We Believe JesusFé, Esperança e Nova Vida

যিৰি 2

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← যিৰি 1 যিৰি যিৰি 3 →

1যিহোৱাই আৰু এটি বাক্য মোক দিলে,

2যেন, কাণে শুনাকৈ যিৰূচালেমৰ প্রতিজনলৈ এই কথা প্ৰচাৰ কৰা হয়। আৰু তেওঁ কৈছিল যে, মই যেন এই কথা তেওঁলোকক কওঁ:

3সেই কালত তুমি ইস্রায়েল মোলৈ নিলগে আছিলা; শস্যৰ প্ৰথমে পকা ফলৰ গৰাকি হোৱাৰ দৰে তোমালোক মোৰ আছিলা।

4হে যাকোবৰ বংশ, হে ইস্রায়েলৰ আটাই লোকসকল,

5যিহোৱাই কি কৈছে, সেই বাক্য শুনা: “যিহোৱাই তোমালোকৰ পূৰ্বপুৰুষসকলে কি অন্যায় পালে, যে, তেওঁলোক মোৰ পৰা আঁতৰ হৈ গৈ,

6তেওঁলোকে নকলে, যে, যি জনাই মিচৰ দেশৰ পৰা আমাক উলিয়াই আনিছিল, যি জনাই মৰুভূমিৰ মাজেদি, বালুকাময় আৰু গুহাময় দেশৰ মাজেদি,

7মই তোমালোকক এখন উদ্যানময় দেশলৈ, তাৰ ফল আৰু উত্তম উত্তম বস্তু ভোজন কৰিবলৈ আনিছিলোঁ,

8‘এতিয়া যিহোৱা ক’ত’ বুলি তোমালোকৰ পুৰোহিতসকলে নক’লে, আৰু ব্যৱস্থাত পাৰ্গতলোকে মোক নাজানিলে,

9এই হেতুকে, যিহোৱাই কৈছে, মই তোমালোকৰ লগত আৰু প্ৰতিবাদ কৰিম, আৰু তোমালোকৰ পো-নাতিসকলৰ সৈতেও প্ৰতিবাদ কৰিম।

10কিয়নো, তোমালোকে কিত্তীম দ্বীপবোৰলৈ পাৰ হৈ গৈ চোৱা, আৰু কেদৰলৈ মানুহ পঠোৱা, তাত এনেকুৱা কথা কৈছে নে নাই তাক চোৱা

11যিবোৰ ঈশ্বৰ নহয়, এনে দেৱতাবোৰক কোনো এক জাতিয়ে জানো সলনি কৰিছিল?

12যিহোৱাই কৈছে, হে আকাশ-মণ্ডল, ইয়াত বিস্ময় মানা, ভয়ত নোম শিয়ৰোৱা, অতিশয় তধা লগা।

13কিয়নো মোৰ প্ৰজাসকলে দুটা দোষ কৰিলে; তেওঁলোকে জীৱন্ত জলৰ ভুমুকস্বৰূপ মোক ত্যাগ কৰিলে,

14ইস্ৰায়েল জানো বন্দী? বা তেওঁলোক জানো ঘৰ-ওপজা বন্দী?

15তেন্তে তেওঁলোকে কিয় লুটদ্ৰব্য হৈছে? ডেকা সিংহবোৰে তাৰ ওপৰত গৰ্জ্জিছে, গৰ্জ্জন কৰিছে; সিহঁতে তাৰ দেশ উচ্ছন্ন কৰিলে।

16নোফৰ আৰু তহ্পন্হেচৰ সন্তান সকলেও তোমালোকৰ মূৰৰ তালু টকলা কৰিলে।

17তোমাৰ ঈশ্বৰে তোমাক পথেদি লৈ যোৱা সময়ত তোমাৰ ঈশ্বৰ যিহোৱাক তুমি পৰিত্যাগ কৰাত, তুমি জানো নিজে নিজক ইয়াক ঘটোৱা নাই?

18আৰু এতিয়া চীহোৰ2:18 নীল নদীৰৰ জল পান কৰিবলৈ মিচৰৰ বাটত তোমাৰ কি কাম আছে?

