We Believe JesusFé, Esperança e Nova Vida

উপ 12

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← উপ 11 উপ

1বৃদ্ধকালৰ দুখ-কষ্টৰ দিন আৰু বছৰবোৰ অহাৰ আগেয়েই তুমি যৌৱন কালতেই তোমাৰ সৃষ্টিকর্তাক সোঁৱৰণ কৰা; সেই দিনবোৰত তুমি ক’বা, “জীয়াই থকাত মই আৰু সন্তোষ নাপাওঁ।”

2সূর্য, চন্দ্র আৰু তৰাবোৰৰ জ্যোতি তোমাৰ ওচৰত অন্ধকাৰ হৈ অহাৰ আগেয়েই, বৰষুণৰ পাছতেই পুনৰায় ক’লা ডাঁৱৰ অহাৰ আগেয়েই তুমি সৃষ্টিকর্তাক সোৱঁৰা।

3সেই সময়ত তোমাৰ ঘৰৰ প্রহৰী কঁপিব, শক্তিশালী লোক কুঁজা হৈ যাব, যি সকল তিৰোতাই জাঁত পিহে, তেওঁলোক তাকৰ হোৱাৰ বাবে পিহিবলৈ এৰিব আৰু খিড়িকিয়েদি চোৱাজনে স্পষ্টকৈ দেখা নাপাব।

4সেইসময়ত বাটৰ ফালৰ দুৱাৰ বন্ধ হ’ব, জাঁত পিহাৰ শব্দও বন্ধ হৈ যাব, এটি চৰাইৰ মাততে মানুহ চমকি সাৰ পাব, গায়িকাসকলৰ কণ্ঠৰ সুৰ কমি যাব।

5সেই সময়ত মানুহে ওখ ঠাইত উঠি যাবলৈ ভয় খাব আৰু বাটত থকা বাধা-বিঘিনিৰ ওপৰেদি খোজ কাঢ়ি যাবলৈ ভয় খাব। তেতিয়া বাদাম গছত বগা ফুল ফুলিব, ফৰিঙৰ দৰে নিজকে টানি টানি খোজ কাঢ়িব, স্বাভাৱিক কামনা-বাসনা উত্তেজিত নহ’ব। তাৰ পাছতে মানুহ নিজৰ অনন্তকালৰ ঘৰলৈ গুছি যায় আৰু বিলাপকাৰীসকল শোভাযাত্রাৰ পথলৈ নামি যায়।

6সেয়ে ৰূপৰ তাঁৰ ছিঙি যোৱাৰ পূর্বেই বা সোনৰ পাত্র ভাঙি যোৱাৰ পূর্বেই, নিজৰাৰ কাষত কলহ চূর্ণ-বিচূর্ণ হোৱাৰ পূর্বেই তোমাৰ সৃষ্টিকর্তাক সোঁৱৰণ কৰা।

7মাটিৰ পৰা অহা ধুলি মাটিলৈ ঘূৰি যোৱাৰ পূর্বেই আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি যোৱাৰ পূর্বেই তুমি যৌৱন কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।

8উপদেশকে কৈছে, অসাৰৰ অসাৰ, সকলোৱেই অসাৰ।

9উপদেশক নিজে জ্ঞানী আছিল আৰু তেওঁ লোকসকলকো জ্ঞানৰ শিক্ষা দিছিল। তেওঁ চিন্তা কৰি আৰু পৰীক্ষা কৰি অনেক নীতিবচন ৰচনা কৰিছিল।

10উপদেশকে সত্যৰ ন্যায় বচন প্রাণৱন্ত ৰূপত ব্যৱহাৰ কৰি লিখিবলৈ বিচাৰিছে।

11জ্ঞানী লোকসকলৰ কথা ৰখীয়াৰ তীক্ষ্ন লাঠিডালৰ নিচিনা। তেওঁলোকৰ কথাবোৰ একত্রিত কৰিলে ভাব হয়, সেইবোৰ গভীৰলৈকে হানি যোৱা গজালৰ নিচিনা। সেই সকলো এজন ৰখীয়া12:11 ‘এজন ৰখীয়া’ মানে হ’ল ‘চলোমনৰ ঈশ্বৰ’ৰ দ্বাৰাই দিয়া হৈছে।

12হে মোৰ বোপা, তুমি সতৰ্ক হোৱা; অনেক পুথি লিখাৰ শেষ নাই। অধিক অধ্যয়নে শৰীৰক ক্লান্ত কৰে।

13সকলোবোৰতো শুনা হ’ল: এতিয়া আহাঁ, আমি সকলোৱে সাৰ কথা শুনো। ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞা সমূহ পালন কৰা; কিয়নো মানুহৰ সকলো কৰ্তব্য এয়ে।

14ঈশ্বৰে ভাল কি বেয়া আটাইবোৰ গুপুত বিষয়ৰে সৈতে সকলো কৰ্মকে বিচাৰ স্থানলৈ আনিব।

← উপ 11 উপ