1পুনৰ মই সূৰ্যৰ তলত যি সকলো উপদ্রৱ হয়, সেইবোৰলৈ এবাৰ চালোঁ।
2সেয়ে মই ভাবিলোঁ, যিসকল বৰ্ত্তমান জীয়াই আছে,
3কিন্তু এই দুজনতকৈ সেইজন বেছি সৌভাগ্যশালী যিজনৰ এতিয়াও জন্ম হোৱা নাই আৰু
4তাৰ পাছত মই দেখিলোঁ, সকলো পৰিশ্রমৰ কার্য আৰু সকলো দক্ষ কার্যক্ষম এজন লোকৰ প্রতি আন জনৰ হিংসাভাৱ থকাৰ পৰাই হয়। ইয়ো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়।
5অজ্ঞান লোকে হাত সাৱটি একো নকৰাকৈ থাকে,
6বতাহক ধৰাৰ চেষ্টা কৰি পৰিশ্রমেৰে দুই মুঠি লাভ কৰাতকৈ শান্তিৰে সৈতে এমুঠি পোৱাই অনেক ভাল।
7পাছত মই পুনৰ সূৰ্যৰ তলত অসাৰতা দেখিলোঁ।
8কোনো এজন মানুহ একেবাৰে অকলশৰীয়াকৈ থাকে,
9এজনতকৈ দুজন ভাল, কিয়নো তেওঁলোকৰ পৰিশ্ৰমৰ দ্বাৰাই অনেক সুফল হয়।
10কাৰণ তেওঁলোকৰ এজন যদি পৰে, তেন্তে তেওঁৰ সঙ্গীয়ে তেওঁক তুলিব পাৰে।
11তাৰ উপৰি দুজনে একেলগে শুলে উম পায়;
12যিজন অকলশৰীয়া তেওঁ সহজে পৰাজয় হ’ব পাৰে,
13এজন অজ্ঞান বৃদ্ধ ৰজা, যিজনে কোনো সতর্কবাণীলৈ কাণ নিদিয়ে আৰু নুবুজেও, তেনে ৰজাতকৈ বৰং দৰিদ্র অথচ জ্ঞানী যুবকেই শ্রেয়।
14সেই যুবক দেশৰ ৰজা হ’বলৈ কাৰাগাৰৰ পৰাও ওলাই আহিব পাৰে নাইবা তেওঁ নিজৰ ৰাজ্যৰ এক দৰিদ্র পৰিয়ালতো জন্ম গ্রহণ কৰিব পাৰে।
15মই দেখিলোঁ যে, যি সকলো জীয়াই আছিল অর্থাৎ সূর্যৰ তলত চলা-ফুৰা কৰি আছিল, তেওঁলোকে সেই বৃদ্ধ ৰজাজনৰ পদত অধিষ্ঠিত হোৱা যুবক ৰজাজনক অনুসৰণ কৰি চলিল।
16এই নতুন ৰজাই নেতৃত্ব দিয়া লোকসকলৰ সীমা নাছিল; কিন্তু পাছত তেওঁলোকৰ অনেকেই তেওঁৰ ওপৰত সন্তুষ্ট নাছিল। ইও অসাৰ, আৰু কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ নিচিনা হয়।