We Believe JesusFé, Esperança e Nova Vida

যিচ 6

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← যিচ 5 যিচ যিচ 7 →

1উজ্জিয়া ৰজা মৃত্যু হোৱা বছৰত, মই প্ৰভুক উচ্চ আৰু উন্নত সিংহাসনত বহি থকা দেখিলোঁ; তেওঁৰ ৰাজবস্ত্ৰ চোলাৰ পাতলিয়ে গোটেই মন্দিৰ জুৰি লৈছিল।

2তেওঁৰ ওপৰত চিৰাফসকল থিয় হৈ আছিল; তেওঁলোক প্ৰতিজনৰ ছয়খনকৈ ডেউকা আছিল; তাৰ দুখনেৰে নিজৰ মুখ, দুখনেৰে নিজৰ চৰণ ঢাকে, আৰু দুখনেৰে উৰি যায়।

3প্রতিজনে আন জনক মাতি ক’লে,

4আটাহ পাৰা সকলৰ মাতত দুৱাৰ আৰু প্রবেশস্থল কঁপিবলৈ ধৰিছে, আৰু গৃহটি ধোঁৱাৰে পৰিপূৰ্ণ হৈছে।

5মই তেতিয়া কলোঁ,

6তাৰ পাছত সেই চিৰাফসকলৰ মাজৰ এজনে যজ্ঞবেদিৰ পৰা চেপেনাৰে এটুকুৰা জ্বলি থকা আঙঠা হাতত লৈ মোৰ ওচৰলৈ উড়ি আহিল।

7তেওঁ তাৰে মোৰ মুখত স্পৰ্শ কৰি ক’লে,

8মই প্ৰভুৰ মাতে কোৱা শুনিলো, “মই কাক পঠিয়াম, আমাৰ কাৰণে কোন যাব?” তেতিয়া মই ক’লো, “মই ইয়াত আছোঁ, মোক পঠাওক।”

9তেওঁ মোক ক’লে, “যোৱা আৰু সেই লোকসকলক কোৱা,

10এই লোকসকলৰ অন্তৰ অনুভুতিহীন কৰা, তেওঁলোকৰ কাণ কলা কৰা, আৰু তেওঁলোকৰ চকু অন্ধ কৰা;

11তেতিয়া মই সুধিলোঁ, “হে প্ৰভু, কিমান সময়?” তেওঁ উত্তৰ দিলে,

12যিহোৱাই যেতিয়ালৈকে লোকসকলক বহু দূৰলৈ নপঠিয়াই, আৰু দেশ নিৰ্জনতাৰে পৰিত্যক্ত নহ’ব।

13যদিও তাত দহ ভাগৰ এভাগ লোক অৱশিষ্ট থাকিব, তথাপি পুনৰায় তাক ধ্বংস কৰা হ’ব;

← যিচ 5 যিচ যিচ 7 →