1যেতিয়া বিলিয়ামে দেখিলে যে ইস্ৰায়েলক আশীৰ্ব্বাদ কৰাত ঈশ্বৰ তুষ্ট হৈছে, ইয়াকে দেখি বিলিয়মে আগৰ দৰে লক্ষণ চাবৰ কাৰণে নগ’ল। বৰং, মৰুভূমিৰ ফাললৈহে মুখ কৰিলে।
2বিলিয়মে নিজৰ চকু তুলি ফৈদ অনুসাৰে বাস কৰা ইস্ৰায়েলক ছাউনি পাতি থকা দেখিলে আৰু ঈশ্বৰৰ আত্মা তেওঁত স্থিতি হ’ল।
3তেতিয়া তেওঁ এই ভৱিষ্যৎ বাণী পাই নিজৰ পদ্যৰূপে গাই গাই ক’লে,
4যি জনে ঈশ্বৰৰ বাক্য শুনে,
5হে যাকোব, তোমাৰ তম্বুবোৰ কেনে সুন্দৰ!
6সেইবোৰ উপত্যকাৰ নিচিনা বিস্তৃত,
7তেওঁৰ কলহৰ পৰা পানী উথালি খাই পৰিছে;
8ঈশ্বৰে মিচৰৰ পৰা তেওঁক উলিয়াই আনিছে;
9তেওঁ সিংহৰ দৰে পৰি শুলে,
10তেতিয়া বিলিয়মলৈ বালাকৰ ক্ৰোধ জ্বলি উঠিলত, তেওঁ নিজৰ হাতত চাপৰ মাৰিলে। আৰু বালাকে বিলিয়মক ক’লে, “মোৰ শত্ৰুবোৰক শাও দিবলৈ মই তোমাক অনিলোঁ, কিন্তু চোৱা, তিনিবাৰ তুমি সকলো প্ৰকাৰে তেওঁলোকক আশীৰ্ব্বাদহে কৰিলা।
11এই হেতুকে মোক এতিয়াই এৰা আৰু নিজ ঘৰলৈ গুচি যোৱা। মই তোমাক অতিশয় সন্মানিত কৰিম বুলি কৈছিলোঁ, কিন্তু চোৱা, যিহোৱাই তোমাক সন্মানিত হোৱাৰ পৰা আঁতৰাই ৰাখিলে।”
12তেতিয়া বিলিয়মে বালাকক ক’লে, “তুমি পঠিওৱা দূতবোৰৰ আগত মই কোৱা নাছিলো নে যে,
13‘যদি বালাকে সোণ আৰু ৰূপেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই নিজ ইচ্ছাৰে ভাল বা বেয়া কাৰ্য কৰিবলৈ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ; যিহোৱাই যিহকে ক’ব, মই তাকেই ক’ম।’
14এতিয়া চোৱা, মই এই স্ব-জাতীয় লোকসকলৰ ওচৰলৈ যাওঁ। আহা, এই জাতিয়ে পাছত তোমাৰ প্ৰজাসকলক কি কৰিব, তাক মই তোমাক জনাওঁ।”
15বিলিয়ামে নিজৰ পদ্য গাই ক’লে,
16এয়েই এজনৰ ভাৱবাণী যি জনে ঈশ্বৰৰ বাক্য শুনে,
17মই তেওঁক দেখিছোঁ, কিন্তু বৰ্ত্তমানে নাই;
18তেওঁৰ শত্ৰু ইদোম এক উত্তৰাধীকাৰ হ’ব,
19যাকোবৰ পৰা উৎপন্ন হোৱা এজনে ৰাজত্ব কৰিব,
20তেতিয়া বিলিয়মে অমালেকলৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ভৱিষ্যৎ বাণী গাবলৈ ধৰিলে। তেওঁ ক’লে,
21তেতিয়া বিলিয়মে কেনীয়া সকললৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ক’লে,
22তথাপি কেনীয়ালোক বিনষ্ট হ’ব,
23তেতিয়া বিলিয়ামে নিজৰ শেষ পদ্যটি গাই গ’ল। তেওঁ ক’লে,
24আৰু কিত্তীমৰ তীৰৰ পৰা জাহাজবোৰ আহিব;
25তেতিয়া বিলিয়মে উঠি গুচি গ’ল। তেওঁ নিজৰ ঘৰলৈ উলটি আহিল আৰু বালাকো নিজৰ বাটে গুচি গ’ল।