1সেয়ে মই এই সকলো বিষয়ে চিন্তা কৰিলোঁ আৰু দেখিলোঁ যে, ধাৰ্মিক আৰু জ্ঞানী লোকসকল তথা তেওঁলোকৰ সকলো কার্য ঈশ্বৰৰ হাতত। কোনেও নাজানে তেওঁক প্ৰেম কৰা হ’ব নে ঘৃণা কৰা হ’ব।
2সকলোৰে ক্ষেত্রত শেষ পৰিণতি একেই। ভৱিষ্যতে একেই ঘটে। ধাৰ্মিক হওঁক বা দুষ্ট হওঁক, সৎ আৰু বেয়া, শুচি আৰু অশুচি, বলি উৎসর্গ কৰক বা নকৰক সকলোলৈকে একে ঘটে; যেনেদৰে সৎ লোকৰ মৃত্যু হয়, তেনেদৰে পাপীৰো হয়; ঈশ্বৰৰ ওচৰত প্রতিশ্রুতি দিয়াজনৰ যেনেদৰে মৃত্যু হয়, তেনেকৈ প্রতিশ্রুতি দিবলৈ ভয় কৰা জনৰো হয়।
3সূৰ্যৰ তলত যি সকলো কাৰ্য কৰা হয়, তাৰ ভিতৰত অতি দুখৰ বিষয় এয়ে যে, একে দশা সকলোলৈকে ঘটে; মানুহৰ হৃদয়বোৰ দুষ্টতাৰে পৰিপূর্ণ আৰু জীয়াই থাকে মানে তেওঁলোকৰ হৃদয়ত উন্মত্ততা থাকে। তাৰ পাছত তেওঁৰ মৃত্যু হয়।
4সকলো জীৱিত লোকৰ কাৰণে আশা আছে। এই প্রবাদ আছে যে, ‘মৃত সিংহতকৈ জীৱিত কুকুৰেই শ্রেয়’।
5কিয়নো জীৱিত লোকসকলে জানে যে তেওঁলোকৰ মৃত্যু হ’ব। কিন্তু মৃতলোকসকলে একোকেই নাজানে; মৃত লোকে পাবৰ কাৰণে একো পুৰস্কাৰ নাই, কাৰণ তেওঁলোকৰ কথা মানুহে পাহৰি যায়।
6তেওঁলোকৰ প্ৰেম, ঘৃণা আৰু হিংসা সকলো বিলুপ্ত হৈ যায়। সূৰ্যৰ তলত কৰা যিকোনো কাৰ্যত তেওঁলোকৰ পুনৰ কোনো ভাগ নাথাকিব।
7সেয়ে তুমি গৈ আনন্দেৰে নিজৰ আহাৰ ভোজন কৰা আৰু হৰ্ষিত হৃদয়েৰে নিজৰ দ্ৰাক্ষাৰস পান কৰাগৈ; কিয়নো তোমাৰ সকলো কৰ্ম ঈশ্বৰে পূর্বৰে পৰা গ্ৰহণ কৰিলে।
8সকলো সময়তে বস্ত্ৰ বগা বস্ত্র পিন্ধি আৰু মূৰত তেল দি আনন্দ প্রকাশ কৰিবা।
9সূৰ্যৰ তলত ঈশ্বৰে তোমাক এই যি সকলো অস্থায়ী আয়ুসৰ কাল দিছে, তোমাৰ জীৱনৰ সেই সকলো অসাৰ দিনত তোমাৰ ভার্যা, যাক তুমি ভালপোৱা, তেওঁৰে সৈতে আনন্দেৰে জীৱন কটোৱা। কিয়নো সূর্যৰ তলত তোমাৰ জীৱনকালত আৰু তোমাৰ পৰিশ্রমত এয়ে তোমাৰ পাবলগা ভাগ।
10তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই।
11সূর্যৰ তলত মই পুনৰ কিছুমান আমোদজনক বিষয় দেখিলোঁ:
12কোনেও নাজানে তেওঁৰ মৃত্যুৰ সময় কেতিয়া আহিব। যেনেকৈ মাছ নিষ্ঠুৰ জালত পৰে আৰু চৰাইবোৰ ফান্দত ধৰা পৰে, তেনেকৈ বিপদ হঠাতে মানুহৰ ওপৰলৈ আহে আৰু তেওঁক ফান্দত পেলায়।
13মই সূৰ্যৰ তলত প্রজ্ঞা সম্বন্ধে আন এক বিষয় দেখিলোঁ আৰু সেয়ে মোলৈ অতি গুৰুতৰ বোধ হ’ল।
14এখন সৰু নগৰত অতি তাকৰ মানুহ আছিল; এজন শক্তিশালী ৰজাই নগৰখনৰ বিৰুদ্ধে আহি তাক অৱৰোধ আক্রমণ কৰিবলৈ বৰ বৰ কোঁঠ সাজিলে।
15সেই নগৰত এজন জ্ঞানৱান দৰিদ্ৰ মানুহক পোৱা গ’ল; তেওঁ নিজৰ প্ৰজ্ঞাৰ দ্বাৰাই নগৰখন ৰক্ষা কৰিলে; কিন্তু কোনেও সেই দৰিদ্ৰ মানুহজনক সোঁৱৰণ নকৰিলে।
16সেয়ে মই ক’লোঁ, “শক্তিতকৈ প্রজ্ঞা উত্তম; কিন্তু দৰিদ্র লোকৰ প্ৰজ্ঞাক হেয়জ্ঞান কৰা হয় আৰু তেওঁৰ কথা কোনেও নুশুনে।”
17অজ্ঞানীসকলৰ মাজত কৰা এজন শাসনকর্তাৰ গর্জনতকৈ বৰং জ্ঞানৱানৰ শান্ত-সৌম্য কথা শুনা ভাল।
18যুদ্ধৰ অস্ত্ৰ-শস্ত্রতকৈ প্রজ্ঞা উত্তম; কিন্তু এজন পাপীয়ে অনেক ভাল কার্য নষ্ট কৰে।