1যিহোৱাই এই কথা কৈছে, “মই যি পত্ৰৰ দ্বাৰাই তোমালোকৰ মাতৃক ত্যাগ কৰিলোঁ, তোমালোকৰ মাতৃৰ সেই ত্যাগপত্ৰ ক’ত?
2তাত কোনো এজন নাছিল তথাপি মই কিয় আহিছিলো? কোনো এজনে উত্তৰ দিয়া নাছিল তথাপি মই কিয় মাতিছিলোঁ?
3মই আন্ধাৰেৰে আকাশ আচ্ছাদিত কৰোঁ, আৰু চট কাপোৰেৰে ইয়াক ঢাকি ধৰোঁ।
4মই যেন ক্লান্ত জনক বহন কৰিব পৰা বাক্য ক’ব পাৰোঁ,
5প্ৰভু যিহোৱাই মোৰ কাণ মুকলি কৰিলে;
6প্ৰহাৰ কৰা সকললৈ মই মোৰ পিঠি দিলোঁ,আৰু মোৰ ডাঢ়ি উঘালোঁতাবিলাকলৈ মোৰ গাল পাতি দিলোঁ,
7কাৰণ প্ৰভু যিহোৱাই মোক সহায় কৰিব; সেই বাবে মই অপমানিত নহম;
8যি জনে মোক ন্যায্য বুলি প্রমান কৰিলে যিহোৱা মোৰ ওচৰত আছে; কোনে মোৰ বিৰোধিতা কৰিব? আহাঁ আমি থিয় হওঁ আৰু ইজনে সিজনৰ সন্মুখীন হ’ও।
9চোৱা, প্ৰভু যিহোৱাই মোক সহায় কৰিব; কোনে মোক দোষী কৰিব?
10তোমালোকৰ মাজৰ কোনে যিহোৱাক ভয় কৰা? তেওঁৰ দাসৰ বাক্য কোনে পালন কৰা?
11চোৱা, তোমালোক যিসকলোৱে জুই জ্বলোৱা, আৰু যি জনে নিজকে টর্চলাইটেৰে সজ্জিত কৰা: