1ইয়াতো মোৰ হৃদয় কঁপিছে,
2শুনা, শুনা, সেইয়া তেওঁৰ গৰ্জ্জনৰ ধ্বনি,
3সেয়া তেওঁ আকাশ-মণ্ডলৰ তলৰ আটাই ঠাইলৈকে পঠাই,
4তাৰ পাছত গাজনি মাৰে,
5ঈশ্বৰে নিজ মাতেৰে আচৰিতৰূপে গৰ্জ্জন কৰে;
6কিয়নো তেওঁ হিমক কয়, ‘তুমি পৃথিবীত পৰা’,
7তেওঁ স্ৰজা সকলো মানুহে তেওঁৰ কাৰ্যপ্ৰণালী জানিবৰ বাবে
8তেতিয়া জন্তুবোৰ চোঙত সোমায়;
9দক্ষিণৰ কোঁঠালিৰ পৰা ধুমুহা আহে,
10ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই বৰফ হয়,
11এনে কি, তেওঁ ঘন মেঘত পানী জমা হ’ব দিয়ে,
12গোটেই ভু-মণ্ডলত সেইবোৰে যেন তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য কৰে,
13তেওঁ এইবোৰ হ’বলৈ সৃষ্টি কৰে, সেয়া শাস্তিৰ বাবেই হওক, বা নিজ পৃথিবীৰ বাবেই হওক,
14হে ইয়োব, তুমি ইয়ালৈ কাণ পাতা;
15ঈশ্বৰে কেনেকৈ মেঘক নিয়ন্ত্রণ কৰে,
16কেনেকৈ আকাশত মেঘ ভাহি থাকে,
17যেতিয়া দক্ষিণ বায়ুৰ দ্বাৰাই পৃথিৱী নিস্তব্ধ হয়,
18তুমি জানো সাঁচত ঢলা দৰ্পণৰ দৰে
19আমি তেওঁক কি ক’ম, সেয়া আমাক জনোৱা;
20মই কথা কওঁ বুলি তেওঁৰ আগত জনোৱা হব নে?
21সম্প্ৰতি মানুহে আকাশত মহা-তেজস্বী জ্যোতি দেখা নাপায়;
22উত্তৰৰ পৰা সুৱৰ্ণময় জ্যোতি আহে;
23সৰ্ব্বশক্তিমান জনা আমাৰ তত্ত্বৰ অগম্য,
24এই কাৰণে মানুহে তেওঁলৈ ভয় ৰাখে;