We Believe JesusFé, Esperança e Nova Vida

পাঁচনি 20

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← পাঁচনি 19 পাঁচনি পাঁচনি 21 →

1পাছত সেই হাই-উৰুমি শান্ত হোৱাত, পৌলে শিষ্য সকলক পঠিয়াই লোক সকলক উৎসাহিত কৰিলে আৰু বিদায় লৈ মাকিদনিয়ালৈ যাবৰ বাবে ওলাল।

2পাছত সেই অঞ্চলেদি ফুৰি, বিভিন্ন কথাৰে শিষ্য সকলক উদগণি দি, তেওঁ গ্ৰীচ দেশ পালেগৈ।

3তাত তিনি মাহ থাকি, সমুদ্ৰ-পথেদি চিৰিয়া দেশত যাবলৈ উদ্যত হোৱাত, ইহুদী সকলে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে৷ তেতিয়া তেওঁ মাকিদনিয়াইদি উলটি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে।

4তাতে কিছুমান ব্যক্তিও তেওঁৰ লগত যাবলৈ ওলাল। বিৰয়া নগৰৰ পুৰ্হৰ পুতেক চোপাত্ৰ, থিচলনীকীয়াৰ আৰিষ্টাৰ্খ আৰু চিকুণ্ড, দৰ্বী নগৰৰ গায় আৰু তীমথিয়, এচিয়াৰ তুখিক আৰু ত্ৰফিম, এই কেইজন লোক এচিয়ালৈকে তেওঁৰ লগত গ’ল।

5কিন্তু এওঁলোকে আগবাঢ়ি যোৱাত, ত্রোৱাত আমালৈ ৰৈ আছিল।

6পাছত খমিৰ নোহোৱা পিঠাৰ দিন পাৰ হৈ যোৱাত, আমি ফিলিপীৰ পৰা জাহাজেৰে যাত্রা কৰি গৈ, পাঁচ দিনত ত্রোৱাত তেওঁলোকক লগ পালোঁ; তাত সাত দিন থাকিলোঁ ৷

7আমি যেতিয়া সপ্তাহৰ প্ৰথম দিনটোত পিঠা ভাঙিবলৈ একগোট হলোঁ; পৌলে বিশ্বাসী সকলক উপদেশ দি আছিল, পাছদিনা তেওঁ যাবলৈ সিদ্ধান্ত লোৱাত, মাজৰাতিলৈকে বক্তৃতা দি আছিল।

8তেতিয়া আমি গোট খোৱা সেই ওপৰৰ কোঠালিত বহু চাকি জ্বলি আছিল।

9তাতে খিড়িকীত বহি উতুখ নামেৰে এজন ডেকা ঘোৰ টোপনিত মগ্ন হোৱাত, তৃতীয় মহলাৰ পৰা তললৈ পৰিল; পাছত তেওঁক মৃত অৱস্থাত পালে।

10তেতিয়া পৌলে নামি গৈ তাৰ গাত পৰি আকোঁৱালি ধৰি কলে, “আপোনালোকে কন্দা-কটা নকৰিব; কিয়নো এওঁৰ শৰীৰত প্ৰাণ আছে।”

11ইয়াৰ পাছত তেওঁ ওপৰলৈ গৈ পিঠা ভাঙি খালে আৰু বহু সময়লৈকে, অৰ্থাৎ ৰাতিপুৱালৈকে কথোপকথন কৰি কৰি, তেওঁলোকৰ ওচৰৰ পৰা এইদৰে গলগৈ।

12পাছত তেওঁলোকে সেই ল’ৰাক জীয়াই উঠা দেখি, অতি সান্ত্বনা পালে।

13পাছত আমি আগবাঢ়ি গৈ পৌলক আঃচ নগৰত তুলি লোৱাৰ মনোভাবেৰে জাহাজত উঠি তালৈ যাত্ৰা কৰিলোঁ; কিয়নো পৌলে খোজকাঢ়ি যাবলৈ বিচৰাত আমি সেইদৰে থিৰাং কৰিলোঁ।

14আঃচ নগৰত তেওঁ আমাক লগ ধৰিলে, ইয়াৰ পাছত আমি তেওঁক লগত লৈ মিতুলীনী দ্বীপলৈ যাত্ৰা কৰিলোঁ।

15ইয়াৰ পৰা জাহাজেৰে যাত্ৰা কৰি পাছদিনা, খীয় দ্বীপৰ সন্মুখ পালোঁ আৰু দ্বিতীয় দিনা চামঃ দ্বীপত লগাই, আমি পাছদিনা মিলীত নগৰ পালোঁ।

16কাৰণ পৌলে আগতেই সিদ্ধান্ত কৰিছিল যে, ইফিচত তেওঁ নাথাকিব; এচিয়াতো সময় অতিবাহিত নকৰিব৷ কিয়নো পঞ্চাশ-দিনীয়া পৰ্বৰ সময়ত যিৰূচালেমত উপস্থিত থাকিবলৈ তেওঁৰ ইচ্ছা।

17পাছত তেওঁ মিলীতৰ পৰা ইফিচলৈ মানুহ পঠাই, মণ্ডলীৰ পৰিচাৰক সকলক মতাই আনিলে।

18তেওঁলোক তেওঁৰ ওচৰলৈ অহাত, তেওঁ কবলৈ ধৰিলে “মই এচিয়ালৈ অহাৰ প্ৰথম দিনাৰে পৰা আপোনালোকৰ লগত সকলো সময়ত থাকি, সম্পূৰ্ণ নম্ৰতা আৰু চকুলোৰে,

