৰা তেওঁলোকৰ উত্তৰাধীকাৰ কটা যাব।”

5তাতে মোচিয়ে যিহোৱাৰ বাক্য অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলক এই আজ্ঞা কৰিলে, “যোচেফৰ সন্তান সকলৰ ফৈদে ঠিক কৈছে।

6যিহোৱাই চলফাদৰ জীয়েকসকলৰ বিষয়ে এই আজ্ঞা কৰিছে, ‘তেওঁলোকে যাক ভাল পায়, তাৰে সৈতে বিয়া হ’ব পাৰিব কিন্তু কেৱল নিজৰ পিতৃ-বংশৰ কোনো গোষ্ঠীৰ মাজতহে বিয়া হ’ব পাৰিব।’

7এইদৰে ইস্ৰায়েলৰ সন্তান সকলৰ কোনো আধিপত্য এক ফৈদৰ পৰা আন ফৈদলৈ নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰতিজনে নিজ নিজ পিতৃ-বংশৰ আধিপত্যতে থাকিব লাগিব।

8আৰু ইস্ৰায়েলৰ সন্তান সকলে প্ৰতিজনে যেন নিজ নিজ পিতৃৰ আধিপত্য ভোগ কৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ কোনো ফৈদৰ মাজত আধিপত্য পোৱা প্ৰতিজনী জীয়েক নিজ পিতৃ-বংশৰ গোষ্ঠীৰ মাজৰ কোনো পুৰুষে সৈতে বিয়া হ’ব লাগিব।

9তেতিয়া এক ফৈদৰ পৰা আন ফৈদলৈ কোনো আধিপত্য নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰত্যেক ফৈদ নিজ নিজ আধিপত্যতে থাকিব লাগিব।”

10চলফাদৰ জীয়েকসকলে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে।

11কিয়নো মহলা, তিৰ্চা হগ্লা, মিল্কা আৰু নোৱা, চলফাদৰ এই জীয়েক কেইজনীয়ে নিজৰ বৰ বাপেক কি দদায়েকৰ পুতেকসকলৰ সৈতে বিয়া হ’ল।

12যোচেফৰ পুত্ৰ মনচিৰ সন্তান সকলৰ গোষ্ঠীৰ মাজত তেওঁলোকৰ বিয়া হোৱাত, তেওঁলোকৰ আধিপত্য, তেওঁলোকৰ পিতৃ-গোষ্ঠীৰ ফৈদতেই থাকিল।

13যিহোৱাই যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত মোচিৰ দ্বাৰাই ইস্ৰায়েলৰ সন্তান সকলক এই সকলো আজ্ঞা আৰু শাসন-প্ৰণালী দিলে।

← গননা 35 গননা