We Believe JesusFé, Esperança e Nova Vida

যিৰি 5

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← যিৰি 4 যিৰি যিৰি 6 →

1“তোমালোকে যিৰূচালেমৰ বাটে বাটে ইফালে সিফালে লৰি ফুৰা আৰু মন দি চোৱা, আৰু তাৰ চুকে চুকে বিচাৰা,

2যদিও তেওঁলোকে ‘যিহোৱাৰ জীৱনৰ শপত,’ এই বুলি ক’য়, তথাপি তেওঁলোকে মিছা শপতহে খায়।

3হে যিহোৱা, তোমাৰ দৃষ্টি সত্যলৈ নহয় নে? তুমি তেওঁলোকক প্ৰহাৰ কৰিলা; তথাপি তেওঁলোক দুখিত নহ’ল।

4তেতিয়া মই ক’লোঁ, “স্বৰূপেই এইসকল দৰিদ্ৰ লোক।

5মই ডাঙৰীয়াসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ আগত কথা কম; কিয়নো তেওঁলোকে ক’লে, যিহোৱাৰ পথ আৰু তেওঁলোকৰ ঈশ্বৰৰ শাসন জানে,

6এই কাৰণে কাঠনিৰ পৰা সিংহ আহি তেওঁলোকক বধ কৰিব। সন্ধ্যাবেলাত ওলোৱা ৰাংকুকুৰে তেওঁলোকক বিনষ্ট কৰিব।

7ইয়াৰ বাবে মই এই লোকসকলক কেনেকৈ ক্ষমা কৰিব পাৰোঁ?

8তেওঁলোকে ৰাতিপুৱাতে উঠি, দানা খুউৱা মতা ঘোঁৰাৰ নিচিনাকৈ প্ৰতিজনে নিজৰ ওচৰ-চুবুৰীয়াৰ পত্নীলৈ ঢেকঢেকায়।

9গতিকে মই জানো এই কাৰ্যবোৰৰ বাবে দণ্ড নিদিম? এইয়েই যিহোৱাৰ ঘোষণা।

10তোমালোকে তাইৰ দ্রাক্ষাবাৰী5:10 গড়বোৰবোৰ পাৰ হৈ তাক নষ্ট কৰা।

11কিয়নো এয়েই যিহোৱাৰ ঘোষণা, কাৰণ ইস্ৰায়েল বংশ আৰু যিহূদা বংশই মোৰ অহিতে অতিশয় বিশ্বাসঘাতকতা কৰিলে।

12তেওঁলোকে মোক অস্বীকাৰ কৰিলে। আৰু ক’লে, ‘এওঁ আচল নহয়।

13ভাববাদীসকল বায়ুস্বৰূপ হ’ল, তেওঁলোকৰ মাজত যিহোৱাৰ বাক্য ঘোষণা কৰিবলৈ কোনো নাই। তেওঁলোকৰ আশংকা তেওঁলোকতেই হওঁক’।”

14এই কাৰণে বাহিনীসকলৰ ঈশ্বৰ যিহোৱাই কৈছে, চোৱা এই কথা কোৱা বাবে, মই তোমাৰ মুখত মোৰ বাক্য অগ্নিস্বৰূপ, আৰু এই জাতিক খৰিস্বৰূপ কৰিম; সেয়ে তেওঁলোকক গ্ৰাস কৰিব।

15যিহোৱাই এই কথা ঘোষণা কৰিলে, হে ইস্ৰায়েল বংশ, চোৱা! মই তোমালোকৰ বিৰুদ্ধে দূৰৰ পৰা এক জাতি আনিম।

16তেওঁলোকৰ টোণ মুকলি মৈদামৰ নিচিনা, আৰু তেওঁলোকৰ আটাই লোক বীৰ।

17তেওঁলোকে তোমাৰ পো-জীসকলে খাব লগীয়া শস্য আৰু আহাৰ খাব।

18যিহোৱাই এইদৰে কৈছে, কিন্তু সেই কালতো মই তোমালোক5:18 তোমাৰ লোকসকলকক নিঃশেষে সংহাৰ নকৰিম।

19আৰু আমাৰ ঈশ্বৰ যিহোৱা, আমালৈ এইবোৰ কিয় কৰিলে? এইবুলি যেতিয়া তোমাৰ লোকসকলে সুধিব, তেতিয়া তুমি, যিৰিমিয়া, তেওঁলোকক ক’বা, “তোমালোকে যেতিয়া মোক ত্যাগ কৰি তোমালোকৰ নিজ দেশত বিজাতীয় দেৱতাবোৰৰ বন্দীকাম কৰোৱালা, তেনেকৈ বিদেশত বিদেশীবোৰৰো বন্দীকাম কৰিবা।

20তোমালোকে যাকোবৰ বংশক এই কথা জনোৱা, আৰু যিহূদাৰ মাজত এই কথা প্ৰচাৰ কৰা,

21যে, ‘হে অজ্ঞান আৰু নিৰ্ব্বোধ জাতি! কাৰণ এই মুৰ্ত্তিবোৰত কোনো ইন্দ্রিয়ানুভূতি নাই;

22এনে জনা যি মই, মোকেই তোমালোকে ভয় নকৰিবা নে? মোৰেই আগত তোমালোকে কম্পিত নহ’বা নে?

23কিন্তু এই জাতি অতিশয় আঁকোৰগোজ আৰু বিদ্ৰোহীমনা, তেওঁলোকে বিদ্ৰোহ কৰি অবাটে গ’ল।

24কাৰণ তেওঁলোকে এইবুলি নকয়, “আহাঁ, আমাৰ ঈশ্বৰ সেই যিহোৱাক আমি ভয় কৰোঁহক, যি জনাই বতৰত আগতীয়া আৰু শেষতীয়া এই দুয়ো বৰষুন দিয়ে,

25তোমালোকৰ অপৰাধে এইবোৰ ঘটালে। আৰু তোমালোকৰ পাপবোৰে তোমালোকৰ পৰা মঙ্গল আটক কৰিলে।

26কিয়নো মোৰ প্ৰজাসকলৰ মাজত দুষ্টলোক পোৱা যায়; চৰাই-মৰিয়াই খাপ দি থকাৰ দৰে,

27সজা যেনেকৈ চৰাইৰে পূৰ, তেওঁলোকৰ ঘৰ তেনেকৈ ছলেৰে পৰিপূৰ্ণ। এই কাৰণে তেওঁলোক বৰ লোক আৰু ধনী হ’ল।

28তেওঁলোক ৰিষ্ট-পুষ্ট আৰু চিকচিকীয়া, এনে কি, তেওঁলোকে দুষ্কৰ্মত অতিৰিক্ত কৰে। তেওঁলোকে বিচাৰত প্ৰতিবাদ নকৰে,

29যিহোৱাই এইদৰে ঘোষনা কৰিছে, যে এইবোৰ কাৰ্যৰ বাবে মই জানো তেওঁলোকক দণ্ড নিদিম?

30দেশৰ মাজত এক আচৰিত আৰু নোম শিয়ৰি উঠা ঘটনাবোৰ ঘটিছে।

31ভাববাদীসকলে মিছা ভাববাণী প্ৰচাৰ কৰে, আৰু পুৰোহিতসকলে তেওঁলোকৰ দ্বাৰাই চালিত হৈ শাসন কৰে।

← যিৰি 4 যিৰি যিৰি 6 →