We Believe JesusFé, Esperança e Nova Vida

যিহি 2

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← যিহি 1 যিহি যিহি 3 →

1তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, এতিয়া নিজৰ ভৰিত থিয় দিয়া; মই তোমাৰ সৈতে কথা পাতিম।”

2যেতিয়া তেওঁ মোৰে সৈতে কথা পাতি আছিল, তেতিয়া সেই আত্মা2:2 ঈশ্বৰৰ আত্মা ই মোৰ অন্তৰত উদগাই মোক নিজ ভৰিত থিয় কৰোৱালে আৰু তেওঁ কোৱা বাক্য মই শুনিলোঁ।

3তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান2:3 মৰণশীল মানুহ, যি জাতি বিদ্ৰোহী আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলে এই দিনলৈকে মোৰ বিৰুদ্ধে পাপ কৰি আহিছে, সেই ইস্ৰায়েলৰ সন্তান সকলৰ ওচৰলৈ মই তোমাক পঠিয়াম।

4তেওঁলোক আঁকোৰগোজ মুখমণ্ডলৰ আৰু কঠিন হৃদয়ৰ বংশধৰ। মই তোমাক সেই লোকসকলৰ ওচৰলৈ পঠিয়াম। তুমি তেওঁলোকক ক’বা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে’:

5তেওঁলোকে শুনক বা নুশুনক; যিহেতু তেওঁলোক বিদ্ৰোহী বংশধৰ, তথাপিও তেওঁলোকৰ মাজত এজন ভাববাদী যে উপস্থিত হ’ব, সেই বিষয়ে তেওঁলোকে জানিব।

6আৰু তুমি, হে মনুষ্য- সন্তান, তুমি তেওঁলোকলৈ বা তেওঁলোকৰ কথালৈ ভয় নকৰিবা। যদিও তুমি কাঁইটীয়া বন আৰু কাঁইট গছৰ হাবি আৰু কেঁকোৰাবিছাবোৰৰ মাজত থকাৰ দৰে বাস কৰি আছা, তথাপিও তেওঁলোকৰ কথালৈ ভয় নকৰিবা বা তেওঁলোকৰ মুখ দেখি ব্যাকুল নহ’বা, কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।

7যদিও তেওঁলোকে সেই বিষয়ে শুনক বা নুশুনক, কিন্তু তুমি হ’লে মোৰ বাক্য তেওঁলোকক ক’বা, কিয়নো তেওঁলোক অত্যন্ত বিদ্ৰোহী।

8কিন্তু হে মনুষ্য-সন্তান2:8 মৰণশীল মানুহ, তুমি হ’লে মই কোৱা কথা শুনা। সেই বিদ্ৰোহী বংশৰ নিচিনা তুমি বিদ্ৰোহী নহ’বা; তুমি নিজ মুখ মেলা আৰু মই তোমাক যি দিম তাক খোৱা’।”

9তেতিয়া মই চাই দেখিলোঁ যে, মোলৈ এখন হাত মেলা হ’ল; আৰু তাত এখন নুৰিওৱা পুথি আছিল।

10তেওঁ সেই নুৰিওৱা পুথিখন মোৰ আগত মেলি দিলে; সেই পুথিখনৰ আগফালে আৰু পাছফালে দুয়ো পিঠিত লিখা আছিল; তাত বিলাপ, শোক আৰু সন্তাপৰ বিষয়ে লিখা আছিল।

← যিহি 1 যিহি যিহি 3 →