We Believe JesusFé, Esperança e Nova Vida

গননা 26

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← গননা 25 গননা গননা 27 →

1এই মহামাৰীৰ পাছত যিহোৱাই মোচি আৰু হাৰোণৰ পুত্ৰ ইলিয়াজৰ পুৰোহিতক ক’লে,

2“তোমালোকে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ মাজত নিজ নিজ পিতৃ-বংশ অনুসাৰে, ইস্ৰায়েলৰ কাৰণে ৰণলৈ যাব পৰা অৱস্থাত থকা বিশ বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া যিমান লোক আছে, তেওঁলোকক গণনা কৰা।”

3তেতিয়া মোচি আৰু ইলিয়াজৰ পুৰোহিতে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত লোকসকলক ক’লে,

4“মোচিক, আৰু মিচৰ দেশৰ পৰা ওলাই অহা ইস্ৰায়েলৰ সন্তান সকলক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, বিশ বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া লোকক গণনা কৰা।”

5ৰূবেণ ইস্ৰায়েলৰ জ্যেষ্ঠ পুত্ৰ আছিল। তেওঁৰ পুত্র হনোকৰ পৰা হনোকীয়া গোষ্ঠী, পল্লুৰ পৰা পল্লূইয়া গোষ্ঠী,

6হিষ্রোণৰ পৰা হিষ্ৰোণীয়া গোষ্ঠী, কৰ্ম্মীয়াৰ পৰা কৰ্ম্মীয়া গোষ্ঠী।

7এই সকলোৱেই ৰূবেণৰ গোষ্ঠী; তেওঁলোকৰ মাজৰ গণিত লোক তিয়াল্লিশ হাজাৰ সাতশ ত্ৰিশজন আছিল।

8আৰু পল্লুৰ সন্তান ইলিয়াব আছিল; ইলিয়াবৰ সন্তান সকল নমূৱেল, দাথন, আৰু অবীয়াম আছিল।

9কোৰহৰ দলে যেতিয়া যিহোৱাৰ বিৰুদ্ধে বিবাদ কৰিছিল, তেতিয়া মোচি আৰু হাৰোণৰ অহিতে বিবাদ কৰা মণ্ডলীভূক্ত লোক সেই দাথন আৰু অবীৰামেই আছিল।

10সেই সময়ত পৃথিৱীয়ে মুখ মেলি তেওঁলোকক আৰু কোৰহকো গ্ৰাস কৰিলে, আৰু তেওঁৰ পাছত চলোঁতাসকলোৰে মৃত্যু হ’ল; সেই সময়ত অগ্নিয়ে দুশ পঞ্চাশ জনক পুৰি ভষ্ম কৰিলে, আৰু তেওঁলোকেই দৃষ্টন্তস্বৰূপ হ’ল।

11কিন্তু কোৰহৰ সন্তান সকলৰ হ’লে মৃত্যু হোৱা নাছিল।

12নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল চিমিয়োনৰ সন্তান:

13জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী,

14চিমিয়োনীয়া গোষ্ঠীবোৰৰ বাইশ হাজাৰ দুশজন লোক আছিল।

15নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল গাদৰ সন্তান:

16অজনী পৰা অজনীয়া গোষ্ঠী,

17অৰোদৰ পৰা অৰোদীয়া গোষ্ঠী,

18গাদৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা চল্লিশ হাজাৰ পাঁচ শ লোক আছিল।

19যিহূদাৰ পুত্র এৰ আৰু ওনন আছিল; এই দুজন লোকৰ কনান দেশতেই মৃত্যু হৈছিল।

20নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল যিহূদাৰ সন্তান:

21পেৰচৰ সন্তান এইসকল:

22যিহূদাৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা ছয়সত্তৰ হাজাৰ পাঁচ শ লোক আছিল।

23নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল ইচাখৰৰ সন্তান:

24যাচূবৰ পৰা যাচূবীয়া গোষ্ঠী,

25ইচাখৰৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা চৌষষ্ঠী হাজাৰ তিনিশ লোক আছিল।

26নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল জবূলূনৰ সন্তান:

27জবূলূনৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা ষাঠী হাজাৰ পাঁচশ লোক আছিল।

28নিজ নিজ গোষ্ঠী অনুসাৰে যোচেফৰ পুত্ৰ মনচি আৰু ইফ্ৰয়িম আছিল।

29মনচিৰ সন্তান এইসকল:

30গিলিয়দৰ সন্তান এইসকল:

31অস্ৰীয়েলৰ পৰা অস্ৰীয়েলীয়া গোষ্ঠী,

32চমীদাৰ পৰা চমীদাইয়া গোষ্ঠী,

33সেই হেফৰৰ পুত্র চলফাদৰ কোনো পুত্ৰ সন্তান নাছিল, কেৱল জীয়েক আছিল। সেই চলফাদৰ জীয়েকসকলৰ নাম মহলা, নোৱা, হগ্লা, মিল্কা, আৰু তিৰ্চা আছিল।

34এইসকলেই মনচিৰ গোষ্ঠী আছিল যাৰ লোকসকলৰ সংখ্যা বাৱন্ন হাজাৰ সাত শ জন লোক আছিল।

35নিজ নিজ গোষ্ঠী অনুসৰি এই লোকসকল ইফ্ৰয়িমৰ সন্তান:

36আৰু চুথেলহৰ সন্তান সকল এই, এৰণৰ পৰা এৰণীয়া গোষ্ঠী।

37ইফ্ৰয়িমৰ সন্তান সকলৰ এই গোষ্ঠীবোৰৰ বত্ৰিশ হাজাৰ পাঁচ শ লোক আছিল। নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকলেই যোচেফৰ সন্তান।

