We Believe JesusFé, Esperança e Nova Vida

মলা 4

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← মলা 3 মলা

1বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “কিয়নো চোৱা, সেই দিন আহিছে; সেয়ে অগ্নিশালৰ নিচিনাকৈ জ্বলিব। সেই দিনা সকলো গৰ্ব্বী ও দুষ্টাচাৰী লোক নৰাৰ নিচিনা হ’ব; যি দিন আহি আছে, সেই দিনে তেওঁলোকক পুৰি পেলাব; এডাল শিপা কি ডাল একোকে অৱশিষ্ট নথকাকৈ তেওঁলোকক পুৰি পেলাব।

2কিন্তু মোৰ নামত ভয় ৰাখোঁতা যি তোমালোক, তোমালোকৰ প্রতি ধাৰ্মিকতাৰূপ সূৰ্য উদিত হ’ব, যাৰ কিৰণ সুস্থতাদায়ক; তোমালোকে বাহিৰ হৈ গোহালিৰ পৰা মুকলি হোৱা দামুৰিৰ নিচিনাকৈ ডেও দিবা।

3তোমালোকে দুষ্ট লোকসকলক গচকিবা; মই এই কাৰ্য কৰাৰ দিনা তেওঁলোক তোমালোকৰ ভৰিৰ তলত থকা ছাঁই যেন হ’ব।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।

4“তোমালোকে মোৰ দাস মোচিৰ ব্যৱস্থাৰ কথা অর্থাৎ মই তেওঁক হোৰেব পর্বতত সকলো ইস্রায়েলৰ কাৰণে যি সকলো বিধি আৰু শাসন-প্ৰণালীবোৰ দিছিলোঁ, সেইবোৰ সোঁৱৰণ কৰা।

5চোৱা, যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ পূর্বেই মই তোমালোকৰ ওচৰলৈ এলিয়া ভাববাদীক পঠাম।

6তেওঁ পিতৃসকলৰ হৃদয় সন্তান সকলৰ প্রতি আৰু সন্তান সকলৰ হৃদয় পিতৃসকললৈ ঘূৰাব যাতে মই আহি পৃথিৱীক অভিশাপেৰে আঘাত নকৰিম।”

← মলা 3 মলা