19আৰু ইহুদী সকলৰ চক্ৰান্তৰ দ্বাৰাই মোলৈ ঘটা পৰীক্ষাতো কেনেকৈ প্ৰভুৰ সেৱাকৰ্ম কৰিলোঁ

20আৰু কেনেকৈ আপোনালোকৰ আগত, কোনো হিত কথা কবলৈ আৰু সৰ্ব্বসাধাৰণৰ আগত আৰু ঘৰে ঘৰে আপোনালোকক উপদেশ দিবলৈ পাছ নুহুহকিলো,

21আৰু ঈশ্বৰলৈ মন-পালটন আৰু প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বিষয়ে ইহুদী আৰু গ্ৰীক সকলক সাৱধান কৰি তেওঁলোকৰ আগত সাক্ষ্য দিলোঁ; সেই সকলো বিষয় আপোনালোকে নিজে জানিছে।

22আৰু এতিয়া চাওক, মই পবিত্ৰ আত্মাৰ নির্দেশত আৱদ্ধ হৈ যিৰূচালেমলৈ যাব ওলাইছো; তাতে মোলৈ কি কি ঘটিব, সেই বিষয়ে নাজানো;

23কেৱল ইয়াকে জানিছোঁ যে, বন্ধন আৰু ক্লেশে মোলৈ বাট চাই আছে বুলি পবিত্ৰ আত্মাই নগৰে নগৰে মোক সাক্ষ্য দিছে।

24কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়া আৰু মোৰ দৌৰ, অৰ্থাৎ প্ৰভু যীচুৰ পৰা পোৱা মোৰ যি পৰিচৰ্যাৰ কাৰ্য, সেই কার্য সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গলে, মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ।

25এতিয়া চাওক, যি সকলৰ মাজত মই ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্রচাৰ কৰি ফুৰিলোঁ, সেই সকলৰ মাজত, আপোনালোকে মোৰ মুখ ইয়াৰ পাছত যে দেখিবলৈ নাপাবা, ইয়াকো মই জানিছোঁ।

26এই হেতুকে মই যে আটাইৰে তেজৰ পৰা নিৰ্দোষী, ইয়াৰ সাক্ষ্য আজি দিছোঁ;

27কিয়নো আপোনালোকক ঈশ্বৰৰ আটাই পৰিকল্পনা জনাবলৈ পাছ নুহুহকিলো।

28আপোনালোকে নিজৰ বাবে আৰু পবিত্ৰ আত্মাই যি সকলৰ মাজত আপোনালোকক অধ্যক্ষ পাতিলে, সেই সকলোৱে সাৱধান হৈ, ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, সেই মণ্ডলীক প্ৰতিপালন কৰক।

29মই যোৱাৰ পাছত, দূৰ্জন ৰাংকুকুৰবোৰে আপোনালোকৰ মাজত সোমাই, জাকলৈ নিৰ্দয় আচৰণ কৰিব;

30আৰু আপোনালোকৰ মাজৰ পৰাও কোনো কোনো মানুহ ওলাই, সিহঁতৰ পাছে পাছে শিষ্য সকলক আকৰ্ষণ কৰি বিপথে নিবলৈ বিচাৰিব, ইয়াক মই জানিছোঁ।

31এতেকে আপোনালোকে পৰ দি থাকক৷ মই যে চকুলোৰে তিনি বছৰলৈকে দিনে-ৰাতিয়ে প্ৰতিজনক সচেতন কৰিবলৈ নেৰিলোঁ, ইয়াকো সোঁৱৰণ কৰক।

32এতিয়া, যি ঈশ্বৰে আপোনালোকক বিশ্বাসত বৃদ্ধি কৰিব পাৰে আৰু পবিত্ৰীকৃত হোৱা সকলৰ মাজত উত্তৰাধীকাৰ দিব পাৰে, তেওঁলৈ আৰু তেওঁৰ অনুগ্ৰহৰ বাক্যলৈ আপোনালোকক সমৰ্পন কৰি দিলোঁ।

33মই কাৰো ৰূপ বা সোণ বা কাপোৰত লোভ কৰা নাই।

34মই আৰু মোৰ সঙ্গী সকলৰ প্ৰয়োজনলৈ মোৰ এই হাতেৰে উপার্জন কৰি সেৱা কৰিলোঁ, এই বিষয়ে আপোনালোকে নিজে জানে।

35সকলো বিষয়তে মই আপোনালোকক আৰ্হি দেখুৱালোঁ; আপোনালোকে সেইদৰে পৰিশ্ৰম কৰি, দূৰ্বল সকলক উপকাৰ কৰা উচিত আৰু প্ৰভু যীচুৰ বাক্য সোঁৱৰা উচিত৷ তেওঁ নিজে কৈছিল- “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।”

36এইবোৰ কথা কোৱাৰ পাছত, তেওঁ আঁঠু লৈ সকলোৰে সৈতে প্ৰাৰ্থনা কৰিলে৷

37পাছত সকলোৱে বৰ ক্ৰন্দন কৰিলে আৰু পৌলৰ ডিঙিত ধৰি চুমা খালে৷

38“মোৰ মুখ আৰু দেখিবলৈ নাপাব” বিশেষকৈ এই কথাৰ কাৰণে তেওঁলোকে গভীৰভাৱে শোক কৰিলে; পাছত তেওঁক জাহাজলৈকে আগবঢ়াই থৈ আহিল।

← পাঁচনি 19 পাঁচনি পাঁচনি 21 →