1অন্যায় বিধি স্থাপন কৰা সকল আৰু অসাধু আজ্ঞা লিখা সকলৰ সন্তাপ হ’ব।
2তেওঁলোকে অভাৱী লোকসকলৰ ন্যায় বিচাৰ বঞ্চিত কৰে, আৰু মোৰ দৰিদ্রলোক সকলৰ স্বত্ব কাঢ়ি লয়,
3বিচাৰৰ দিনা দূৰৰ পৰা যেতিয়া বিনাশ আহিব তেতিয়া তোমালোকে কি কৰিবা?
4একোৱেই অৱশিষ্ট নাথাকিব, আৰু তোমালোক বন্দীসকলৰ মাজত কুঁচিমুচি হৈ বহি থাকিবা বা মৃতলোকৰ মাজত থাকিবা।
5অচূৰৰ লোকসকলৰ সন্তাপ হওক, মোৰ ক্ৰোধৰ দণ্ডডাল, যি দণ্ডডালেৰে মোৰ ক্রোধক মই পৰিচালনা কৰোঁ!
6মই তেওঁক এখন অহংকাৰী দেশৰ বিৰুদ্ধে, আৰু মোৰ প্রচুৰ ক্ৰোধ সহ্য কৰা লোকসকলৰ বিৰুদ্ধে পঠালোঁ।
7কিন্তু তেওঁ মনস্থ কৰা অথবা তেওঁ ভবাৰ দৰে এইটো নহয়।
8কাৰণ তেওঁ কৈছে, “মোৰ সকলো অধিপতি ৰজা নহয় নে?
9কলনো জানো কৰ্কমীচৰ দৰে নহয় নে?
10যি ৰাজ্যবোৰৰ কটা-প্ৰতিমাবোৰ যিৰূচালেম আৰু চমৰিয়াৰ মূৰ্ত্তিবোৰতকৈ উত্তম আছিল, সেই মূৰ্ত্তিপূজক সকলৰ ৰাজ্যবোৰ মোৰ হাতেৰে পৰাজিত কৰিলোঁ।
11যিদৰে মই চমৰিয়া আৰু তেওঁৰ মূল্যহীন মূৰ্ত্তিবোৰক কৰিছিলোঁ,
12যিহোৱাই যেতিয়া চিয়োন পৰ্ব্বত আৰু যিৰূচালেমত তেওঁৰ কাৰ্য সমাপ্ত কৰিব, তেতিয়া তেওঁ ক’ব: “মই ৰজা অচুৰৰ গৰ্ব্বী অন্তৰৰ কথা আৰু অহংকাৰী দৃষ্টিক দণ্ড দিম।”
13কাৰণ তেওঁ কৈছে,
14মোৰ হাতে পক্ষীৰ বাহ জব্দ কৰা দৰে দেশবাসীৰ ধন-সম্পত্তি জব্দ কৰিম,
15কুঠাৰখন ব্যৱহাৰ কৰা জনৰ বিৰুদ্ধে জানো নিজৰ বিষয়ে গৰ্ব্ব কৰিব? কৰতখনে জানো কাটোতা জনতকৈ নিজৰ প্রশংসা কৰিব?
16এই হেতুকে বাহিনীসকলৰ যিহোৱাই সর্বোত্তম যুদ্ধাৰুৰ মাজলৈ দুৰ্বলতা পঠিয়াব;
17যিহোৱাৰ জ্যোতি ইস্ৰায়েলৰ অগ্নিস্বৰূপ হ’ব, আৰু তেওঁৰ পবিত্ৰ জনা অগ্নিশিখা হ’ব;
18যিহোৱাই তেওঁৰ অৰণ্যৰ মহিমা আৰু ফলপ্রসু ভুমি, আত্মা আৰু শৰীৰ দুয়োকে গ্রাস কৰিব;
19তেওঁৰ অৰণ্যৰ অৱশিষ্ট গছ ইমান তাকৰ হ’ব যে, সৰু লৰা-ছোৱালীয়েও তাক গণনা কৰিব পাৰিব।
20সেই দিনা ইস্ৰায়েলৰ অৱশিষ্ট লোক, যাকোবৰ বংশৰ ৰক্ষা পোৱা লোকসকলে, তেওঁলোকক পৰাজিত কৰা সকলৰ ওপৰত আৰু নিৰ্ভৰ নকৰিব; কিন্তু বাস্তৱিকতে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাত, নিৰ্ভৰ কৰিব।
21যাকোবৰ অৱশিষ্ট লোকসকল পৰাক্ৰমী ঈশ্বৰলৈ ঘুৰি আহিব।
22কাৰণ তোমাৰ ইস্রায়েলী লোকসকল সমুদ্ৰতীৰৰ বালিৰ দৰে হ’লেও, তেওঁলোকৰ কেৱল অৱশিষ্ট সকলহে ঘুৰি আহিব। প্রচুৰ ধাৰ্মিকতা দাবী কৰাৰ দ্বাৰাই বিধানত ধ্বংস স্থিৰ কৰা হৈছে।
23কাৰণ বাহিনীসকলৰ প্ৰভু যিহোৱাই সমগ্র পৃথিৱীত ধ্বংস আনিবলৈ সিদ্ধান্ত লৈছে।
24এই হেতুকে বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, হে মোৰ চিয়োন-নিবাসী লোকসকল, যদিও অচুৰে তোমালোকক দণ্ডৰে প্ৰহাৰ কৰিব, আৰু মিচৰনিবাসী সকলে কৰাৰ দৰে তোমালোকৰ বিৰুদ্ধে লাখুটি দাঙিব, তথাপি অচুৰলৈ ভয় নকৰিবা।
25তেওঁলোকক ভয় নকৰিবা, কাৰণ ক্ষন্তেক সময়ৰ পাছতেই তোমালোকৰ বিৰুদ্ধে থকা মোৰ ক্রোধৰ অন্ত পৰিব, আৰু মোৰ ক্ৰোধ তেওঁৰ বিনাশলৈ গতি কৰিব।
26ওৰেবৰ শিলত যেতিয়া মিদিয়নক পৰাজিত কৰিব, তেতিয়া বাহিনী সকলৰ যিহোৱাই তেওঁলোকৰ বিৰুদ্ধে চাবুক ব্যৱহাৰ কৰিব। তেওঁ সাগৰৰ ওপৰত তেওঁৰ লাখুটি দাঙিব, আৰু তেওঁ মিচৰত দঙাৰ দৰে তাক দাঙিব।
27সেই দিনা তোমালোকৰ কান্ধৰ পৰা তেওঁৰ বোজা আৰু তোমাৰ ডিঙিৰ পৰা তেওঁৰ যুৱলি তোলা হ’ব,
28শত্রুবোৰ অয়ৎলৈ আহিল,
29তেওঁলোকে ঠেক পথ অতিক্রম কৰিলে, আৰু গেবাত অস্থায়ীভাৱে থাকিলে।
30হেগল্লীম জীয়াৰী, তুমি জোৰকৈ চিঞৰা! হে লয়িচা, মনোযোগ দিয়া!
31মদমেনা পলৰীয়া;
32এই বিশেষ দিনত তেওঁ নোবত ৰ’ব;
33চোৱা বাহিনী সকলৰ যিহোৱা প্ৰভুৱে ভয়ানক মৰ মৰ শব্দেৰে ডাল কাটি পেলাব;
34যিহোৱাই কুঠাৰেৰে ঘন অৰণ্য কাটি পেলাব, আৰু তেওঁৰ মহত্বত লিবানোন পতিত হ’ব।