We Believe JesusFé, Esperança e Nova Vida

উপ 7

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← উপ 6 উপ উপ 8 →

1সুগন্ধি মূল্যৱান তেলতকৈ সুনাম উত্তম,

2ভোজনৰ ঘৰলৈ যোৱাতকৈ শোকৰ ঘৰলৈ যোৱা ভাল;

3হাঁহিতকৈ দুখ ভোগ ভাল।

4জ্ঞানৱানৰ হৃদয় শোকৰ ঘৰত থাকে;

5অজ্ঞানীৰ প্রশংসাৰ গান শুনাতকৈ জ্ঞানৱানৰ তিৰস্কাৰ শুনাই ভাল।

6কেৰাহীৰ তলত জ্বলন্ত কাঁইট খৰিৰ ফুটফুটনি যেনেকুৱা,

7অন্যায়ভাৱে দাবী কৰা জ্ঞানী লোক স্বৰূপেই মূর্খ হৈ যায়;

8কোনো কাৰ্যৰ আৰম্ভণতকৈ তাৰ শেষ ভাল, আৰু অহংকাৰী আত্মাতকৈ ধৈর্যশীল আত্মা ভাল।

9তোমাৰ আত্মাক হঠাৎ খং উঠিবলৈ নিদিবা;

10বৰ্ত্তমান কালতকৈ আগৰ কাল কিয় ভাল আছিল?

11পৈত্ৰিক ধন-সম্পত্তি পোৱাৰ দৰে প্রজ্ঞা বহুমূল্য উত্তম বস্তু।

12কিয়নো ধনৰ দৰে প্ৰজ্ঞায়েও নিৰাপত্তা দান কৰে।

13ঈশ্বৰৰ কাৰ্যবোৰ ভাৱি চোৱা;

14সুখৰ দিনত সুখী হোৱা;

15মোৰ এই অসাৰ জীৱনকালত মই অনেক বিষয় দেখিলোঁ।

16নিজৰ চকুত নিজে অতিৰিক্ত ধাৰ্মিক নহবা বা

17অতিশয় দুষ্ট নহবা, আৰু অজ্ঞানীও নহবা;

18এই জ্ঞানৰ কথা তুমি ধৰি ৰখা ভাল;

19দহজন শাসনকর্তাই এখন নগৰক যিমান শক্তিশালী কৰে, প্রজ্ঞাই এজন জ্ঞানৱানক তাতোকৈ অধিক পৰিমাণে শক্তিশালী কৰে।

20পৃথিৱীত বাস্তৱিক এনে কোনো সৎলোক নাই, যি জনে ভাল কাম কৰে আৰু কেতিয়াও পাপ নকৰে।

21মানুহে কোৱা সকলো কথালৈ কাণসাৰ নিদিবা, হয়তো তোমাৰ দাসে তোমাক শাও দিয়াহে শুনিবা।

22কাৰণ তুমিও তোমাৰ হৃদয়ত জানা যে, তুমি নিজেও আনক অনেকবাৰ সেইদৰে শাও দিছা।

23এই সকলো মই প্ৰজ্ঞাৰ দ্বাৰাই পৰীক্ষা কৰি চাই ক’লোঁ,

24প্রজ্ঞালাভ মোৰ পৰা অতি দূৰৈত আৰু ই অতি গভীৰ। কোনে তাক পাব পাৰে?

25সেইবাবে মই মন স্থিৰ কৰিলোঁ যাতে জ্ঞানৰ লগতে যি সকলো বাস্তৱ ব্যাখ্যাবোৰ আছে,

26মই দেখিলোঁ, মৃত্যুতকৈয়ো তিতা হৈছে স্ত্রী,

27উপদেশকে কৈছে, “চোৱা, মই যি দৃষ্টিগোচৰ কৰিলোঁ, তাক বিবেচনা কৰা।” সকলো কথাৰ অন্তৰালত যি সাৰ আছে, তাক উলিয়াবলৈ মই এটাৰ পাছত এটাকৈ বিচাৰ কৰি কিছুমান বিষয় জানিব পাতিলোঁ।

28মোৰ প্ৰাণে যি বিচাৰিছে, তাক মই এতিয়াও পোৱা নাই; হাজাৰজনৰ মাজত এজনহে সৎ পুৰুষ পালোঁ, কিন্তু তেওঁলোকৰ মাজত এগৰাকী স্ত্রীকো সৎ দেখা নাপালোঁ।

29কেৱল ইয়াকেহে মই জানিব পাতিলোঁ যে, ঈশ্বৰে মানুহক সৰল কৰি স্ৰজন কৰিছিল, কিন্তু মানুহ নানা যুক্তিৰ আলম লৈ অবাটে গ’ল।

← উপ 6 উপ উপ 8 →