1মিচৰৰ বিষয়ে কৰা ঘোষণা।
2“মই মিচৰীয়াসকলৰ বিৰুদ্ধেই মিচৰীয়াসকলক উচটাম; মানুহে নিজৰ ভাইৰ বিৰুদ্ধে, আৰু নিজৰ চুবুৰীয়াৰ বিৰুদ্ধে যুদ্ধ কৰিব;
3মিচৰীয়াসকলৰ আত্মা নিজৰ ভিতৰত দুৰ্ব্বল হ’ব, মই তেওঁলোকৰ মন্ত্র ধ্বংস কৰিম;
4বাহিনীসকলৰ প্রভু যিহোৱাই কৈছে,
5সমুদ্রৰ পানী শুকাই যাব, আৰু নদী শুকাই খালী যাব।
6নদীবোৰ দুৰ্গন্ধযুক্ত হ’ব, আৰু মিচৰৰ নদীৰ পানী কমি শুকাই যাব;
7নীল নদীৰ ঘাট,
8মাছমৰীয়াসকল ক্রন্দন কৰিব, আৰু নদীত বৰশী টুপুৱাসকলে বিলাপ কৰিব,
9শণ সূতা ফনিওৱা কাম কৰাসকল আৰু বগা বস্ত্ৰ বোৱাসকল বিবৰ্ণ হ’ব।
10মিচৰীয়াৰ কাপোৰৰ কাম কৰা লোকসকলক ভগ্ন কৰা হ’ব; আৰু হাজিৰাত কাম কৰাসকলে মনত কষ্ট পাব।
11চোৱনৰ ৰাজকুমাৰ সকল সম্পূৰ্ণ মূৰ্খ, আৰু ফৰৌণৰ সকলোতকৈ জ্ঞানী পৰামৰ্শদাতা সকলৰ মন্ত্রণা জ্ঞানশূন্য হ’ব।
12তেনেহ’লে তোমালোকৰ জ্ঞানীলোক ক’ত?
13চোৱনৰ ৰাজকুমাৰসকল মূৰ্খ হ’ল, নোফ19:13 বা, মেমপিছ নগৰৰ ৰাজকুমাৰ সকল প্ৰতাৰিত হ’ল; তেওঁলোকে মিচৰৰ জাতিবোৰৰ চুকৰ শিল স্বৰূপ, তেওঁলোকে মিচৰীয়াসকলক বিপথগামী কৰিলে।
14যিহোৱাই তেওঁৰ ভিতৰত বিকৃত আত্মা বাকি দিলে,
15মূৰ বা নেগুৰ, খাজুৰ পাত বা খাগৰি তাত কোনো এজনে মিচৰৰ বাবে একো কৰিব নোৱাৰে।
16সেই দিনা, মিচৰীয়াসকল মহিলাৰ দৰে হ’ব; বাহিনীসকলৰ যিহোৱাই তেওঁলোকৰ ওপৰত হাত উঠোৱাৰ বাবে, তেওঁলোকে কঁপিব আৰু ভয় কৰিব।
17যিহূদা দেশ মিচৰীয়াসকলৰ আগত ত্ৰাসৰ কাৰণ হ’ব। মিচৰৰ বিৰুদ্ধে বাহিনীসকলৰ যিহোৱাই কৰা পৰিকল্পনাৰ কাৰণে যেতিয়াই কোনো এজনে তেওঁলোকক সোঁৱৰণ কৰিব, তেতিয়া তেওঁলোকে ভয় কৰিব।
18সেই দিনা কনানীয়া ভাষা কোৱা আৰু বাহিনীসকলৰ যিহোৱালৈ শপত খোৱা পাঁচখন নগৰ হ’ব। এই পাচঁখনৰ এখন সূৰ্যৰ নগৰ নামেৰে প্রখ্যাত হ’ব।
19সেই দিনা মিচৰ দেশৰ মাজত যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী, আৰু সীমাত যিহোৱাৰ উদ্দেশ্যে এটা শিলৰ স্তম্ভ হ’ব।
20সেয়ে মিচৰ দেশত বাহিনীসকলৰ যিহোৱাৰ অৰ্থে এটা চিন আৰু সাক্ষীস্বৰূপ হ’ব। যেতিয়া তেওঁলোকে উপদ্ৰৱকাৰী সকলৰ বাবে যিহোৱাৰ আগত কাতৰোক্তি কৰিব; তেতিয়া তেওঁলোকৰ ওচৰলৈ তেওঁ এজন ত্রানকৰ্ত্তা আৰু উদ্ধাৰকৰ্ত্তা পঠাব, আৰু তেওঁ তেওঁলোকক মুক্ত কৰিব।
21যিহোৱা মিচৰত জনাজাত হ’ব, আৰু সেই দিনা মিচৰীয়াসকলে যিহোৱাক জানিব। তেওঁলোকে বলিদান আৰু উৎসৰ্গৰ সৈতে তেওঁৰ আৰাধনা কৰিব, আৰু যিহোৱাৰ উদ্দেশ্যে সঙ্কল্প কৰিব, আৰু সিদ্ধও কৰিব।
22যিহোৱাই মিচৰক প্রহাৰ কৰিব, আৰু প্রহাৰ কৰি সুস্থ কৰিব; তেওঁলোকে যিহোৱালৈ ঘূৰি আহিব, তাতে তেওঁ তেওঁলোকৰ নিবেদন শুনিব আৰু তেওঁলোকক সুস্থ কৰিব।
23সেই দিনা সেই ঠাইত মিচৰ দেশৰ পৰা অচূৰলৈকে এটা ৰাজপথ হ’ব, তাতে অচূৰীয়া লোকে মিচৰলৈ, আৰু মিচৰীয়া লোকে অচোৰলৈ অহা যোৱা কৰিব; আৰু মিচৰীয়াসকলে অচূৰীয়াসকলৰ সৈতে আৰাধনা কৰিব।
24সেই দিনা মিচৰ আৰু অচূৰৰ সৈতে ইস্রায়েল তৃতীয় হৈ পৃথিৱীৰ মাজত আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব।
25বাহিনীসকলৰ যিহোৱাই তেওঁলোকক আশীৰ্ব্বাদ কৰিব আৰু ক’ব, “মোৰ মিচৰীয়া লোকসকল, মোৰ হাতে কৰা কাৰ্য অচূৰ, আৰু মোৰ আধিপত্য ইস্ৰায়েল আশীৰ্ব্বাদপ্ৰাপ্ত হওক।”