We Believe JesusFé, Esperança e Nova Vida

পাঁচনি 15

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← পাঁচনি 14 পাঁচনি পাঁচনি 16 →

1যিহূদা প্রদেশৰ পৰা কেইজনমান লোক আহি বিশ্বাসী ভাই সকলক এই শিক্ষা দিলে যে, “মোচিৰ বিধান অনুসাৰে চুন্নৎ কার্য নকৰিলে, আপোনালোকে উদ্ধাৰ নাপাব।”

2পৌল আৰু বার্ণব্বাই এই শিক্ষাৰ বিৰোধিতা কৰিলে আৰু তেওঁলোকৰ মাজত তর্ক-বিতর্ক হ’ল। পাছত ভাই সকলে সিদ্ধান্ত ললে যে, এই বিষয়ৰ মীমাংসাৰ কাৰণে পৌল, বার্ণব্বা আৰু আন কেইজনমান যিৰূচালেমত থকা পাঁচনি আৰু পৰিচাৰক সকলৰ ওচৰলৈ যাওঁক।

3এই সিদ্ধান্তৰে মণ্ডলীয়ে তেওঁলোকক যিৰূচালেমলৈ পঠাই দিলে। তেওঁলোকে ফৈনীকিয়া আৰু চমৰীয়া দেশৰ মাজেদি গ’ল আৰু অনা-ইহুদী সকল যে খ্রীষ্ট বিশ্বাসী হৈছে, সেই বিষয়ে ঘোষণা কৰিলে। এনেদৰে তেওঁলোকে বিশ্বাসী ভাই সকলক অতি আনন্দিত কৰিলে

4পাছত তেওঁলোক যেতিয়া যিৰূচালেম পায়হি, তেতিয়া মণ্ডলী, পাঁচনি আৰু পৰিচাৰক সকলে তেওঁলোকক আদৰণি জনালে। ঈশ্বৰে তেওঁলোকৰ লগত থাকি যি যি কৰিলে, সেই বিষয়ে তেওঁলোকে সকলো কথা জনালে।

5কিন্তু ফৰীচী সকলৰ মাজৰ পৰা অহা কেইগৰাকীমান বিশ্বাসী থিয় হ’ল আৰু ক’লে, “অনা-ইহুদী বিশ্বাসী সকলৰ চুন্নৎ কৰা আৱশ্যক আৰু মোচিৰ বিধান পালন কৰিবলৈ তেওঁলোকক আজ্ঞা দিয়া হওক।”

6পাছত পাঁচনি আৰু পৰিচাৰক সকলে এই বিষয়ে আলোচনা কৰিবলৈ একগোট হ’ল।

7বহু সময় ধৰি হোৱা তর্ক-বিতর্কৰ পাছত পিতৰে উঠি তেওঁলোকক ক’লে, “ভাই সকল আপোনালোকে জানে যে, অনেক দিনৰ আগেয়ে ঈশ্বৰে আপোনালোকৰ মাজত মোক মনোনীত কৰিছিল যেন অনা-ইহুদী লোকে মোৰ মুখেৰে শুভবার্তাৰ বাক্য শুনি বিশ্বাস কৰে৷

8ঈশ্বৰে সকলোৰে হৃদয় জানে। তেওঁ আমাক যেনেকৈ পবিত্র আত্মা দান কৰিছিল, অনা-ইহুদী সকলকো সেইদৰে পবিত্ৰ আত্মা দান কৰি তেওঁলোকলৈ সাক্ষ্য দিছিল।

9আমাৰ আৰু তেওঁলোকৰ মাজত ঈশ্বৰে বিবেচনা কৰি একো পক্ষপাত নকৰিলে, বৰঞ্চ বিশ্বাস কৰাৰ পাছত তেওঁলোকৰ হৃদয় ঈশ্বৰে শুচি কৰিলে।

10গতিকে, আমাৰ পিতৃপুৰুষ আৰু আমি যি যুৱঁলিৰ বোজা বব পৰা নাই, সেই বোজা অনা-ইহুদী শিষ্য সকলৰ কান্ধত তুলি দি এতিয়া আপোনালোকে কিয় ঈশ্বৰৰ পৰীক্ষা কৰিছে?

