1মৰুপ্রান্তৰ চেলাৰ পৰা চিয়োন-জীয়াৰীৰ পৰ্ব্বতলৈ
2ভ্রমি ফুৰা চৰাই আৰু সিঁচৰিত হৈ থকা বাহঁৰ দৰে,
3“পৰামৰ্শ দিয়া, ন্যায় বিচাৰ কৰা, দুপৰীয়া ৰাতি হোৱাৰ দৰে ছাঁ প্রদান কৰা;
4মোৱাবৰ পৰা অহা শৰণাৰ্থী সকলক তোমালোকৰ লগত বাস কৰিবলৈ দিয়া;
5বিশ্বাসযোগ্য নিয়মেৰে এখন সিংহাসন স্থাপিত হ’ব, আৰু দায়ূদৰ তম্বুৰ পৰা এজন বিশ্বাসী তাত বহিব।
6আমি মোৱাবৰ অহংকাৰ, আৰু তেওঁৰ গৰ্বৰ কথা শুনিলোঁ,
7সেয়ে মোৱাবৰ বাবে মোৱাব প্ৰতিজনে বিলাপ কৰিছে;
8হিচবোনৰ পথাৰবোৰ আৰু চিবমাৰ দ্ৰাক্ষালতা শুকাই গ’ল।
9বাস্তৱিকতে মই চিবমাৰ দ্রাক্ষাবাৰীৰ কাৰণে যাজেৰৰ সৈতে কান্দিম।
10আনন্দ আৰু উল্লাস ফলৱান বাৰীৰ পৰা দূৰ কৰা হ’ব; আৰু তোমাৰ দ্ৰাক্ষাবাৰীবোৰত গান বা আনন্দ ধ্বনি আৰু নহ’ব;
11সেয়ে মোৰ হৃদয়ৰ শ্বাসনিশ্বাস মোৱাবৰ বাবে আৰু মোৰ অন্তৰৰ ভাগবোৰ কীৰ-হেৰচতৰ বাবে এখন বীণাৰ দৰে বাজিছে।
12যেতিয়া মোৱাবে ওখ স্থানত নিজকে পৰিধান কৰিব,
13এয়ে যিহোৱাই মোৱাবৰ বিষয়ে পূৰ্বতে কোৱা বাক্য;
14পুনৰ যিহোৱাই কৈছে, “তিনি বছৰৰ ভিতৰত মোৱাবৰ গৌৰৱ দূৰ কৰা হ’ব; তেওঁৰ অনেক লোকৰ ওপৰিও, তেওঁৰ অৱশিষ্ট ভাগ অতি ক্ষুদ্ৰ আৰু নগণ্য হ’ব।