38নিজ নিজ গোষ্ঠী অনুসাৰে বিন্যামীনৰ সন্তান এই লোকসকল:

39চুফুফমৰ পৰা চুফমীয়া গোষ্ঠী,

40আৰু বেলাৰ সন্তান অৰ্দ আৰু নামন আছিল; অৰ্দৰ পৰা অৰ্দীয়া গোষ্ঠী আৰু নামনৰ পৰা নামনীয়া গোষ্ঠী।

41নিজ নিজ গোষ্ঠী অনুসাৰে এওঁলোকেই বিন্যামীনৰ সন্তান; তেওঁলোকৰ সংখ্যা পঞ্চল্লিশ হাজাৰ ছশ জন লোক আছিল।

42নিজ নিজ গোষ্ঠী অনুসাৰে দানৰ সন্তান এই লোকসকল: চূহমৰ পৰা চুহমীয়া গোষ্ঠী। নিজ নিজ গোষ্ঠী অনুসাৰে এওঁলোকেই দানৰ গোষ্ঠী।

43চুহমীয়াৰ আটাই গোষ্ঠীৰ সংখ্যা চৌষষ্ঠী হাজাৰ চাৰিশ জন লোক আছিল।

44নিজ নিজ গোষ্ঠী অনুসাৰে আচেৰৰ সন্তান এই লোকসকল:

45বৰীয়াৰ সন্তান এই লোকসকল:

46আচেৰৰ জীয়েকৰ নাম চেৰহ আছিল।

47আচেৰৰ এই গোষ্ঠীবোৰৰ সন্তান সকলৰ সংখ্যা ত্ৰেপন্ন হাজাৰ চাৰিশ জন লোক আছিল।

48নিজ নিজ গোষ্ঠী অনুসাৰে নপ্তালীৰ সন্তান এই লোকসকল:

49যেচৰৰ পৰা যেচৰীয়া গোষ্ঠী,

50নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল নপ্তালীৰ গোষ্ঠী; তেওঁলোকৰ গণিত লোক পঞ্চল্লিশ হাজাৰ চাৰিশ জন আছিল।

51ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গণনা কৰা লোকসকলৰ সংখ্যা ছয় লাখ এক হাজাৰ সাতশ ত্ৰিশ জন আছিল।

52পাছত যিহোৱাই মোচিক ক’লে,

53“নামৰ সংখ্যা অনুসাৰে উত্তৰাধিকাৰৰ অৰ্থে এই লোকসকলৰ মাজত দেশ ভাগ কৰা হ’ব।

54অধিককে থকা লোকসকলৰ গোষ্ঠীক অধিককৈ উত্তৰাধিকাৰ দিবা, আৰু কমকৈ থকা লোকসকলৰ গোষ্ঠীক কমকৈ দিবা; প্রতিজন পৰিয়ালৰ যিমান গণিত লোক, তাক সেই হিচাপে তাৰ উত্তৰাধীকাৰ দিবা।

55কিন্তু চিঠি খেলৰ দ্ৱাৰাই দেশ ভাগ কৰা হ’ব; নিজ নিজ পিতৃ বংশৰ নাম অনুসাৰে তেওঁলোকে উত্তৰাধীকাৰ পাব।

56লোক অধিক বা কমে হওঁক, চিঠি খেলৰ দ্বাৰাইহে তেওঁলোকৰ উত্তৰাধীকাৰ তেওঁলোকৰ মাজত ভাগ বাঁটি দিয়া হ’ব।”

57নিজ নিজ গোষ্ঠী অনুসাৰে লেবী ফৈদৰ মাজত গণিত লোক এই সকল:

58লেবীয়া গোষ্ঠী এই লোকসকল:

59অম্ৰমৰ সন্তান কহাত আছিল; অম্ৰমৰ ভাৰ্য্যাৰ নাম যোকেবদ; তেওঁ লেবীৰ জীয়েক; তেওঁৰ মাকে তেওঁক লেবীসকললৈ মিচৰ দেশত জন্মালে; তেওঁ অম্ৰমলৈ হাৰোণ, মোচি আৰু তেওঁলোকৰ বায়েক মিৰিয়মক জন্মালে।

60হাৰোণলৈ নাদব, অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ জন্মিল।

61কিন্তু নাদব আৰু অবীহূয়ে যিহোৱাৰ সাক্ষাতে সাধাৰণ জুই উৎসৰ্গ কৰোঁতে তেওঁলোকৰ মৃত্যু হ’ল।

62তেওঁলোকৰ মাজত এমাহ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া পুৰুষসকলৰ সংখ্যা তেইশ হাজাৰ জন হ’ল আছিল। কিয়নো, ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোকক কোনো উত্তৰাধিকাৰ নিদিয়াৰ কাৰণে, ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোক গণিত নহ’ল।

63এই সকল লোকক মোচি আৰু পুৰোহিত ইলিয়াজৰৰ দ্বাৰাই গণনা কৰা হ’ল; তেওঁলোকে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত ইস্ৰায়েলৰ সন্তান সকলক গণনা কৰিলে।

64কিন্তু চীনয় মৰুপ্রান্তত ইস্ৰায়েলৰ সন্তান সকলক গণনা কৰা মোচি আৰু হাৰোণ পুৰোহিতৰ দ্বাৰাই যি লোকসকলক গণনা কৰা হৈছিল, তেওঁলোকৰ এজনো এই লোকসকলৰ মাজত নাছিল।

65কাৰণ যিহোৱাই তেওঁলোকৰ বিষয়ে কৈছিল যে তেওঁলোকে নিশ্চয়ে মৰুপ্রান্তত মৰিব। এই হেতুকে তেওঁলোকৰ মাজত যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱাৰ বাহিৰে এজনো অৱশিষ্ট নাথাকিল।

← গননা 25 গননা গননা 27 →