11কিন্তু আমি বিশ্বাস কৰোঁ যে, তেওঁলোকেও আমাৰ দৰেই প্রভু যীচুৰ অনুগ্রহৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰিব।”

12তেতিয়া সকলো মানুহ নীৰৱ হৈ গ’ল আৰু বার্ণব্বা আৰু পৌলৰ যোগেদি অনা-ইহুদী সকলৰ মাজত ঈশ্বৰে যি আচৰিত কর্ম আৰু চিন দেখুৱালে, সেই সকলো ঘটনা মানুহবোৰে তেওঁলোকৰ পৰা শুনিলে।

13তেওঁলোকে কথা কৈ শেষ কৰাৰ পাছত যাকোবে কবলৈ আৰম্ভ কৰিলে, “ভাই সকল, মোৰ কথা শুনক।

14চিমোন পিতৰে ক’লে, কেনেকৈ ঈশ্বৰে প্রথমবাৰৰ বাবে অনা-ইহুদী সকলক প্রেম কৰিলে আৰু নিজৰ নামৰ কাৰণে অনা-ইহুদী সকলৰ মাজৰ পৰা কিছুলোকক গ্রহণ কৰিলে।

15এই বিষয়ত ভাৱবাদী সকলৰ কথাৰো মিল আছে, যেনেকৈ লিখা আছে:15:15 আমোচ 9:11-12

16এইবোৰৰ পাছত মই উলটি আহিম,

17যাতে মানৱ জাতিৰ অৱশিষ্ট অংশই প্রভুৰ অন্বেষণ কৰিব পাৰে;

18যি জন প্ৰভুৱে পূৰ্বতে এই বিষয়বোৰ জনাইছিল, তেওঁ এই কথা কৈছে।”

19এই কাৰণে মোৰ বিচাৰ এই যে, যি সকল অনা-ইহুদী লোক ঈশ্বৰলৈ ঘূৰিছে; আমি তেওঁলোকক কষ্ট দিয়া উচিত নহয়।

20বৰং আমি তেওঁলোকলৈ এই কথা লিখি জনাওঁ যে, তেওঁলোকে যেন মূর্তি পূজা বিষয়ক কোনো অশুচিতা15:20 বলি দিয়া প্রাণীৰ মাংস খোৱা অনুচিত।, ব্যভিচাৰ আৰু টেঁটু চেপি মৰা প্রাণীৰ মাংস আৰু তেজ খোৱা, এই সকলোবোৰৰ পৰা পৃথকে থাকে।

21কিয়নো পূর্বকালৰে পৰা প্রত্যেক নগৰতে মোচিৰ বিধান প্রচাৰ কৰা লোক সকল আছে আৰু প্রত্যেক বিশ্রামবাৰে ইহুদী সকলৰ নাম-ঘৰত তেওঁলোকে সেইবোৰ পঢ়ে।

22তেতিয়া গোটেই মণ্ডলীৰ সৈতে পাঁচনি আৰু পৰিচাৰক সকলে যাকোবৰ কথাত সমর্থন দিলে আৰু তেওঁলোকৰ মাজৰ পৰা যিহূদা আৰু চীল, নামৰ মণ্ডলীৰ দুজন নেতাক মনোনীত কৰি পৌল আৰু বার্ণব্বাৰ লগত আন্তিয়খিয়ালৈ পঠাবলৈ ঠিক কৰিলে। এই যিহূদাক বার্চব্বা বুলিও মতা হয়।

23তেওঁলোকৰ হাতত এইদৰে এখন পত্র লিখি পঠালে: “আন্তিয়খিয়া, চিৰিয়া আৰু কিলিকিয়াৰ অনা-ইহুদী বিশ্বাসী ভাই সকলৰ সমীপলৈ- পাঁচনি, পৰিচাৰক আৰু বিশ্বাসী ভাই সকলৰ শুভেচ্ছা।

24আমি শুনিবলৈ পাইছো যে, আমাৰ মাজৰ পৰা গৈ কেইজনমান লোকে আমাৰ আজ্ঞাৰ অবিহনে আপোনালোকক শিক্ষা দি মন অস্থিৰ কৰিছে আৰু আপোনালোকক নানা সমস্যাৰ মাজত পেলাইছে।

25সেয়েহে আমি কেইজনমানক মনোনীত কৰিবলৈ একমত হ’লো আৰু তেওঁলোকক আমাৰ প্রিয় ভাই বার্ণব্বা আৰু পৌলৰ সৈতে আপোনালোকৰ ওচৰলৈ পঠালোঁ।

26পৌল আৰু বার্ণব্বাই আমাৰ প্রভু যীচু খ্রীষ্টৰ নামৰ কাৰণে নিজৰ জীৱন বিপদাপন্ন কৰিছে;

