We Believe JesusFé, Esperança e Nova Vida

যিৰি 20

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← যিৰি 19 যিৰি যিৰি 21 →

1যিহোৱাৰ গৃহৰ প্ৰধান অধ্যক্ষ ইম্মেৰৰ পুতেক পুৰোহিত পচহুৰে যিৰিমিয়াৰ এইবোৰ ভাববাণী প্ৰচাৰ কৰা শুনি,

2তেওঁ যিৰিমিয়া ভাববাদীক প্ৰহাৰ কৰি, যিহোৱাৰ গৃহত থকা ওপৰ-দুৱাৰৰ কুন্দাত বন্ধ কৰি ৰাখিলে।

3পাছদিনা পচহু20:3 অর্থ হ’ল ‘উদ্ধাৰ’ ৰে যিৰিমিয়াক কুন্দৰ পৰা মুকলি কৰি উলিয়াই আনিলত, যিৰিমিয়াই তেওঁক ক’লে, “যিহোৱাই তোমাৰ নাম পচহুৰ ৰখা নাই, কিন্তু মাগোৰ-মিছাবীব20:3 চাৰিওফালে ত্ৰাস ৰাখিলে।

4কিয়নো যিহোৱাই এই কথা কৈছে: ‘চোৱা!, মই তোমাৰ পক্ষে, আৰু তোমাৰ আটাই বন্ধুৰ পক্ষে তোমাক ত্ৰাসৰ বিষয় কৰিম; কিয়নো তেওঁলোক শত্ৰূবোৰৰ তৰোৱালত পতিত হ’ব, আৰু তুমি তাক নিজ চকুৰে দেখিবলৈ পাবা। আৰু মই গোটেই যিহূদাক বাবিলৰ ৰজাৰ হাতত সমৰ্পণ কৰিম। তেওঁ তেওঁলোকক বন্দী কৰি বাবিললৈ নিব, বা তৰোৱালেৰে আক্রমণ কৰিব।

5ইয়াত বাজে মই এই নগৰৰ সকলো সম্পত্তি আৰু তাৰ আটাই পৰিশ্ৰমৰ ফল, আৰু আটাই বহুমুল্য বস্তু, এনে কি, যিহূদাৰ ৰজাসকলৰ সমস্ত ভঁৰালৰ উত্তম দ্ৰব্য তেওঁলোকৰ শত্ৰূবোৰৰ হাতত সমৰ্পণ কৰিম; তেওঁলোকে সেইবোৰ লুট কৰি বাবিললৈ লৈ যাব।

6আৰু হে পচহুৰ, তুমি আৰু তোমাৰ গৃহবাসী সকলোৱেই বন্দী-অৱস্থালৈ যাব, আৰু তুমি বাবিললৈ গৈ তাত মৰিবা; আৰু তাত তোমাক, আৰু তুমি যিসকলৰ আগত মিছাকৈ ভাববাণী প্ৰচাৰ কৰিছিলা, তোমাৰ সেই সকলো বন্ধুক পোতা যাব।

7হে যিহোৱা, তুমি মোৰ প্ৰবৃত্তি জন্মোৱাতহে মোৰ প্ৰবৃত্তি জন্মিল; তুমি মোতকৈ বলৱান, এই কাৰণে তুমি মোক বলে পাৰিলা।

8কিয়নো মই যিমানবাৰ কথা কওঁ, সিমানবাৰ মই চিঞৰোঁ, ‘মই অত্যাচাৰ আৰু অপহৰণ’ বুলি চিঞৰোঁ।

9আৰু যদি মই কওঁ, যে, ‘মই যিহোৱাক আৰু উল্লেখ নকৰোঁ; বা তেওঁৰ নামেৰে আৰু নকওঁ’,

10কিয়নো অনেকে দুৰ্ণাম কৰা মই শুনিলোঁ; চাৰিওফালে ত্ৰাস: ‘তোমালোকে তাৰ বিৰুদ্ধে কথা কোৱা, আৰু আমিও তাৰ বিৰুদ্ধে কথা কম,’

11কিন্তু যিহোৱা ভয়ানক বীৰৰ নিচিনাকৈ মোৰ সঙ্গত থাকে, সেইবাবে মোৰ তাড়নাকাৰীসকলে উজুটি খাব।

12কিন্তু ধাৰ্মিকক পৰীক্ষা কৰোঁতা, মৰ্ম্ম আৰু হৃদয় দেখোঁতা হে বাহিনীসকলৰ যিহোৱা,

13তোমালোকে যিহোৱাৰ উদ্দেশ্যে গান কৰা! যিহোৱাৰ প্ৰশংসা কৰা!

14মই যি দিনা জন্মিছিলোঁ, সেই দিন অভিশপ্ত হওঁক।

15তোমাৰ পুত্ৰ সন্তান জন্মিল বুলি যি মানুহে মোৰ পিতৃক সম্বাদ দি আনন্দ কৰিছিল, তেৱোঁ অভিশপ্ত হওঁক।

16সেই মানুহ, যিহোৱাই ক্ষমা নকৰি উৎপাত কৰা নগৰ কেইখনৰ নিচিনা হওঁক।

17কাৰণ সি গৰ্ভতে মোক মাৰি নেপেলালে; তাকে কৰা হ’লে, মোৰ মাতৃয়েই মোৰ মৈদাম হ’লহেতেন,

18মোৰ দিন লাজেৰে অন্ত হবৰ বাবে, পৰিশ্ৰম আৰু শোক দেখিবলৈ মই কিয় গৰ্ভৰ পৰা বাহিৰ হলোঁ?”

← যিৰি 19 যিৰি যিৰি 21 →