19তোমাৰ নিজ দুষ্টতাই তোমাক শাস্তি দিব, আৰু তোমাৰ অপথে যোৱাই তোমাক ধমকি দিব।

20কিয়নো বহুকাল হ’ল, তুমি তোমাৰ যুৱলি ভাঙিলা;

21তথাপি মই তোমাক উত্তম দ্ৰাক্ষালতা বুলি, সকলোভাবে প্ৰকৃত গুটি বুলি ৰুইছিলোঁ;

22কিয়নো যদিও খাৰেৰে নিজৰ গা ধোৱা, আৰু অনেক চাবোন লগোৱা, তথাপি মোৰ দৃষ্টিত তোমাৰ অপৰাধ দাগস্বৰূপ হৈ থাকিব,

23তুমি কেনেকৈ কব পৰা, যে, মই অশুচি নহওঁ, বালদেৱতাবোৰৰ পাছত চলা নাই?

24তুমি নিজ অভিলাষত বায়ু সুঙি ফুৰা অৰণ্যত অভ্যাস হোৱা এজনী বনৰীয়া গাধৰ নিচিনা; তাই কামাতুৰ হোৱা সময়ত কোনে তাইক ওলোটাব পাৰে?

25তুমি তোমাৰ ভৰি পইজাৰ নোহোৱা হবলৈ, আৰু ডিঙিৰ নলী শুকান হবলৈ নিদিবা।

26চোৰ ধৰা পৰিলে যেনেকৈ সি লাজত পৰে, তেনেকৈ ইস্ৰায়েল বংশই লাজ পাইছে। তেওঁলোক, তেওঁলোকৰ ৰজা, অধ্যক্ষ, পুৰোহিত আৰু ভাববাদীসকলে লাজ পাইছে।

27তেওঁবিলাক প্ৰতিজনে এডোখৰ কাঠক, ‘তুমি মোৰ পিতৃ!’ এইবুলি, আৰু এটা শিলক, তুমি মোক উৎপন্ন কৰিলা ‘তুমি মোৰ মাতৃ!’ এইবুলি কয়;

28তুমি নিজৰ কাৰণে যি দেৱতাবোৰ সাজিলা, তোমাৰ সেই দেৱতাবোৰ ক’ত? সেইবোৰেই উঠি, যদি পাৰে, তেন্তে আপদৰ সময়ত তোমাক নিস্তাৰ কৰক;

29যিহোৱাই কৈছে, তোমালোকে কিয় মোৰ লগত প্ৰতিবাদ কৰিছা? তোমালোক সকলোৱেই মোলৈ বিদ্রোহ আচৰণ কৰিছা?

30মই তোমালোকৰ সন্তান সকলক বৃথা প্ৰহাৰ কৰিলোঁ; তেওঁলোকে শাস্তি নুবুজিলে;

31তেন্তে হে বৰ্ত্তমান কালৰ লোকসকল, তোমালোকে যিহোৱাৰ বাক্য আলোচনা কৰা।

32যুৱতীয়ে জানো নিজৰ অলঙ্কাৰ বা কন্যাই জানো নিজৰ পিন্ধা সাজ পাহৰিব পাৰে?

33তুমি প্ৰেম বিচাৰিবলৈ কেনে সুন্দৰৰূপে নিজ পথ যুগুত কৰিছা।

34তোমাৰ বস্ত্ৰৰ আঁচলতে নিৰ্দ্দোষী দৰিদ্ৰ প্ৰাণীবোৰৰ তেজ পোৱা গৈছে;

35তথপি তুমি কৈছা, মই নিৰ্দ্দোষী, অৱশ্যে মোৰ পৰা তেওঁৰ ক্ৰোধ ঘূৰিল।

36তুমি তোমাৰ পথ সলনি কৰিবৰ মনেৰে কিয় ইমানকৈ ভ্ৰমণ কৰিছা?

37অৱশ্যে তাৰ ওচৰৰ পৰাও মূৰত হাত দি গুচি যাবা;

← যিৰি 1 যিৰি যিৰি 3 →