27এই কাৰণে আমি যিহূদা আৰু চীলক পঠালোঁ। তেওঁলোকে আপোনালোকক একেবোৰ কথাকে কব।

28কিয়নো পবিত্ৰ আত্মা আৰু আমাৰ কাৰণে এইটোৱেই ভাল যেন দেখিলোঁ যে, প্রয়োজনীয় এই বিষয়বোৰৰ বাহিৰে অতিৰিক্ত কোনো বোজা আপোনালোকৰ ওপৰত জাপি দিয়া নহ’ব:

29আপোনালোকে মূর্তিৰ ওচৰত উৎসর্গ কৰা প্ৰসাদৰ পৰা বিৰত থাকক। তেজ আৰু টেটু-চেপা দি মৰা কোনো প্রাণীৰ মাংস আৰু তেজ নাখাব; কোনো ব্যভিচাৰ নকৰিব। এই সকলোবোৰৰ পৰা নিজক আতৰাই ৰাখিলে, আপোনালোকৰ মঙ্গল হ’ব। ইতি।”

30পৌল, বার্ণব্বা আৰু সেই লোক সকলক পঠাই দিয়াৰ পাছত তেওঁলোক আন্তিয়খিয়ালৈ গ’ল। তাতে তেওঁলোকে লোক সকলক একত্রিত কৰি চিঠি খন দিলে।

31পাছত লোক সকলে চিঠি খন পঢ়ি উৎসাহিত হৈ আনন্দ কৰিবলৈ ধৰিলে।

32যিহূদা আৰু চীল নিজেও ভাৱবাদী হোৱাত তেওঁলোকে বহুতো কথাৰে ভাই সকলক উৎসাহ দি শক্তি যোগালে।

33এইদৰে যিহূদা আৰু চীল কিছুদিন তাত থকাৰ পাছত, তেওঁলোকক পঠোৱা লোক সকলৰ ওচৰলৈ উলটি যাবৰ কাৰণে ভাই সকলৰ পৰা কুশলে বিদায় ললে।

3415:34 কিছুমান পুৰণি অনুলিপিত 34 পদত যুক্ত আছে - “কিন্তু চীলে তাতে থাকিবলৈ মন স্থিৰ কৰিলে।”

35কিন্তু পৌল আৰু বার্ণব্বা আন্তিয়খিয়াতে থাকিল। তেওঁলোকে আন আন লোকেৰে সৈতে প্রভুৰ বাক্যৰ পৰা উপদেশ দি প্রচাৰ কৰিবলৈ ধৰিলে।

36কিছুদিনৰ পাছত পৌলে বার্ণব্বাক ক’লে, “বলা, যিবোৰ নগৰত আমি প্রভুৰ বাক্য ঘোষণা কৰিছিলোঁ, সেই ঠাইবোৰলৈ আমি এতিয়া উভটি যাওঁ আৰু ভাই সকলক দেখা কৰোঁ; তাতে তেওঁলোক কেনে আছে তাক চাওঁগৈ।”

37তেতিয়া বার্ণব্বাই তেওঁলোকৰ লগত যোহনকো নিবলৈ ইচ্ছা কৰিলে। এই যোহনক মাৰ্ক বুলিও মতা হয়।

38কিন্তু পৌলে ভাৱিলে, মাৰ্কক লগত নিয়াটো ভাল নহ’ব, কাৰণ পাম্ফুলিয়াত মার্কে তেওঁলোকৰ লগ এৰি উভতি গৈছিল। পাছত তেওঁলোকৰ লগত কাম কৰিবলৈও নগ’ল।

39তাৰ ফলত তেওঁলোক দুয়োৰে মাজত মত বিৰোধ হ’ল। পাছত পৰস্পৰে পৃথক হৈ গ’ল। বার্ণব্বাই মাৰ্কক লগত লৈ জাহাজেৰে কুপ্ৰ দ্বীপলৈ যাত্রা কৰিলে।

40কিন্তু পৌলে চীলক মনোনীত কৰিলে আৰু ভাই সকলে তেওঁক প্রভুৰ অনুগ্রহৰ হাতত তুলি দিলে। পাছত তেওঁলোক তাৰ পৰা ওলাই গ’ল।

41পৌলে চিৰিয়া আৰু কিলিকিয়া দেশৰ মাজেদি গৈ মণ্ডলী সমূহক অধিক শক্তিশালী কৰিলে।

← পাঁচনি 14 পাঁচনি পাঁচনি 16 →