1তেতিয়া যিহোৱাই মোক ক’লে, “যদিও মোচি আৰু চমূৱেল মোৰ আগত থিয় হয়, তথাপি মোৰ মন এই জাতিলৈ সদয় নহ’ব; তুমি মোৰ আগৰ পৰা তেওঁলোকক বিদায় কৰা, তেওঁলোক ওলাই গুচি যাওঁক।
2আৰু আমি ক’লৈ ওলাই যাম বুলি যেতিয়া তেওঁলোকে ক’ব, তেতিয়া তুমি তেওঁলোকক ক’বা, যিহোৱাই এই কথা কৈছে:
3আৰু যিহোৱাই কৈছে, মই তেওঁলোকক বধ কৰিবলৈ তৰোৱাল, ছিৰিবলৈ কুকুৰ, খাবলৈ আৰু বিনষ্ট কৰিবলৈ আকাশৰ পক্ষী আৰু পৃথিৱীৰ জন্তু, এই চাৰি বিধক মই তেওঁলোকৰ ওপৰত নিযুক্ত কৰিম।
4আৰু হিষ্কিয়াৰ পুত্ৰ যিহূদাৰ ৰজা মনচিয়ে যিৰূচালেমত কৰা কাৰ্যৰ কাৰণে, পৃথিৱীৰ আটাই ৰাজ্যৰ মাজত মই তেওঁলোকক ত্ৰাসৰ বিষয় কৰিম।
5কিয়নো হে যিৰূচালেম, কোনে তোমাক দয়া কৰিব, আৰু তোমাৰ বাবে বিলাপ কৰিব?
6যিহোৱাই কৈছে, তুমি মোক ত্যাগ কৰিলা, তুমি পাছ হুঁহকি গ’লা।
7মই তেওঁলোকক দেশৰ দুৱাৰবোৰত কুলাৰে জাৰিলোঁ।
8মোৰ আগত তেওঁলোকৰ বিধৱাসকল সমুদ্ৰৰ বালিত্কৈয়ো অধিক হৈছে;
9সাত পুত্ৰ প্ৰসৱ কৰা মাতৃয়ে ক্ষীণাই প্ৰাণত্যাগ কৰিলে। দিন থাকোঁতেই তাইৰ বেলি মাৰ গ’ল।
10হায় হায়, হে মোৰ মাতৃ! সমস্ত পৃথিৱীত বিবাদ আৰু কন্দল কৰাকৈ তুমি মোক প্ৰসৱ কৰিলা।
11যিহোৱাই ক’লে: “মই নিশ্চয়ে তোমাক মঙ্গলৰ কাৰণে সবল নকৰিম নে?
12কোনো মানুহে জানো লোহাক গুড়ি কৰিব পাৰে? এনে কি, উত্তৰ দেশীয় লোহা, আৰু পিতল ভাঙিব পাৰে?
13মই তোমাৰ সম্পত্তি আৰু তোমাৰ বহুমুল্য বস্তু বিনামূল্যে লুটদ্ৰব্যস্বৰূপে দিম।
14তেতিয়া শত্রুৱে সৈতে তুমি নজনা দেশলৈ সেইবোৰ নিয়াম,
15হে যিহোৱা, তুমিয়েই জানি আছা! মোক সোঁৱৰণ কৰা, মোলৈ কৃপা দৃষ্টি কৰা। আৰু মোৰ অৰ্থে মোৰ তাড়ণাকাৰীৰ প্ৰতিকাৰ সাধা।
16মই তোমাৰ বাক্যবোৰ পোৱা মাত্ৰকে অতি আগ্ৰহেৰে গ্ৰহণ কৰিলোঁ, আৰু তোমাৰ বাক্যবোৰ মোৰ পক্ষে মোৰ মনৰ আনন্দ আৰু উল্লাসজনক হল,
17মই আমোদকাৰী সকলৰ সভাত বহি উল্লাস কৰা নাই।
18মোৰ বেদনা কিয় চিৰকলীয়া? আৰু মোৰ ঘা কিয় সুস্থ হব নোৱাৰে? সেয়ে ভাল হব নোখোজে?
19এই হেতুকে যিহোৱাই এইদৰে কৈছে: তুমি যদি উলটি আহাঁ, তেন্তে মোৰ আগত থিয় হব পৰাকৈ মই তোমাক আকৌ আনিম।
20মই এই জাতিৰ আগত তোমাক পিতলৰ দৃঢ় গড়স্বৰূপ কৰিম; তেওঁলোকে তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, কিন্তু তোমাক পৰাজয় কৰিব নোৱাৰিব।
21আৰু দুষ্টবোৰৰ হাতৰ পৰা মই তোমাক উদ্ধাৰ কৰিম, আৰু ভয়ানকবোৰৰ হাতৰ পৰা তোমাক মুক্ত কৰিম।”