1যিহোৱাই এইদৰে ক’লে: “তুমি যিহূদাৰ ৰাজগৃহলৈ গৈ সেই ঠাইত এই কথা ঘোষণা কৰা।
2কোৱা, ‘হে দায়ুদৰ সিংহাসনত বহোঁতা যিহূদাৰ ৰজা, তুমি, তোমাৰ মন্ত্ৰী আৰু এই দুৱাৰবোৰত সোমোৱা তোমাৰ প্ৰজা, এই আটাইয়ে যিহোৱাৰ বাক্য শুনা।”
3যিহোৱাই এইদৰে কৈছে: “তোমালোকে ন্যায় বিচাৰ আৰু ধাৰ্মিকতা সিদ্ধ কৰা আৰু অপহাৰিত জনাক উপদ্ৰৱকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা; বিদেশী, পিতৃহীন বা বিধৱাক অপকাৰ আৰু অত্যাচাৰ নকৰিবা নাইবা এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰিবা।
4কিয়নো, তোমালোকে যদি এই কথা যত্নেৰে পালন কৰা, তেন্তে দায়ুদৰ সিংহাসনত বহোঁতা ৰজাসকলে ৰথত আৰু ঘোঁৰাত উঠি প্ৰতিজনে মন্ত্ৰী আৰু প্ৰজাৰে সৈতে এই গৃহৰ দুৱাৰবোৰেদি সোমাব!
5কিন্তু তোমালোকে যদি এইবোৰ বাক্য নুশুনা,” তেন্তে যিহোৱাই কৈছে, “মই মোৰ নামেৰে শপত খাই কৈছোঁ, তেনেহ’লে এই গৃহ উচ্ছন্ন ঠাই হব।
6কিয়নো যিহোৱাই যিহূদাৰ ৰাজগৃহৰ বিষয়ে এই কথা কৈছে:
7আৰু মই তোমাৰ অহিতে নিজ নিজ অস্ত্ৰেৰে সৈতে বিনাশক লোকসকল যুগুত কৰিম
8আৰু অনেক জাতিয়ে এই নগৰৰ ওচৰেদি যাওঁতে ইজনে সিজনক কব, “যিহোৱাই এই মহানগৰলৈ কিয় এনে ব্যৱহাৰ কৰিলে?”
9তেতিয়া তেওঁলোকে উত্তৰ কৰিব, “কাৰণ ইয়াৰ লোকসকলে ঈশ্বৰ যিহোৱাৰ নিয়মটি ত্যাগ কৰি ইতৰ দেৱতাবোৰৰ আগত প্ৰণিপাত কৰিছিল, আৰু সেইবোৰক সেৱাপূজা কৰিছিল।”
10তোমালোকে মৃত জনৰ বাবে নাকান্দিবা, আৰু সেইজনৰ বাবে বিলাপ নকৰিবা; কিন্তু দূৰলৈ যোৱা মানুহজনৰ নিমিত্তে বৰকৈ ক্ৰন্দন কৰা,
11কাৰণ, যিহূদাৰ যোচিয়া ৰজাৰ পুতেক যি চল্লুম তেওঁৰ পিতৃ যোচিয়াৰ পদত ৰজা হৈছিল, আৰু এই ঠাইৰ পৰা গল, তেওঁৰ বিষয়ে যিহোৱাই এইদৰে কৈছে, তেওঁ এই ঠাইলৈ আৰু উলটি নাহিব;
12কিন্তু তেওঁলোকে যি ঠাইলৈ তেওঁক বন্দী কৰি নিলে, সেই ঠাইতে মৰিব, এই দেশ আৰু নেদেখিব।”
13যি জনে অধৰ্মৰ দ্বাৰাই নিজ গৃহ, আৰু অন্যায়ৰ দ্বাৰাই নিজৰ ওপৰ-কোঁঠালি সাজে,
14যিজনে নিজৰ বাবে এটা ডাঙৰ ঘৰ, আৰু বহল ওপৰ-কোঁঠালি সাজোঁ বুলি কয়, আৰু নিজৰ বাবে খিড়িকি দুৱাৰ কাটে,
15এৰচ কাঠৰ কথাত জিকিবলৈ চেষ্টা কৰাৰ কাৰণে জানো তুমি ৰাজত্ব কৰি থাকিবা?
16তেওঁ দুখী-দৰিদ্ৰৰ বিচাৰ কৰাতে তেওঁৰ মঙ্গল হৈছিল; যিহোৱাই কৈছে, মোক জনাৰ প্ৰমাণ এয়ে নাছিল নে?
17কিন্তু তোমাৰ চকু আৰু মন; নিজৰ লাভ বিচৰাত বাজে, আৰু নিৰ্দ্দোষীত ৰক্তপাত কৰাত,
18এই হেতুকে যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে যিহোৱাই এইদৰে কৈছে: “হায় হায় মোৰ ভাই! বা হায় হায় মোৰ ভগ্নী!” এই বুলি লোকে তেওঁৰ বিষয়ে বিলাপ নকৰিব; আৰু হায় হায় মোৰ প্ৰভু, বা “হায় হায় তেওঁৰ গৌৰৱ, এনে বুলি বিলাপ নকৰিব!”
19লোকে তেওঁক টানি নি যিৰূচালেমৰ দুৱাৰৰ বাহিৰে দূৰত পেলাই দি গাধ পোতাৰ দৰে পুতিব।
20তুমি লিবানোনত উঠি চিঞৰা; আৰু বাচানত বৰকৈ মাতা,
21তোমাৰ মঙ্গলৰ সময়ত মই তোমাক কৈছিলোঁ; কিন্তু তুমি, “মই নুশুনো” বুলি ক’লা।
22বতাহে তোমাৰ মেৰ-ছাগ ৰখীয়াবোৰক চলাই নিব, তোমাক প্ৰেম কৰা সকলোৱে বন্দী-অৱস্থালৈ যাব।
23এৰচ কাঠৰ মাজত নিজৰ বাহ সজা হে লিবানোন-বাসিনী,
24যিহোৱাই কৈছে, “মোৰ জীৱনৰ শপত”, “যিহূদাৰ ৰজা যিহোয়াকীমৰ পুত্ৰ কনিয়া মোৰ সোঁ হাতত থকা মোহৰৰ দৰে হলেও, মই তোমাক তাৰ পৰা খহাই পেলাম।
25আৰু মই তোমাক তোমাৰ প্ৰাণ বিচৰাবোৰৰ হাতত, আৰু তুমি ভয় কৰাবোৰৰ হাতত, এনে কি, বাবিলৰ ৰজা নবূখদনেচৰৰ আৰু কলদীয়াসকলৰ হাতত শোধাই দিম।
26তোমাক আৰু তোমাক জন্মোৱা মাতৃক, তোমালোক নজনা আন দেশত পেলাই দিম। সেই ঠাইতে তোমালোক মৰিবা।
27তেওঁলোকৰ মনে যি দেশলৈ আহিবলৈ হাবিয়াহ কৰে, সেই দেশলৈ তেওঁলোক উলটি নাহিব।
28এই পুৰুষ কনিয়া ঘৃনিত ভগ্ন পাত্ৰ নে? ইয়াক আৰু ইয়াৰ বংশক কিয় বাহিৰলৈ পেলোৱা হৈছে?
29হে পৃথিৱী, হে পৃথিৱী, হে পৃথিৱী! যিহোৱাৰ বাক্য শুনা।
30কিয়নো ইয়াৰ বংশৰ কোনো মানুহ দায়ুদৰ সিংহাসনত বহিবলৈ,