We Believe JesusFé, Esperança e Nova Vida

যিচ 3

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← যিচ 2 যিচ যিচ 4 →

1কিয়নো চোৱা, বাহিনীসকলৰ প্রভু যিহোৱাই, যিৰূচালেম আৰু যিহূদাৰ পৰা

2পৰাক্রমী লোক, যুদ্ধাৰু, বিচাৰকৰ্ত্তা, ভাববাদী, মঙ্গল চোৱা লোক আৰু প্রধানলোক,

3পঞ্চাশপতি সন্মানীয় নাগৰিক, পৰামর্শদাতা, দক্ষ শিল্পকাৰ, আৰু নিপুণ মায়াবী, এই সকলো দূৰ কৰিব।

4“মই কেৱল যুৱকসকলক তেওঁলোকৰ অধিপতি নিযুক্ত কৰিম, আৰু যুৱকসকলে তেওঁলোকৰ ওপৰত শাসন কৰিব।

5প্ৰতিজন লোকে ইজনে সিজনৰ পৰা, আৰু নিজৰ চুবুৰীয়াৰ পৰা উপদ্ৰৱ পাব;

6এনে কি, এজন মানুহে নিজৰ ভায়েকক নিজৰ পিতৃৰ ঘৰত ধৰি ক’ব,

7সেই দিনা তেওঁ চিঞৰী ক’ব,

8কাৰণ যিৰূচালেম ধ্বংস হৈছে, আৰু যিহূদা পতিত হৈছে;

9তেওঁলোকৰ মুখ-চোৱা কাৰ্যই তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য দিয়ে, আৰু তেওঁলোকৰ নিজৰ পাপ গোপন নকৰি চদোমৰ দৰে প্ৰকাশ কৰে।

10তোমালোকে ধাৰ্মিক লোকৰ বিষয়ে কোৱা যে, তেওঁলোকৰ মঙ্গল হ’ব, কাৰণ তেওঁলোকে নিজৰ কাৰ্যৰ ফল ভোগ কৰিব।

11দুষ্ট লোকৰ সন্তাপ হ’ব;

12মোৰ লোকসকল! সন্তান সকল তেওঁলোকৰ উপদ্ৰৱকাৰী, আৰু মহিলাসকলে তেওঁলোকৰ ওপৰত শাসন কৰিব।

13যিহোৱাই ন্যায়ালয়ত থিয় হৈছে; তেওঁ তেওঁৰ লোকসকলৰ বিচাৰ কৰিবলৈ থিয় হৈছে।

14যিহোৱাই পৰিচাৰকসকল আৰু লোকসকলৰ অধ্যক্ষসকলৰ বিচাৰত কৈছে,

15বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে,

16যিহোৱাই কৈছে যে, চিয়োনৰ জীয়াৰীসকল অহংকাৰী,

17সেই কাৰণে যিহোৱাই চিয়োনৰ জীয়াৰীসকলৰ মুৰত খজুৱতি ৰোগ দিব, আৰু যিহোৱাই তেওঁলোকক টকলা কৰাব।

18সেই দিনা প্ৰভুৱে তেওঁলোকৰ ধুনীয়া নেপুৰ, মুৰৰ ফিটা, অৰ্ধচন্দ্রকাৰ অলঙ্কাৰ,

19কাণফুলি, খাৰু, ওৰণি,

20কপালি, ভৰিৰ শিকলি, টঙালি, সুগন্ধি দ্ৰব্যৰ টেমা, অমঙ্গল নিবাৰণ কৰা তাবীজ।

21তেওঁ আঙঠি, আৰু নথ সকলো সোলোকাব;

22উৎসৱৰ সাজ, আৱৰণ, ওৰণি, আৰু হাতত লোৱা বেগ,

23হাতত লোৱা দাপোণ, মিহি শন সূতাৰ বস্ত্ৰ, পাগুৰি, আৰু গা ঢকা কাপোৰ, এই সকলো শোভাৰ বস্ত্ৰ কাঢ়ি ল’ব।

24সুগন্ধি দ্রব্যৰ সলনি দুৰ্গন্ধ, আৰু টঙালিৰ সলনি ৰচি,

25তোমালোকৰ পুৰুষসকল তৰোৱালৰ দ্বাৰাই পৰাজিত হ’ব, আৰু তোমালোকৰ পৰাক্রমী লোকসকল ৰণত পৰাজয় হ’ব।

26যিৰূচালেমৰ ৰাজ-দুৱাৰবোৰে ক্ৰন্দন আৰু বিলাপ কৰিব, আৰু তেওঁ অকলশৰে মাটিত বহিব।

← যিচ 2 যিচ যিচ 4 →